ভাৰতৰ ‘নতুন ধোনি’! কেৰিয়াৰৰ দ্বিতীয়খন টেষ্টতে মেন অৱ দ্য মেচ; বেটেৰেও সফল ধ্ৰুৱ জুৰেল

তেওঁক দেখিলে এনেকুৱা নালাগে যে তেওঁ কেৰিয়াৰৰ দ্বিতীয়খন টেষ্ট খেলিছে। বাকী বেটছমেনসকলে খেলিবলৈ সংগ্ৰাম কৰি থকা মেচখনত ধ্ৰুৱ জুৰেলে সাৱলীলভাৱে বেটিং কৰিছিল।

প্ৰথম ইনিংছত তেওঁৰ ৯০ ৰান নহ’লে হয়তো শেষত ভাৰতে জয়ী নহ’লহেঁতেন। দ্বিতীয় ইনিংছতো দলটোক জয়ী কৰিহে তেওঁ খেলপথাৰ এৰি থৈ যায়। সেইবাবেই জুৰেলক মেন অৱ দ্য মেচ হিচাপে ঘোষণা কৰা হৈছে। ভাৰতীয় বেটছমেনগৰাকীয়ে বেটেৰে সৈতে কেনেদৰে সফল হ’ল সেই বিষয়ে কয়।

মেচৰ অন্তত জুৰেলে কয়, ‘মই পৰিস্থিতি অনুসৰি খেলিছিলো। প্ৰথম ইনিংছত আমাক ৰানৰ প্ৰয়োজন হৈছিল। মই জানিছিলোঁ যে যিমানেই বেছি ৰান কৰিব পাৰিম সিমানেই ভাল। কাৰণ আমি চতুৰ্থ ইনিংছত বেটিং কৰিব লগা হৈছিল। মই সেইটোৱেই কৰিবলৈ চেষ্টা কৰিলোঁ।”

লগতে পঢ়কঃ ৰাঁচী টেষ্টতো পৰাজিত চাহাবৰ দল ইংলেণ্ড; যুৱ শক্তিৰ পৰাক্ৰমেৰে ছিৰিজ দখল টীম ইণ্ডিয়াৰ

জুৰেলে ৯০ ৰানৰ পথত লৱাৰ অৰ্ডাৰৰ বেটছমেনৰ সৈতে যুটি বান্ধে। সেই কাৰণে তেওঁ কেৱল নিজৰেই নহয়, আনকো সমান কৃতিত্ব দিছে। জুৰেলে কয় যে “শেষত দুটামান যুটী হৈছিল। গতিকে তেওঁলোককো ক্ৰেডিট দিয়া উচিত। মই মাত্ৰ বলটো দেখি সেই অনুসৰি খেলিলোঁ। বেছি চিন্তা কৰিবলৈ চেষ্টা কৰা নাছিলো।”

দ্বিতীয় ইনিংছতো ভাৰতে ১২০ ৰানত ৫ উইকেট হেৰুৱাই চাপত পৰিছিল। এতিয়াও জয়ী হ’বলৈ ৭২ ৰানৰ প্ৰয়োজন আছিল। জুৰেলে শুভমন গিলৰ সৈতে সেয়া অতিক্ৰম কৰিলে। তেওঁলোকে কি বেটিং কৰাৰ পৰিকল্পনা কৰিছিল?

লগতে পঢ়কঃলণ্ডনত থকা ভাৰতীয় মূলৰ কাশ্মীৰী পণ্ডিত প্ৰবাসী অধ্যাপিকাক দেশত প্ৰৱেশ কৰাত বাধা; কাৰণ কি?

জুৰেলে কয় যে “আমি শেষলৈকে খেলাৰ সিদ্ধান্ত লৈছিলো। লক্ষ্যটো ১০ ৰানকৈ চেটত ভাগ কৰিলোঁ। এটা এটাকৈ চেট লৰচৰ কৰি আছিলো। সেইটোৱেই কামত আহিল।”