• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ ঘেৰাও কৰাৰ হুংকাৰ হাজাৰ হাজাৰ প্ৰতিবন্ধীৰ; কিন্তু কিয়?

আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হ’লে চৰকাৰকে জগৰীয়া কৰিব প্ৰতিবন্ধীয়ে!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 20, 2021 5:18 pm
Himanta-Pratibandhi
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিচপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহ ঘেৰাও কৰাৰ এক হুংকাৰ দিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা ,অসমে।

সংস্থাৰ হাজাৰ হাজাৰ বঞ্চিত প্ৰতিবন্ধীয়ে অহা ২৩ জানুৱাৰীৰ পাছত জু-ৰোডস্থিত হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহ ঘেৰাও কৰাৰ হুংকাৰ দিয়ে সংস্থাৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে।

Apply Now

অহা ২৩ জানুৱাৰীৰ ভিতৰত প্ৰতিবন্ধীৰ মাহেকীয়া পেঞ্চন প্ৰদানৰ ক্ষেত্ৰত তথা বেকলগ পদত শীঘ্ৰে নিযুক্তি প্ৰদান কৰা ইত্যাদি প্ৰসংগত চৰকাৰক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ মালাকাৰে দাবী জনায়।

মালাকাৰে সংবাদমেলত অভিযোগ কৰি কয় ‘প্ৰতিবন্ধীৰ মাহেকীয়া পেঞ্চন প্ৰদানৰ ক্ষেত্ৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিত্ত বিভাগে অনিহা প্ৰকাশ কৰি আহিছে। সততে দিব্যাংগৰ হকে কাম কৰা বুলি জহাই ফুৰা বিজেপি চৰকাৰক এইবাৰ শেষ সকিয়নী প্ৰদান কৰিছো৷

প্ৰতিবন্ধীৰ মাহেকীয়া পেঞ্চন, বেকলগ পদত শীঘ্ৰে নিযুক্তি প্ৰদান কৰাকে ধৰি প্ৰতিবন্ধীৰ সমস্যাসমুহ সমাধানৰ বাবে মিত্ৰজোঁটৰ চৰকাৰখনে কোনো গুৰুত্বই প্ৰদান নকৰিলে৷’

‘আনকি জাতি মাটি ভেটি ৰক্ষাৰ শ্ল’গান দি শাসনলৈ অহা সৰ্বানন্দ সনোৱাল নেতৃত্বাধীন মিত্ৰজোটৰ চৰকাৰখনে দিব্যংগসকলক মাহেকীয়া পেঞ্চন হিচাপে প্ৰদান কৰা ১০০০ টকাটো দিয়াৰ ক্ষেত্ৰতো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনৰ বিত্ত বিভাগে অনীহা প্ৰকাশ কৰি আহিছে৷ আনকি পেঞ্চনটোৰ বাবে আন্দোলন নকৰিলে ধনখিনি মোকলাই নিদিয়াটো চৰকাৰখনৰ এক নিয়মিত কাৰ্যত পৰিণত কৰিছে৷ মালাকাৰে লগতে কয়।

ইপিনে, উক্ত সংবাদমেলতে কেতবোৰ তথ্য দাঙি ধৰে মালাকাৰে।

তেওঁ কয় ‘প্ৰাপ্ত তথ্য মতে পেঞ্চনৰ বাবে ২০২০ চনলৈ নিৰ্বাচিত কৰা ১,৬০,৬১২ গৰাকী প্ৰতিবন্ধী ব্যক্তিৰ বাবে অক্টোবৰ, নবেম্বৰ আৰু ডিছেম্বৰ মাহৰ মুঠ ৪৮,১৮,৩৬,০০০ টকা মোকলাই দিয়াৰ বাবে সমাজ কল্যাণ বিভাগৰ সঞ্চালকৰ কাৰ্য্যলয়ৰ পৰা বিগত বৰ্ষৰ ১৬ অক্টোবৰতে দিছপুৰলৈ DSW(SJ)6/2018/95 নম্বৰৰ পত্ৰ প্ৰেৰণ কৰিছিল যদিও দিছপুৰৰ পৰা বিত্ত বিভাগে আজিলৈকে এই ধনৰাশি মুকলি কৰি নিদিলে৷ ফলস্বৰূপে ভোগালী বিহুৰ সময়ত প্ৰতিবন্ধী সকলে নিজৰ প্ৰাপ্য পেঞ্চনৰ পৰা বঞ্চিত হবলগীয়া হল৷’

আনহাতে DSW(SJ)55/2017/Pt/28 নং পত্ৰযোগে বিগত বৰ্ষৰ ১৬ ডিছেম্বৰতে সমাজ কল্যাণ সঞ্চালকৰ কাৰ্যালয়ৰ পৰা দিছপুৰলৈ ১৯,১৩৯ গৰাকী নতুন হিতাধিকাৰীৰ বাবে ২৪,৯৫,০০,০০০ টকা অতিৰিক্ত ভাৱে আৱন্টন বিচাৰিছিল যদিও বিত্ত বিভাগে এই ক্ষেত্ৰত সম্পূৰ্ণ অনীহা প্ৰকাশ কৰি ধনৰাশি মোকলাই দিয়াৰ পৰা বিৰত থাকিল বুলি মালাকাৰে অভিযোগ তোলে।

তেওঁ লগতে কয় ‘ফলস্বৰূপে ৩৯,১৩৯ গৰাকী প্ৰতিবন্ধী নতুনকৈ হিতাধিকাৰী হিচাপে নিৰ্বাচিত কৰা ব্যক্তিসকলে এই ধনৰাশি পোৱাৰ পৰা বঞ্চিত হল৷ বিগত বৰ্ষৰ ৬ মাৰ্চত বাজেট অধিবেশনত বিত্তমন্ত্ৰী গৰাকীয়ে ১০% নতুন হিতাধিকাৰীক অন্তভূক্ত কৰিব বুলি যি কথা উল্লেখ কৰিছিল সেয়া বিভাগটোৰ কাৰ্যই অসাৰ প্ৰতিপন্ন কৰিলে৷’

আনহাতে, নিযুক্তিৰ ক্ষেত্ৰতো এইখন চৰকাৰে দিব্যাংগসকলক মাহীআইৰ দৃষ্টি নিক্ষেপ কৰি আহিছে বুলি অভিযোগ তুলি মালাকাৰে লগতে কয় যে চতুৰ্থ বৰ্গৰ পদসমূহ পুৰনৰ বাবে মাঘ বিহুৰ আগতে প্ৰৱেশ পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে জানুৱাৰী মাহৰ ভিতৰত নিযুক্ত প্ৰক্ৰিয়াটো সম্পন্ন কৰা হব বুলি চৰকাৰে জনাইছিল যদিও আজিকোপতি কোনো উল্লেখনীয় ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহল৷

গতিকে আজিৰ সংবাদমেলৰ জৰিয়তে ২৩ জানুৱাৰীৰ ভিতৰত পেঞ্চনৰ ধনৰাশি মুকলি কৰা, নতুন হিতাধিকাৰীক প্ৰাপ্য ধন প্ৰদান কৰা , চতুৰ বৰ্গৰ নিযুক্তিৰ বাবে প্ৰৱেশ পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ইয়াৰ অন্যথা বিত্তমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰাৰ লগতে অনিৰ্দিষ্ট কাললৈ আমৰন অনশন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হব বুলি হুংকাৰ দিছে৷

ইয়াৰ পৰা উদ্ভৱ হব পৰা যি কোনো আইন শৃংখলাজনিত পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰ জগৰীয়া হব বুলি মালাকাৰে হুংকাৰ দিয়ে৷

আজিৰ সংবাদমেলত সংস্হাৰ উপ- সভাপতি আতিকুৰ ৰহমান, নিকুটিন বসুমতাৰী, জিতু বৰুৱাকে ধৰি কেইবাগৰাকী বিষয়ববীয়া উপস্থিত আছিল৷

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd