টীম ইণ্ডিয়াৰ নিৰ্ভৰযোগ্য খেলুৱৈ ৰবীন্দ্ৰ জাদেজাই শনিবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে আকৰ্ষণীয় অৰ্ধ শতকীয় ইনিংছ খেলে আৰু ৭৩টা বলত ৫৫ৰাণ কৰে।
অৱশ্যে সেয়া দলৰ বিজয়ৰ বাবে পৰ্যাপ্ত নহ’ল। তথাপি জাদেজাই মহেন্দ্ৰ সিং ধোনা আৰু কপিল দেবৰ দৰে প্ৰসিদ্ধ খেলুৱৈৰ অভিলেখ ভংগ কৰে।
জাদেজাই ৭নম্বৰত বেটিং কৰিবলৈ আহি সপ্তমবাৰৰ বাবে অৰ্ধ শতক অৰ্জন কৰে। তেওঁ ৭নম্বৰ স্থানত বেটিং কৰি সৰ্বাধিক অৰ্ধ শতক অৰ্জন কৰা ভাৰতীয় খেলুৱৈ হিচাপে স্থান লাভ কৰিলে।
কপিল দেব আৰু মহেন্দ্ৰ সিং ধোনীৰ নামত এই স্থানত বেটিং কৰি ছয়টাকৈ অৰ্ধ শতক অৰ্জন কৰাৰ অভিলেখ আছিল।
শ্ৰেয়াস আয়াৰ, ৰবীন্দ্ৰ জাদেজা আৰু নবদীপ সৈনীয়ে বেটেৰে সংগ্ৰাম কৰিও শনিবাৰে অকলেণ্ডৰ ইডেন পাৰ্কত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতক বিজয়ী কৰিব নোৱাৰিলে।
টীম ইণ্ডিয়াক ২২ ৰাণত পৰাজিত কৰি কিৱি দলে তিনিখনীয়া এদিনীয়া মেচৰ ছিৰিজটো ২-০ৰ ব্যৱধানত হস্তগত কৰে।
প্ৰথমে বেটিং কৰি নিউজিলেণ্ডৰ দলটোৱে মাৰ্টিন গুপ্টিল (৭৯) আৰু ৰোছ টেইলৰৰ (অপৰাজিত ৭৩) সহায়ত ভাৰতক ২৭৪ ৰাণৰ লক্ষ্য বান্ধি দিয়ে।
প্ৰত্যুত্তৰত ভাৰতীয় বেটছমেনসকল ব্যৰ্থ হোৱাই নহয় ৪৮.৩ অভাৰতে গোটেই দলটো ২৫১ ৰাণত আউট হৈ যায়।
আলহী দলটোৰ হৈ শ্ৰেয়াস আয়াৰে ৫৭টা বলত ৫২ ৰাণৰ ইনিংছ এটা খেলে। নিম্ন ক্ৰমত জাদেজা আৰু সৈনীয়ে অষ্টম উইকেটৰ যুটীত ৭৬ ৰাণৰ ইনিংছ খেলি দলক বিজয়ী কৰাৰ সংগ্ৰাম কৰে।
অৱশেষত দুয়ো নিজৰ লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হয়। জাদেজা ৫৫ ৰাণ কৰাৰ বিপৰীতে সৈনীয়ে ৪৫ ৰাণ কৰে।