ধুবুৰী আৰক্ষীয়ে বুধবাৰে নিশা এখন স্কোৰপিঅ’ বাহনত অনা অৱস্থাত পাঁচটা গৰু উদ্ধাৰ কৰে।
বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে ধুবুৰীৰ মতেৰজাৰ অঞ্চলৰ পৰা গৰু ভৰ্তি স্কোৰপিঅ’ বাহনখন জব্দ কৰিবলৈ সক্ষম হয়।
ধুবুৰীৰ আৰক্ষী অধীক্ষক ত্ৰিণয়ন ভূঞাই য়ু পি ৮৫ য়ু ২৯৭৯ নম্বৰৰ এখন স্কোৰপিঅ’ বাহন ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰেৰে আহি থকা অৱস্থাত হালাকুৰা অঞ্চলত আটক কৰিবলৈ সক্ষম হয় বুলি জনায়।
উদ্ধাৰ হোৱা গৰু সমূহ চৰকাৰী পশু ৰখা ঠাইত ৰখাৰ লগতে বাহনখনৰ চালক মহম্মদ হাচেন আলীৰ সৈতে মহম্মদ চুৰজ আলী নামৰ এগৰাকী লোককো গ্ৰেপ্তাৰ কৰিছে।
আনহাতে, আন এটা আৰক্ষীৰ অভিযানত ধুবুৰী আৰক্ষীয়ে ১৮ টা গৰু সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে গৌৰীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত আলমগঞ্জ অঞ্চলৰ পৰা গৰু কেইটা উদ্ধাৰ কৰে।