DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঢেকীয়াজুলি কিশোৰী ধৰ্ষণ কাণ্ড : ধৰ্ষণকাৰীক ফাঁচীৰ দাবী ৰাভা শিল্পী সমাজৰ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
March 3, 2021 6:59 am
index
415
VIEWS
Share on FacebookShare on Twitter

ঢেকীয়াজুলিৰ কলাইগাঁও বালিগাঁৱৰ কণমানি কৰৱী ৰাভাক অচিনাক্ত দুৰ্বৃত্তই যোৱা ২০ ফেব্ৰুৱাৰীৰ নিশা অপহৰণ কৰি নি নিৰ্মমভাৱে ধৰ্ষণ কৰি হত্যা কৰা ঘটনাটোক কঠোৰ ভাষাৰে গৰিহণা দিছে ৰাভা আথেকমু ছামজা তথা ৰাভা শিল্পী সমাজে৷

বুধবাৰে গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত টুকুৰাৰ প্ৰিন্স ধাবাত আয়োজিত এক সংবাদ মেলৰ জৰিয়তে ৰাভা আথেকমু ছামজাই ঢেকীয়াজুলিৰ উক্ত বৰ্বৰ ঘটনাটোৰ বিৰুদ্ধে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷

অসম তথা দেশৰ লগতে বিশ্বৰ প্ৰান্তে প্ৰান্তে সিচৰিত হৈ থকা ৰাভা জনগোষ্ঠীৰ শিল্পীসকলক একত্ৰিত কৰাৰ লক্ষ্যৰে গঠিত ৰাভা আথেকমু ছামজাৰ সভাপতি তৰুণ চন্দ্ৰ ৰাভাই বালিগাঁৱৰ ঘটনাটোক জঘন্য কাণ্ড আখ্যা দি উক্ত ঘটনাৰ উচিত তদন্তৰ দিহা কৰিবলৈ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনায়৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে মানৱ জাতিক লজ্জানত কৰা উক্ত ঘটনাৰ সৈতে জড়িত দোষীসকলক চিনাক্ত কৰাৰ ব্যৱস্থা কৰাৰ দাবী তুলি সভাপতি ৰাভাই কয় প্ৰকৃত দোষীক কৰায়ত্ত কৰি কঠোৰতকৈ কঠোৰ শাস্তিৰ ব্যবস্থা কৰক চৰকাৰ প্ৰশাসনে৷

সভাপতি তৰুণ চন্দ্ৰ ৰাভাই দোষীৰ ফাঁচীৰ দাবীও তোলে৷ ইফালে ছামজাৰ উপ সভানেত্ৰী তথা বিচমিল্লা খাঁ যুৱ বটাঁৰে সন্মানিত বিশিষ্ট নাট্য কৰ্মী ৰয়ন্তী ৰাভাও ঢেকীয়াজুলিৰ ঘটনাটোক তীব্ৰ ভাষাৰে নিন্দা কৰে৷

ৰয়ন্তী ৰাভাই এই ক্ষেত্ৰত ৰাজ্যিক মহিলা আয়োগক উদ্যোগ গ্ৰহণ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ দাবী জনায়৷

ইফালে হত্যাৰ বলি হোৱা কৰৱী ৰাভা আৰু তেওঁৰ মাতৃৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি অহা ৭ মাৰ্চ ৰবিবাৰে ৰাভা শিল্পী সমাজে কলাইগাঁও বালিগাঁওলৈ যোৱাৰ সিদ্ধান্তৰ কথাও আজিৰ সংবাদ মেলতে ঘোষণা কৰে ৰাভা আথেকমু ছামজাই৷

ৰাভা শিল্পী সমাজৰ আজিৰ সংবাদ মেলত উপস্থিত থাকে সভাপতি তৰুণ ৰাভা, উপ সভানেত্ৰী ৰয়ন্তী ৰাভা, সম্পাদক কনক ৰায়, যুটীয়া সম্পাদক জোনালী ৰাভা আৰু সদস্য দেৱ ৰাভা৷

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd