জুবিন অনুৰাগীৰ দাবীক সমৰ্থন জনাই পৰিচালক ৰাজেশ ভূঞাই ‘ৰৈ ৰৈ বিনালে’ৰ পৰা আঁতৰাই দিলে শেখৰ জ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মা আৰু অমৃতপ্ৰভা মহন্তই অভিনয় কৰা দৃশ্য।
কোৱাৰ প্ৰয়োজন নাই যে অহা ৩১ আগষ্টত মুক্তি পাবলগা ‘ৰৈ ৰৈ বিনালে’ শীৰ্ষক চিনেমাখন প্ৰয়াত কন্ঠশিল্পী জুবিন গাৰ্গৰ জীৱনৰ অন্তিমখন চিনেমা।
উক্ত চিনেমাখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে জুবিন গাৰ্গে নিজেই। জুবিন গাৰ্গৰ লগতে অভিনয় কৰিছে ৰাহুল গৌতম শৰ্মা, নীল আকাশ আৰু আচুৰ্য বৰপাত্ৰই। জানিব পৰা মতে, এই ছবিখন এখন সাংগীতিক ছবি। ছবিখনৰ পৰিচালনা কৰিছে জুবিন গাৰ্গ আৰু ৰাজেশ ভূঞাই।
জুবিন গাৰ্গৰ সপোনৰ ছবি আছিল ‘ৰৈ ৰৈ বিনালে’। ছিংগাপুৰৰ পৰা ঘূৰি আহি ছবিখনৰ কাম শেষ কৰি ৩১ অক্টোবৰত চিনেমাখন মুক্তি দিয়াৰ কথা আছিল যদিও ১৯ ছেপ্তেম্বৰত ছিংগাপুৰতেই জুবিন গাৰ্গে অকাল মৃত্যুক সাৱটি লয়। কিন্তু জুবিন গাৰ্গৰ শেষ ইচ্ছাক সন্মান জনায় পত্নী গৰিমা শইকীয়া আৰু ৰাজেশ ভূঞাই ৩১ অক্টোবৰতে চিনেমাখন মুক্তি দিয়াৰ পৰিকল্পনা কৰিছে।
মঙলবাৰে এই ছবিখনৰ এটা গীতৰ ভিডিঅ’ মুক্তি দিয়া হয়। কিন্তু উক্ত ভিডিঅ’টোত জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম অভিযুক্ত শেখৰ জ্যোতি গোস্বামীক দেখি জুবিন অনুৰাগী সকল উত্তেজিত হৈ উঠে। যাৰ ফলত ৰাজেশ ভূঞাই অভিযুক্ত সকল থকা দৃশ্য সমূহ ছবিখনৰ পৰা আঁতৰাই পেলোৱাৰ সিদ্ধান্ত লয়।





