NORTHEAST NOW (Assamese)

“যিমানেই হেঁচা নাহক আমি সিদ্ধান্তত অটল”, CAA সন্দৰ্ভত প্ৰধান মন্ত্ৰী মোদী

February 16, 2020 6:14 pm · এন ই নাও নিউজ

প্ৰধান মন্ত্ৰী মোদীয়ে আজি স্পষ্ট ভাষাৰে কয় যে দেশজুৰি আন্দোলন সত্ত্বেও CAA-ৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি নলৰে।

“যিমানেই হেঁচা নাহক আমি সিদ্ধান্তত অটল”, আজি বাৰাণসীত এটা কাৰ্য্যসূচীত উপস্থিত থকা মোদীয়ে কয়।

তেওঁ এখন জনসভাত সম্বোধন কৰে আৰু কয় যে অনুচ্ছেদ ৩৭০ বাতিল, নাগৰিকত্ব (সংশোধন) আইন এইবোৰ দেশৰ হিতৰ কাৰণে কৰা হৈছে আৰু এইবোৰ বহু বছৰ ধৰি নকৰাকৈ পৰি আছিল।

দেশজোৰা গণতান্ত্ৰিক প্ৰতিবাদলৈ সমূলি আওকাণ প্ৰকাশ পোৱা প্ৰধান মন্ত্ৰী আজিৰ মন্তব্যৰ সৈতে গৃহ মন্ত্ৰী অমিত শ্বাহৰ কেইদিন মানৰ পূৰ্বৰ বক্তব্যৰ সম্পূৰ্ণ মিল দেখা গৈছে।

শ্বাহে জানুৱাৰিত যোধপুৰত এটা সমাৱেশত মন্তব্য কৰিছিল যে নাগৰিকত্ব (সংশোধন) আইনৰ সন্দৰ্ভত চৰকাৰ আগৰ স্থিতিতে অটল, এই ক্ষেত্ৰত এক ইঞ্চিও বিচলিত নহয়।

উল্লেখ কৰিব পাৰি যে সমগ্ৰ দেশৰ লগতে উত্তৰ-পূবত আৰু বিশেষভাৱে অসম আৰু ত্ৰিপুৰাত নাগৰিকত্ব (সংশোধন) আইনখন বাতিলৰ দাবীত তীব্ৰ ৰূপত গণতান্ত্ৰিক আন্দোলন অব্যাহত আছে।

যোৱা ডিচেম্বৰত কেন্দ্ৰৰ বিজেপি চৰকাৰে বিতৰ্কিত আইনখন আনিছিল আৰু এইখনৰ জৰিয়তে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা অমুছলমান ৫টা সম্প্ৰদায় (হিন্দু, বৌদ্ধ, শিখ, পাৰ্চী, খ্ৰীষ্টান)ৰ লোকসকলক বিনাচৰ্তে নাগৰিকত্ব দিয়াৰ দিহা কৰা হৈছে।

প্ৰধান মন্ত্ৰী মোদীয়ে আজিৰ ভাষণত অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ কামো ন্যাসে সময়মতে সমাপন কৰিব বুলিও আশা প্ৰকাশ কৰে।

Related News