আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টিৰাপ-জাগুন আৰু পেঙেৰী-বৰডুমচা আঞ্চলিক সমিতিয়ে আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
উল্লেখ্য যে অসম-অৰুণাচলৰ বৰডুমচাত পৰিষদৰ জিলাৰ সভাপতি সুৰজিৎ মৰাণ আৰু জাগুনৰ নামচিক গেটত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত পৰিষদৰ জিলা সমিতিৰ সম্পাদক কাঞ্চন বৰা, উপদেষ্টা সঞ্জীৱ উলুপসহ শতাধিক কৰ্মী উপস্থিত থাকে ৷
আজিৰ প্ৰতীকী কাৰ্যসূচীত উত্তৰ পূব ভাৰতৰ কেউখন ৰাজ্যতে আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা আছে বুলি উনুকিয়াই আৰ্থ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি সকলো দিশতে আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনে অসমত অসমীয়া জাতিক সুৰক্ষিত কৰিব বুলি পৰিষদৰ নেতৃবৃন্দই মন্তব্য মন্তব্য কৰে।
বৰ্তমান চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰাম এই তিনি ৰাজ্যত এই ব্যৱস্থা প্ৰৱৰ্তনৰ জৰিয়তে অবৈধ লোকৰ আগ্ৰাসন ৰোধ কৰি জাতীয় দায়বদ্ধতাৰ পৰিচয় দিয়া বুলি মন্তব্য কৰি উল্লিখিত ৰাজ্যসমূহৰ অনুৰূপ নীতিকে অসমৰ ক্ষেত্ৰতো ৰূপায়িত কৰিবলৈ প্ৰতিবাদী সংগঠনটোৱে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক দাবী জনায়।
আনহাতে এই দাবীতে কাইলৈ অৰ্থাৎ ৩০ ছেপ্টেম্বৰত মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে এক জোঁৰ সমদল কাৰ্যসূচীৰ ৰূপায়ণ কৰিব বুলি মাৰ্ঘেৰিটা আঞ্চলিকৰ সমিতিৰ সভাপতি বিমল সিঙে জানিবলৈ দিয়ে।