DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিৰ পৰিৱৰ্তনৰ বতাহে ঢুকি নাপালে চামগুৰিৰ ন’নৈ চাহ বাগিচা সংযোগী পথৰ জৰাজীৰ্ণ কাঠৰ দলং খনক

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
February 24, 2021 2:29 pm
bhaba
164
VIEWS
Share on FacebookShare on Twitter

সমাগত ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচন, নিৰ্বাচনী অধিসূচনা জাৰি হ’বৰ বাবে মাজত মাথো কেইটামান দিন বাকী।

ৰাজ্যৰ প্ৰায় সকলোতে ৰাজনৈতিক নেতা সমূহ ব্যস্ত আধাৰশিলা স্থাপন তথা চৰকাৰী আঁচনি উন্মোচনত।

কিন্তু এনে সময়তো সেই সকল ৰাজনৈতিক নেতাৰ চকুত নপৰিলে নিজৰ সমষ্টিৰে বহুবোৰ অঞ্চলৰ দুৰৱস্থা, আজিকোপতি কোনো আঁচনিয়ে ঢুকি নাপালে বিশেষ কিছু অঞ্চলৰ জৰাজীৰ্ণ দলং, বাট-পথ ইত্যাদি।

অনুৰূপ সীমাহীন দুৰ্দশাৰ মাজত দিন কটাবলৈ বাধ্য হৈছে চামগুৰিৰ উদমাৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত ন’নৈ চাহ বাগিচা অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজে।

ন’নৈৰ পৰা চামগুৰি সংযোগী এটা বিশেষ পথৰ ওপৰত থকা এখন গুৰুত্বপূৰ্ণ কাঠৰ দলংৰ অতি জৰাজীৰ্ণ অৱস্থাৰ বাবে সম্প্ৰতি জীয়াতু ভুগিব লগীয়া হৈছে সেই পথেৰে নিতৌ যাতায়ত কৰিব লগীয়া হোৱা বৃহত্তৰ অঞ্চলটোৰ বহু সংখ্যক লোকে তথা মহিলা-শিশুকে আদি কৰি কন-কন স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলে।

কেৱল মাত্ৰ দুই-তিনি ডাল মান কঁপি থকা লোহাৰৰ ওপৰত পৰিত্যক্ত ৰূপত থকা অৱশিষ্ট কেইডালমান কাঠৰ বাবে এতিয়া দলংখনত সৃষ্টি হৈছে বৃহৎ আকৃতিৰ ফাঁক।

যি খন দলংৰে বাহনলৈতো দূৰৰে কথা দিনতে খোজকাঢ়িও পাৰ হোৱাতো অতি বিপদসঙ্কুল হৈ পৰিছে ৰাইজৰ বাবে।

প্ৰায় বিশ বছৰ পূৰ্বে বিধায়ক ৰকিবুল হুছেইনে উদ্ঘাটন কৰা দলং খন মেৰামতিৰ বাবে ৰাইজে বহুবাৰ আহ্বান জনোৱাৰ পিছতো পুনৰাই ঘূৰি চোৱা নাই খোদ বিধায়ক গৰাকীয়েই। ইফালে মন্ত্ৰী কেশৱ মহন্তয়ো এবছৰ পূৰ্বে দলং খন মেৰামতি অথবা পকীকৰণৰ ব্যৱস্থা কৰি দিব বুলি ৰাইজক প্ৰদান কৰি যোৱা প্ৰতিশ্ৰুতিয়ো যেন অসাৰ প্ৰতিপন্ন হোৱা দেখা পোৱা গৈছে বৰ্তমান সময়ত।

যাৰ বাবে গৃহ সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন আৰু মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধে চুড়ান্ত ক্ষোভ প্ৰকাশ তথা গৰিহণা প্ৰদান কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ স্থানীয় নেতৃত্বৰ লগতে ক্ষুব্ধ ভুক্তভোগি ৰাইজে।

অৱশ্যে নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পূৰ্বেই অতি শীঘ্ৰে এই বিশেষ জৰাজীৰ্ণ দলং খনৰ পকীকৰণৰ কাম আৰম্ভ কৰিবৰ বাবে চৰকাৰৰ ওচৰত সজোৰে দাবী উত্থাপন কৰিছে অঞ্চলবাসীয়ে।

অন্যথা অসন্তুষ্ট স্থানীয় ৰাইজে আনাগত সময়ত ইয়াৰ প্ৰতিবাদ স্বৰূপে তীব্ৰ আন্দোলনৰ কাৰ্য্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰিছে সংবাদ মাধ্যমৰ জৰিয়তে।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd