নৱবৰ্ষৰ প্ৰথম দিনটোতে বিবাহপাশত আৱদ্ধ হ’ল ‘দেৱো কা দেৱ-মহাদেৱ’ খ্যাত অভিনেতা মোহিত

mohit-raina-gets-married

নৱবৰ্ষৰ প্ৰথম দিনটোতে বলীউদৰ তাৰকা মোহিত ৰাইনা বিবাহ পাশত আৱদ্ধ হ’ল। প্ৰেমিকা অদিতিৰ সৈতে বিবাহবন্ধনত সাঙোৰ খালে অভিনেতাগৰাকী।

নিজৰ ছচিয়েল মিডিয়াৰ প্ৰ’ফাইল বিয়াৰ ছবি প’ষ্ট কৰি নতুন জীৱন আৰম্ভ কৰাৰ খৱৰ দিছে মোহিতে।

প্ৰায়েই নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে নিৰৱ হৈ থকা মোহিতৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে কোনো চৰ্চাও হোৱা নাছিল। কিন্তু অভিনেতাগৰাকীয়ে হঠাতে বিয়াৰ কথা জনাই দিলে অনুৰাগীক।

মোহিতে ছচিয়েল মিডিয়াত বিবাহৰ ছবি প’ষ্ট কৰি লিখিছে,’’ভালপোৱাই কোনো বাধা নামানে। সকলো প্ৰতিকূলতা অঁতৰাই আগবাঢে, কাঁটাতাৰ অতিক্ৰমি সকলো প্ৰাচীৰ ভেদ কৰি মনৰ তীব্ৰতাৰে নিৰ্দিষ্ট লক্ষ্যত উপনীত হয়। অভিভাৱকসকলৰ আশীৰ্বাদ লৈ আমাৰ মিলন হ’ল। নতুন পথত আগবঢ়াৰ বাবে আপোনালোকৰ ভালপোৱা আৰু আশীৰ্বাদ বিচাৰিছো।‘’

এইদৰে লিখি অভিনেতাগৰাকীয়ে নিজৰ লগতে নৱ পৰিণীতা পত্নী অদিতিৰ নাম লিখিছে।

মোহিত কাশ্মীৰত জন্ম লাভ কৰি তাতেই ডাঙৰ-দীঘল হৈছিল। তাৰপাছত তেওঁ মুম্বাইলৈ গুচি আহে। আৰম্ভ কৰে মডেলিং কেৰিয়াৰ।

এগৰাকী অভিনেতা হোৱাৰ হেঁপাহ বুকুত পুহি ৰখা মোহিতে হিন্দী ধাৰাবাহিকৰ জৰিয়তে নিজৰ অভিনয় জীৱন আৰম্ভ কৰে।

কেইবাখনো ধাৰাবাহিকত অভিনয় কৰা মোহিতে ‘দেৱো কা দেৱ-মহাদেৱ’ ধাৰাবাহিকখনৰ জৰিয়তে বিশেষ খ্যাতি লাভ কৰে। মহাদেৱ ভূমিকাত অভিনয় কৰি প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰিছিল মোহিত ৰাইনাই।

মোহিতে ২০১৯চনত মুক্তি পোৱা ‘উৰি: দ্য ছাৰ্জিকেল ষ্ট্ৰাইক’ ছবিখনত মেজৰ কাশ্যপৰ চৰিত্ৰত অভিনয় কৰিছিল। শেহতীয়াকৈ ‘ছিদ্দত’ ছবিখনত গৌতমৰ ভূমিকাত দেখা গৈছিল অভিনেতাগৰাকীক।

মোহিতৰ নৱ বিবাহিত পত্নী অদিতিৰ বিষয়ে এতিয়াও সবিস্তাৰে কোনো কথা সদৰী কৰা হোৱা নাই। বিবাহৰ সাজত নৱ দম্পতিক অনুৰাগীসকলে হিয়া ভৰাই আশীৰ্বাদ দিয়াৰ লগতে বলীউদৰ তাৰকাসকলেও যুগ্ম জীৱনৰ বাবে দুয়োকে শুভেচ্ছা জনাইছে।