• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন; ৩০ চেপ্তেম্বৰত অংকুৰিত হ’ব ৭০ টা সংগঠনৰ ৰাজনৈতিক দল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 22, 2020 7:11 pm
375
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে গুৱাহাটীৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত নতুন ৰাজনৈতিক দল গঠনক কেন্দ্ৰ কৰি ৭০ টা সংগঠনৰ নেতৃত্বৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

এই আলোচনাতে ৩০ চেপ্তেম্বৰত ৰাজনৈতিক দল গঠন হ’ব বুলি জানিবলৈ দিয়ে ৭০ টা জাতীয় সংগঠনৰ অন্যতম নেতা তথা অনুসুচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে।

বৈঠকত হোৱা আলোচনা সন্দৰ্ভত নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত দাসে কয় ‘ভ্ৰষ্টাচাৰী, স্বৈৰাচাৰী বিজেপি চৰকাৰক সমুলঞ্চে বিদায় দিয়াৰ উদ্দেশ্যে আঞ্চলিকতাবাদী প্ৰগতিশীল দল গঠন কৰাটো আজিৰ সভাত নিশ্চিতভাৱে প্ৰস্তাৱ গ্ৰহণ কৰা হ’ল। ৭০ টা জাতীয় সংগঠনৰ অন্তৰ্গত আটাইকেইটা সংগঠনৰ প্ৰতিনিধি সন্নিবিষ্ট কৰি অহা ৩০ চেপ্তেম্বৰত ৰাজ্যিক পৰ্য্যায়ত গঠন হ’বলগীয়া সমন্বয়ক কমিটিয়ে দলৰ নাম আৰু অনুসংগিক বিষয়বিলাক ঘোষণা কৰিব।‘

ইয়াৰোপৰি, সংসদীয় ৰাজনীতি আৰু নিৰ্বাচন সম্পৰ্কীয় বহু বিষয়ে আজি স্থান পাই বুলি উল্লেখ কৰি দাসে আৰু কয় ‘বিজেপিক প্ৰতিহত কৰাৰ উদ্দেশ্যে যিহেতু এই ৰাজনৈতিক দল গঠিত হ’ব গতিকে অসমৰ ৰাইজে বিচাৰিলে আঞ্চলিকতাবাদী ভাবাসম্পন্ন সকলো দলৰ লগতে আলাপ-আলোচনা আৰু মিত্ৰতা সম্ভৱ হ’ব। অসম জাতীয় পৰিষদৰ সৈতে মিত্ৰতা সন্দৰ্ভত আজি আলোচনা হোৱা নাই যদিও আগন্তুক দল গঠনৰ পাছত এই সম্পৰ্কে সমন্বয়কসকলে আলোচনা কৰিব।‘

তেওঁ লগতে কয় ‘বিজেপি চৰকাৰৰ ধৰ্মীয় সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে, দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে তথা অসমক থান-বান কৰি দিয়া নীতি, আৰু মুল্যবৃদ্ধি ইত্যাদি ইচ্ছু লৈ আগন্তুক দিনত সু-শাসন দিয়াৰ স্বাৰ্থত এই দল নিৰ্বাচনত নামিব।‘

আনহাতে, এই সন্দৰ্ভত ৭০ সংগঠনৰ অন্যতম নেতা তথা টাইপাৰ পৰা পদত্যাগ কৰা লোহিত গগৈয়ে আমাৰ সাংবাদিকৰ আগত কয় ‘প্ৰতিটো জাতীয়-জনগোষ্ঠীয় সংগঠনেই যাতে সমানে গুৰুত্ব লাভ কৰে তাৰ কাৰণে প্ৰতিটো সংগঠনৰ পৰা প্ৰতিনিধি ৰখাৰ ক্ষেত্ৰত আজিৰ বৈঠকত গুৰুত্ব প্ৰদান কৰা হয়। সমন্বয়কসকলে ৰাজনৈতিক দলৰ বিষয়টো আগবঢ়াই নিব। প্ৰক্ষেপিত সংগঠনৰ নেতৃত্ব বা প্ৰতিনিধিৰ মাজৰ পৰা মুখ্য সমন্বয়ক, জিলা সমন্বয়ক আৰু সমষ্টি হিচাপত বিষয়ববীয়া নিয়োগ কৰা হ’ব বুলি বৈঠকত আলোচনা হয়।‘

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd