তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ কেটেতং গাওঁ পঞ্চায়তৰ অন্তৰ্গত ডিবং ফাঁকিয়াল গাঁৱত বৃহস্পতিবাৰে সন্ধিয়া এক ভয়ংকৰ অগ্নিকাণ্ড ঘটনা সংঘটিত হয়।
অগ্নিকাণ্ডৰ ফলত ৰামলাল থাপাৰ নামৰ লোকজনৰ বাসগৃহটো সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়।
জুইৰ লেলিহান শিখাই নিমিশষতে ধবংস স্তুপত পৰিণত কৰে সম্পূৰ্ণ বাসগৃহটো।
চৰ্ট চাৰ্কিটৰ ফলতে জুই লগাৰ সন্দেহ পৰিয়ালৰ লোকৰ।
নগদ ১৫ হাজাৰ টকাসহ প্ৰায় ৬ লাখ টকাৰ সা-সম্পত্তি, গুৰুত্বপূৰ্ণ নথিপত্ৰ এই অগ্নিকাণ্ডত জাহ যায় বুলি জানিব পৰা গৈছে।
আনহাতে, অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলী গৈ পায় যদিও ঠেক পথ হোৱাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম নহ’ল।
ইপিনে, স্থানীয় ৰাইজে বাসগৃহত লগা জুই নিৰ্বাপিত কৰিবলৈ চেষ্টা কৰে যদিও বাসগৃহটো সম্পূৰ্ণ জুই জাহ যায়।
এই অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহতি হোৱা নাই।