• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাম্ৰাজ্য বিস্তাৰৰ ভাৱনা! ট্ৰাম্পৰ মন্তব্যৰ পিছতে গ্ৰীণলেণ্ডত প্ৰতিৰক্ষা ব্যয় বৃদ্ধি কৰিলে ডেনমাৰ্কে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 25, 2024 12:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ গ্ৰীণলেণ্ড দ্বীপ ক্ৰয়ৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। ট্ৰাম্পৰ এই বক্তব্যৰ পিছতে ডেনমাৰ্ক চৰকাৰে গ্ৰীণলেণ্ডৰ প্ৰতিৰক্ষা ব্যয় বৃদ্ধিৰ কথা ঘোষণা কৰিছে।

মঙলবাৰে (২৪ ডিচেম্বৰ) ডেনমাৰ্কৰ প্ৰতিৰক্ষা মন্ত্ৰী টলছ ল’ন পাউচেনে কয় যে এই পেকেজ ক্ৰ’নাত “এহাজাৰ বিলিয়নতকৈও অধিক”। যিটো কমেও ডেৰ বিলিয়ন ডলাৰৰ সমতুল্য। তেওঁ প্ৰতিৰক্ষা ব্যয় বৃদ্ধিৰ এই সময়ক ‘ভাগ্যৰ পৰিহাস’(Irony of fate) বুলি অভিহিত কৰে।

Apply Now

ইয়াৰ পূৰ্বে ট্ৰাম্পে নিজৰ মালিকানাধীন ছ’চিয়েল মিডিয়া চাইট ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত লিখিছিল যে, সমগ্ৰ বিশ্বৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু স্বাধীনতাৰ বাবে আমেৰিকাই গ্ৰীনলেণ্ডৰ মালিকীস্বত্ব আৰু নিয়ন্ত্ৰণক ‘এটা প্ৰয়োজনীয়তা’ বুলি গণ্য কৰে।

ডেনিছ চৰকাৰে ঘোষণা কৰা পেকেজত দুখন নতুন পৰিদৰ্শন জাহাজ, দুখন দীৰ্ঘ দূৰত্বৰ ড্ৰ’ন আৰু দুটা ডগ স্লেজ দলৰ বাবে ধন আগবঢ়োৱা হ’ব। গ্ৰীনলেণ্ডৰ ন্যুক চহৰত আৰ্কটিক কমাণ্ডৰ কৰ্মীৰ সংখ্যা বৃদ্ধিৰ বাবে আৰু গ্ৰীনলেণ্ডৰ তিনিটা মূল অসামৰিক বিমানবন্দৰৰ ভিতৰত এটাক এফ-৩৫ যুঁজাৰু বিমান চম্ভালিব পৰাকৈ উন্নীত কৰাৰ বাবেও ধন আবণ্টন দিয়া হ’ব।

পাউচেনে কয় যে বহু বছৰ ধৰি আমি আৰ্কটিকত পৰ্যাপ্ত বিনিয়োগ কৰা নাই, এতিয়া আমি তাত অধিক শক্তিশালী উপস্থিতি গঢ়ি তোলাৰ পৰিকল্পনা কৰিছো।

অৱশ্যে গ্রীনলেণ্ডক লৈ ট্রাম্পে কৰা এনে মন্তব্য প্রথমবাৰৰ বাবে নহয়৷ ২০১৯ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গ্ৰীণলেণ্ড ক্ৰয় কৰাৰ প্ৰস্তাৱ দিয়াৰ সময়ত ডেনিছ নেতাসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। সেই সময়ত ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডেৰিকচেনে এই ধাৰণাটোক “অবাস্তৱ” বুলি অভিহিত কৰিছিল। ইয়াৰ পিছতে ট্ৰাম্পে ডেনমাৰ্কৰ ৰাষ্ট্ৰীয় ভ্ৰমণ বাতিল কৰিছিল।

সেই সময়ত ট্ৰাম্পৰ মন্তব্যৰ পিছত গ্ৰীনলেণ্ডৰ প্ৰধানমন্ত্ৰী ম্যুট এগেডে কয় যে আমি ইয়াক বিক্ৰী কৰা নাই। কিন্তু সহযোগিতা আৰু বাণিজ্যৰ ক্ষেত্ৰত তেওঁ চুবুৰীয়া দেশৰ সৈতে সহযোগিতামূলক আচৰণৰ আহ্বান জনায়।

গ্ৰীণলেণ্ড ক্ৰয় কৰাৰ প্ৰস্তাৱ দিয়া ট্ৰাম্প প্ৰথমজন আমেৰিকাৰ ৰাষ্ট্ৰপতি নহয়; ১৮৬০ চনত ৰাষ্ট্ৰপতি এণ্ড্ৰু জনছনে এই ধাৰণাটোৰ প্ৰথম প্ৰস্তাৱ দিছিল।

গ্ৰীণলেণ্ড ডেনমাৰ্কৰ এটা স্বায়ত্তশাসিত অঞ্চল। বিশ্বৰ আটাইতকৈ ডাঙৰ এই দ্বীপটোত আমেৰিকাৰ মহাকাশ কাৰ্যসূচীৰ সকলো ডাঙৰ সুবিধা আছে। আমেৰিকাৰ বাবে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ এই দ্বীপটো উত্তৰ আমেৰিকাৰ পৰা ইউৰোপলৈ যোৱা আটাইতকৈ চুটি জলপথত অৱস্থিত। দ্বীপটোত উল্লেখযোগ্য খনিজ মজুত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd