• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক্ষুদ্ৰ সংবাদ গোষ্ঠীয়ে সঠিক বাতৰি পৰিবেশন কৰি আহিছে: ড০ লক্ষীনন্দন বৰা

৩ সাংবাদিক সংবাদ সূৰ্য, ১৩ সাংবাদিকক সংবাদ প্রহৰী বঁটা ডিজিটেল পৰ্টেল আজিৰ খবৰৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 22, 2021 6:49 am
Ajir Khabar

ফটো: নৰ্থইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিজিটেল পৰ্টেল আজিৰ খবৰৰ  দ্বি বাৰ্ষিক বৰ্ষপূৰ্তি  উপলক্ষ্যে দেওবাৰে দিছপুৰ প্ৰেছ ক্লাৱত আয়োজিত এক বঁটা প্ৰদান অনুষ্ঠানত ৰাজ্যৰ তিনিগৰাকী সাংবাদিকক ” সংবাদ সূৰ্য”, ১৩ গৰাকী সাংবাদিকক ‘সংবাদ প্রহৰী’, এগৰাকী সমাজকৰ্মীক “শান্তি যোদ্ধা”,এগৰাকী বিশিষ্ট চিকিৎসকক অনুপ্ৰেৰণা বঁটাৰ লগতে কেইবাজনকো আন বিভিন্ন শিতানৰ বঁটা প্ৰদান কৰা হয়।

এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত আছিল বিশিষ্ট সাহিত্যিক ডঃ লক্ষীনন্দন বৰা। তেওঁৰ উপৰি অতিথি উপস্থিত থাকে সমাজ কৰ্মী তথা মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া।

Apply Now

অনুষ্ঠানত মুখ্য অথিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক ডঃ লক্ষীনন্দন বৰাই তেওঁ ভাষণ প্ৰসংগত কয় যে সংবাদ জগতলৈ নতুন প্ৰত্যাহ্বান আহিছে। ডিজিটেল সংবাদৰ জন্ম হোৱাৰ লগে লগে বিশ্বত কাকতৰ প্ৰচলন হ্ৰাস পাইছে। ভাৰতৰ আগশাৰীৰ সংবাদ পত্ৰৰো পূৰ্বৰ তুলনাত প্ৰচলন হ্ৰাস পাইছে। কিয়নো ডিজিটেল মাধ্যমৰে প্ৰতিটো খবৰ তাৎক্ষণিকভাৱে পোৱা যায়।

তেওঁ ডিজিটেল পৰ্টেল আজিৰ খবৰৰ প্ৰসংগ উল্লেখ কৰি কয় যে এনে ক্ষুদ্ৰ ক্ষুদ্ৰ ডিজিটেল সংবাদ মাধ্যমসমূহে সঠিক বাতৰি পৰিবেশন কৰি আহিছে।

তেওঁ লগতে কয় যে কিছু ক্ষেত্ৰত সংবাদৰ শুদ্ধ শুদ্ধতা জানিব পৰা নাযায়। সংবাদ শুদ্ধতাৰে পৰিবেশন কৰিব লাগে বুলি উল্লেখ কৰে বিশিষ্ট সাহিত্যিগৰাকীয়ে।

আনহাতে, মানৱ অধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই ভাষণ প্ৰসংগত কয় যে ডাঙৰ ডাঙৰ মিডিয়া হাউছতকৈ সৰু সৰু এনে পৰ্টেলত প্ৰকৃত খবৰ পোৱা যায়। ডাঙৰ ডাঙৰ মিডিয়া হাউছে কাৰ পক্ষত কাম কৰি আছে সেয়া জনগণে জানে। বিভিন্ন ৰাজ্যেৰ তুলনাত অসমৰ সংবাদ মাধ্যমৰ গুৰুত্ব অধিক। সঠিক ভাবে অসমৰ সংবাদ মাধ্যমে কাম কৰি আছে। অভিজ্ঞতাৰ ভিত্তিত এক কথা মই কৈছোঁ।

তেওঁ লগতে কয় যে সংবাদ মাধ্যমে কেতিয়াও বিচাৰকৰ ভূমিকা লব নালাগে। সংবাদ মাধ্যমৰ প্ৰতিজন সংবাদিকে কেতিয়াও বিচাৰকৰ ভূমিকা গ্ৰহণ কৰিব নালাগে। ইয়ে সামাজত বাধাৰ প্ৰাচীৰৰূপে থিয় দিয়ে। ব্যক্তিগত জীৱন খোচৰাটো সংবাদ মাধ্যমৰ ঋণাত্মক দিশ। সৰু সৰু হাউচবোৰে যথেষ্ট কষ্ট কৰে। মোক যি সন্মান দিলে তাৰ বাবে আজিৰ খবৰক ধন্যবাদ জনাইছোঁ।

উল্লেখ্য যে আজিৰ খবৰৰ মুখ্য সম্পাদক চন্দন কলিতা আৰু সম্পাদক হিৰকজ্যোতি শৰ্মাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে আৰম্ভ হয়। ইয়াৰ পিছত সাংবাদিক অনুপমা ডেকা আৰু দীপাঞ্জলী ডেকাই সৰস্বতী বন্দনা পৰিবেশন কৰে।

উল্লেখ্য যে অনুষ্ঠানত ডিজিটেল পৰ্টেলটোৱে এনেধৰণেৰে বঁটা প্ৰদান কৰে-শান্তি যোদ্ধা বঁটা : ডঃ দিব্যজ্যোতি শইকীয়া, (মানৱ অধিকাৰ তথা সমাজ কৰ্মী)। সংবাদ সূৰ্য বঁটা : উৎপল বৰা, জ্যেষ্ঠ সাংবাদিক (প্ৰাগ নিউজ), দিলীপ কুমাৰ শৰ্মা, জ্যেষ্ঠ ৰাষ্ট্ৰীয় সাংবাদিক, উত্তম বৰা, জ্যেষ্ঠ সাংবাদিক,নগাঁও। অনুপ্ৰেৰণা বঁটা বিশিষ্ট চিকিস্যক ডঃ সন্দীপ তাপৰিয়াক প্রদান কৰা হয়।

আনহাতে, সংবাদ প্রহৰী বঁটা আগবঢ়োৱা হয় দেৱানন্দ মেদক, সাংবাদিক, বসন্ত দাস (গণ অধিকাৰ), দিপেন ভৰালী, (দৈনিক বাতৰি কাকত),ৰনটু নেওগ (দৈনিক অগ্ৰদূত), নিপা কাকতি,(আমাৰ অসম), প্ৰণৱ কুমাৰ পাটোৱাৰী(অসমীয়া খবৰ),অনুপমা ডেকা(আমাৰ অসম),ধীৰেন শৰ্মা (দৈনিক অসম),ৰূপক বৈশ্য (নিউজ লাইভ),কৰবী বৰশইকীয়া(সাংবাদিক), চন্দন দাস, (অসম আদিত্য) আৰু আব্দুল হালিম (নিয়মীয়া বাৰ্তা)।

একেদৰে আদৰ্শ মহিলা সন্মান আগবঢ়ো হয় বিশিষ্ট সমাজ সেৱিকা বিনু বৰকাকতিক। আনহাতে ৰূপ সজ্জাকাৰ সন্মান ৰিনা বসুমতাৰীলৈ আগবঢ়োৱা হয়।

অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই চন্দন কলিতাই কয় যে সংবাদ মাধ্যমলৈ অহা প্ৰত্যাহ্বানক স্বীকাৰ কৰি এই আজিৰ খবৰ ডিজিটেল পৰ্টেলটোৰ জন্ম দিয়া হৈছিল। বহু ঘাট-প্ৰতিঘাতৰ মাজেৰে দুটা বছৰ অতিক্ৰম কৰিলোঁ। সতীৰ্থ আৰু জ্যেষ্ঠ সাংবাদিক সকলক এই বঁটা আগবঢ়াই আনন্দ অনুভৱ কৰিছো। আগন্তক সময়তো নিষ্ঠা আৰু সততাৰে কাম কৰি যোৱাৰ লগতে এনেদৰে সকলোৰে এই যাত্ৰাত পথ দেখুৱাব বুলি আশা কৰে ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

September 26, 2026 10:47 am
নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

September 26, 2026 9:52 am
কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

September 26, 2026 8:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

September 26, 2026 10:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd