• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশৰ হৃদপিণ্ডত ক’ৰ’নাৰ বজ্ৰাঘাত: এদিনতে আক্ৰান্ত ১৭ হাজাৰৰো অধিক লোক

বিবাহ ভৱনো ৰূপান্তৰিত কৰা হৈছে কোভিড চিকিৎসালয়লৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 15, 2021 6:38 am
india-covid-1

প্ৰতিনিধিত্বমূলক ফটো।

276
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাই এতিয়া দেশৰ ১১ খন ৰাজ্যত মহাসংহাৰৰ সৃষ্টি কৰিছে।

দেশৰ ৰাজধানী চহৰ দিল্লীত মাত্ৰ এটা দিনৰ ভিতৰতে ক’ৰ’নাথ আক্ৰান্ত হৈছে ১৭ হাজাৰৰো অধিক লোক।

ৰাজধানী চহৰ খনত এতিয়া ক’ৰ’নাত আক্ৰান্ত মুঠ লোকৰ সখ্যা হৈছেগৈ ৭ লাখ ৩৬ হাজাৰ ৭৮৮ গৰাকী।দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে লেফটেনেণ্ট গভৰ্নৰ অনিল বাইজালৰ উপৰি ৰাজ্য খনৰ শীৰ্ষ বিষয়াবৰ্গৰ সৈতে ক’ৰ’না পৰিস্থিতি সন্দৰ্ভত ঘনাই বৈঠকত মিলিত হৈছে।

দিল্লীৰ ১৪ খন চিকিৎসালয়ত কোভিড ৰোগীৰ চিকিৎসাৰ বাবে ৩,৫৫৩ খন বিচনা সাজু কৰি তোলা হৈছে।

ৰাজধানী চহৰ খনৰ সকলো বিবাহ ভৱন,বহু বিদ্যালয়, ক্ৰীড়া প্ৰকল্প আদি কোভিড চিকিৎসালয়লৈ ৰূপান্তৰিত কৰা হৈছে।

দিল্লীত নৈশ সান্ধ্য আইন বলবৎ হৈ থকাৰ লগতে বিয়া আদি অনুষ্ঠানত ৫০ গৰাকী আৰু মৃতকৰ সৎকাৰত ২০ গৰাকী লোকক উপস্থিত থকাৰ অনুমতি দিয়া হৈছে।

উল্লেখ্য দেশত কোনোমতে নিয়ন্ত্ৰণত আনিব পৰা হোৱা নাই কৰ’নাৰ সংক্ৰমণ। কৰ’নাত আক্ৰান্তৰ সংখ্যা তীব্ৰ গতিত বৃদ্ধি পাইছে। যোৱা ২৪ ঘন্টাত ভাৰতত কৰ’না আক্ৰান্তৰ সংখ্যাই দেশৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে।

বিগত ২৪ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৮৪ হাজাৰতকৈয়ো অধিক লোক। সেইদৰে মৃত্যুৰ সংখ্যাও এহাজাৰ অতিক্ৰম কৰিছে। দেশত প্ৰথমবাৰৰ বাবে সক্ৰিয় ৰোগীৰ সংখ্যা লক্ষাধিক হৈছে।

সংক্ৰমণ ৰোধৰ বাবে কেইখনমান ৰাজ্যত জাৰি কৰা হৈছে নিশাৰ সান্ধ্য আইন। আনকি মহাৰাষ্ট্ৰত জাৰি কৰা হৈছে জনতা কাৰ্ফিউ।

বুধবাৰে পুৱা সদৰী কৰা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত দেশত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা হৈছে ১লাখ ৮৪ হাজাৰ ৩৭২জন। এইটো পূৰ্বৰ দিনৰ তুলনাত প্ৰায় ২৩ হাজাৰ অধিক।

সেইদৰে যোৱা ২৪ ঘন্টাত কৰ’নাত মৃত্যু হৈছে ১,০২৭জন লোকৰ।

এতিয়ালৈকে দেশত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা হৈছে ১কোটি ৩৮ লাখ ৭৩ হাজাৰ ৮২৫ জন লোক।

সেইদৰে স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত মুঠ মৃত্যুৰ সংখ্যা হৈছেগৈ ১ লাখ ৭২ হাজাৰ ৮৫ জন ।

আনহাতে, বিগত ২৪ ঘন্টাত দেশত ৮২ হাজাৰ ৩৩৯ জন লোকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে।

দেশত এতিয়ালৈকে মুঠ ১ কোটি ২৩ লাখ ৩৬হাজাৰ ৩৬ জন লোকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে।

সেইদৰে, দেশত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৩ লাখ ৬৫হাজাৰ ৭০৪জন।

ইপিনে, দেশত এতিয়ালৈকে মুঠ ১১ কোটি ৭৯ লাখ ৩৩ হাজাৰ ৫৭৮ জন লোকক ভেকচিন প্ৰদান কৰা হৈছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd