DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্বায়ত্ত শাসিত ৰাজ্য গঠনৰ দাবীত প্ৰধান মন্ত্ৰীলৈ স্মাৰকপত্ৰ কেইবাটাও ছাত্ৰ সংগঠনৰ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
December 16, 2018 2:26 pm
Dima Hasao

ফটো : নৰ্থ-ইষ্ট নাও

1.7k
VIEWS
Share on FacebookShare on Twitter

ডিমা হাচাও আৰু কাৰ্বি আংলং জিলাক সামৰি সুকীয়া স্বায়ত্ত শাসিত ৰাজ্য গঠনৰ লগতে ষষ্ঠ অনুসূচিত বড়ো জনগোষ্ঠীক পার্বত্য জনগোষ্ঠীৰ মৰ্যাদা দিয়াৰ প্ৰস্তাব বাতিলৰ দাবীত শনিবাৰে ডিমাচা ষ্টুডেণ্ট য়ুনিয়ন, মাৰ ষ্টুডেণ্ট এছ’চিয়েশ্যন, বেইটে ষ্টুডেণ্ট এছ’চিয়েশ্যন, খাচি ষ্টুডেণ্ট য়ুনিয়ন আদি সংগঠনে ডিমা হাচাও জিলাৰ উপায়ুক্তৰ যোগেদি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

‘উত্তৰ কাছাৰ পাৰ্বত্য জিলা আৰু কাৰ্বি আংলং জিলাক সামৰি এখন সুকীয়া স্বায়ত্ত শাসিত ৰাজ্য গঠনৰ দাবী দুই পাহাৰীয়া জিলাৰ ৰাইজৰ দীৰ্ঘ দিনীয়া দাবী। ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচিৰ ২৪৪( ক ) ধাৰাৰ অধীনত স্বায়ত্ত শাসিত ৰাজ্য গঠনৰ আন্দোলন চলি আহিছে’। এইদৰে কয় ছাত্ৰ সংগঠনকেইটাই।

স্মাৰকপত্ৰত ছাত্ৰ সংগঠনকেইটাৰ ফালৰ পৰা উল্লেখ কৰা হয় যে ২০১৪ চনৰ ৬ এপ্ৰিলত কাৰ্বি আংলংৰ বকুলিয়াঘাটত বৰ্তমানৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা বৰ্ষীয়ান বিজেপি নেতা ৰাজনাথ সিঙে নিৰ্বাচনী প্ৰচাৰত আহি ভাষণত কৈছিল যে বিজেপি দল ক্ষমতাত আহিলে দুই জিলাৰ সংবিধানিক দাবিৰ প্ৰতি চৰকাৰে গুৰুত্ব আৰোপ কৰিব।

ইয়াৰ উপৰি ২০১৬ চনত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰিয়েও একে ধৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ উপৰি ২৪৪ ( ক ) ধাৰা বাস্তৱায়নৰ কথা কৈছিল। কিন্তু আজি কোপতি কোনো চৰকাৰেই পাৰ্বত্যবাসীৰ দাবীৰ প্ৰতি গুৰুত্ব আৰোপ কৰা নাই। সেয়ে প্ৰধান মন্ত্ৰী কাৰ্যালয়ে যাতে বিষয়টোত গুৰুত্ব দিয়ে তাৰ বাবে এই স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে।

ইয়াৰ উপৰি বি এল টি চুক্তি অনুসৰি ডিমা হাচাও আৰু কাৰ্বি আংলঙত বসবাস কৰা বড়ো সকলক পার্বত্য জনগোষ্ঠীৰ মৰ্যাদা দিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱ বাতিলৰ বাবে ছাত্ৰ সংগঠনকেইটাই দাবী জনায়।

উল্লেখ্য যে ডিমাচা ষ্টুডেণ্ট য়ুনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি চিদুত নাইডিঙ, সাধাৰণ সম্পাদক প্ৰমিত চেঙগুইন,  মাৰ ষ্টুডেণ্ট এছ’চিয়েশ্যনৰ সভাপতি জন মাৰ্ক পেনা, সম্পাদক জেমছ চেলাটে, খাচি ষ্টুডেন্ট য়ুনিয়নৰ সভাপতি হেনৰি টি ধৰ, সম্পাদক বিলাভছন ড’মে, বেইটে ষ্টুডেণ্ট এছ’চিয়েশ্যনৰ সভাপতি বেঞ্জিল নাম্পুই, সম্পাদক ডেভিড এল নাম্পুই স্মাৰকপত্ৰত স্বাক্ষৰ কৰে।

Recent News

Swara Bhasker

অভিনেত্ৰী স্বাৰা ভাস্কৰলৈ মৃত্যুৰ ভাবুকি: সাভাৰকাৰক অপমান নকৰিবলৈ সকীয়নি

Bumrah selected as test captain

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টৰ পৰা বাহিৰ ৰোহিত শৰ্মা: বুমৰাহৰ কান্ধত অধিনায়কৰ দায়িত্ব

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd