NORTHEAST NOW (Assamese)

গুণোৎসৱ : তামুলপুৰত একেটা শ্ৰেণী কোঠাতে চলিছে প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান

May 15, 2022 1:01 pm · দীপক কুমাৰ পাঠক, তামুলপুৰ

এফালে গুণগত শিক্ষাৰ মানদণ্ড বৃদ্ধিৰ বাবে বিদ্যালয়ে বিদ্যালয়ে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ গুণোৎসৱ, আনফালে চৰকাৰী শিক্ষানুষ্ঠানৰ পুতৌ লগা অৱস্থাই সচেতন নাগৰিকক চিন্তিত কৰি তুলিছে।

ৰাজ্যত গুণোৎসৱ চলি থকাৰ সময়তে নৱ গঠিত তামুলপুৰ জিলাৰ অন্তৰ্গত গোৰেশ্বৰ শিক্ষা খণ্ডৰ অধীনৰ ২ নং পূৱ দ্বাৰকুছি আদৰ্শ বিদ্যালয়ৰ এক দুখ লগা ছবিয়ে বহুতোক স্তম্ভিত কৰি তুলিছে।

বিদ্যালয়খনৰ গৃহৰ ফুটি থকাৰ ফলত টিনৰ চালিৰে বৰষুণৰ পানী সৰকি পৰে। ফলত বৰষুণত তিতি বুৰিয়েই ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছে।

বিদ্যালয়খনৰ জৰাজীৰ্ণ এটি গৃহতে চলিছে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান।

কেৱল সেয়াই নহয়,এজন শিক্ষকৰে চলিছে ২ নং পূৱ দ্বাৰকুছি আদৰ্শ প্ৰাথমিক বিদ্যালয়খন।

বিটিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ গৃহ সমষ্টি আৰু ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ সমষ্টিৰ এই বিদ্যালয় খনত কণ কণ ছাত্ৰ- ছাত্ৰীয়ে বৰষুণত তিতি বুৰি একেটা শ্ৰেণী কোঠাতে কেইবাটাও শ্ৰেণীৰ পাঠ গ্ৰহণ কৰিবলগীয়া হোৱাৰ কথাই ৰাজ্যৰ শিক্ষা বিভাগৰ পয়া লগা ছবি খনকে পুনৰবাৰ উদঙাই দিছে।

Related News