NORTHEAST NOW (Assamese)

ৰাজ্যসভাত বিধেয়ক উত্থাপন নোহোৱাত উৎফুল্লিত ডিব্ৰুগড়ৰ বিভিন্ন দল-সংগঠন

February 13, 2019 8:42 pm · অভিক চক্ৰবৰ্তী
ফটো : নৰ্থ-ইষ্ট নাও

আজি ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন নোহোৱাত উত্তৰ-পূবৰ বিধেয়ক বিৰোধী প্ৰতিবাদকাৰীসকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। বিজেপিয়ে বিধেয়কখন উত্থাপন কৰিবলৈ ব্যৰ্থ হোৱাৰ লগে লগে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ডিব্ৰুগড়তো বিভিন্ন জাতীয় দল-সংগঠনে পালন কৰে বিজয় উৎসৱ।

‘এই বিজয় অসমবাসীৰ বিজয়, ৰাজ্যসভাত বিধেয়কখন গৃহীত কৰিবলৈ বিফল হ’ল বিজেপি। এই জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা সকলোকে ধন্যবাদ জনাইছো। বিধেয়কখনৰ জৰিয়তে বিজেপিয়ে অসমৰ ৰাইজৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰিছিল’। এইৰে কয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এগৰাকী সদস্যই।

ইফালে বিধেয়কখন ৰাজ্যসভাত উত্থাপন নোহোৱা কাৰ্যত আনন্দিত হৈ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ সদস্যসকলে ৰাজপথলৈ ওলাই আহি বিহু গীত গাই, নাচি, ফটকা ফুটাই আনন্দ উৎসৱ পালন কৰে।

ইয়াৰ উপৰি ৰাজ্যসভাত বিজেপিয়ে এই বিধেয়কখন উত্থাপন কৰিব নোৱাৰা কাৰ্যত উৎফুল্লিত হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আৰু তেওঁৰ পত্নী জীৱন তাৰা ঘাটোৱাৰে নিজ বাসগৃহতে বিজয় উৎসৱ পালন কৰে।

‘এই বিধেয়কখনৰ বিৰোধিতা কৰাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছো। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে বলপূৰ্বকভাৱে এই বিধেয়কখন গৃহীত কৰিবলৈ ওলাইছিল কিন্তু বিৰোধীৰ সবল স্থিতি তথা প্ৰতিবাদৰ বাবেই আজি তেওঁলোকে বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰিব নোৱাৰিলে’। ঘাটোৱাৰে এইদৰে কয়।

Related News