• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Johnny Depp: জনি ডেপক জেক স্পেৰো চৰিত্ৰত পৰ্দালৈ উভতিবলৈ ২৫৩৫ কোটি টকাৰ প্ৰস্তাৱ ডিজনীৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 27, 2022 12:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Johnny Depp যোৱা কেইসপ্তাহমানত, জনি ডেপৰ জীৱনত এক ধুমুহা সৃষ্টি হৈছে। তেওঁৰ প্ৰাক্তন পত্নী, অভিনেত্ৰী এম্বাৰ হাৰ্ডৰ বিৰুদ্ধে মানহানিৰ গোচৰত যুঁজ দি আছিল আৰু  ইয়াকে লৈ গোটেই চলচ্চিত্ৰ জগত উত্তাল হৈ পৰিছিল। এতিয়া অভিনেতাজনে ৫০ নিযুত ডলাৰৰ মানহানিৰ গোচৰ জিকি তেওঁৰ কেৰিয়াৰৰ মাজলৈ ঘূৰি আহিবলৈ পাবলৈ ব্যাকুল হৈ পৰিছে।

শেহতীয়াকৈ এক আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ডিজনীয়ে (Disney) অভিনেতাজনলৈ ক্ষমা বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰিছে। লগতে পাইৰেটছ অফ দ্য কেৰিবিয়ানত জেক স্পেৰো চৰিত্ৰত উভতি আহিবলৈ ২,৫৩৫ কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছে। জনিয়ে জনপ্ৰিয় এই চলচ্চিত্ৰ ফ্ৰেঞ্চাইজিৰ মুঠ পাঁচখন চলচ্চিত্ৰতে জেক স্পেৰোৰ চৰিত্ৰত অভিনয় কৰিছে।

Apply Now

জনি ডেপে তেওঁৰ প্ৰাক্তন পত্নী এম্বাৰ হাৰ্ডৰ বিৰুদ্ধে মানহানিৰ গোচৰটো জিকিছে। ছয় সপ্তাহ ধৰি ভাৰ্জিনিয়াৰ ফেয়াৰফেক্সত বিচাৰ অনুষ্ঠিত হৈছিল। অভিনেতাজনে তেওঁৰ প্ৰাক্তন পত্নীৰ বিৰুদ্ধে  ২০১৮ চনত ৱাশ্বিংটন পোষ্টত প্ৰকাশ পোৱা এক অ’প-এড সংক্ৰান্তত মানহানিৰ গোচৰ ৰুজু কৰিছিল।

লেখনিটোত জনিৰ প্ৰাক্তন পত্নী এম্বাৰে নিজকে ঘৰুৱা হিংসাৰ বলি বুলি বৰ্ণনা কৰিছিল। সেইটোৱে জনি ডেপৰ কেৰিয়াৰক সাংঘাতিকভাৱে প্ৰভাৱিত কৰিছিল। ইয়াৰ বাবে অভিনেতাজনে ছবিৰ প্ৰস্তাৱ পোৱা নাছিল। ফেণ্টাষ্টিক বিষ্ট ৩ আৰু পাইৰেটছ অফ দ্য কেৰিবিয়ানৰ দৰে চলচ্চিত্ৰ তেওঁৰ হাতৰ পৰা গুচি গৈছিল।

জনিয়ে অলপতে মানহানিৰ গোচৰটো জিকাৰ পিছত অনুৰাগীসকলে ছ’চিয়েল মিডিয়াত ডিজনীক অভিনেতাজনৰ ওচৰত ক্ষমা বিচাৰিবলৈ দাবী জনাইছিল।

অষ্ট্ৰেলিয়াৰ Poptopic.com নামৰ ছাইটটোৰ মতে ডিজনীয়ে ইতিমধ্যে জনিলৈ ক্ষমা বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰিছে। কেৱল সেয়াই নহয়, প্ৰযোজনা সংস্থাটোৱে তেওঁক পাইৰেটছ অফ দ্য কেৰিবিয়ানত জেক স্পেৰোৰ ভূমিকালৈ ঘূৰি আহিবলৈ ভাৰতীয় মুদ্ৰাত ২,৫৩৫ কোটি টকা আগবঢ়াইছে বুলি জানিব পৰা গৈছে।

অৱশ্যে, অভিনেতা বা তেওঁৰ দলৰ পৰা এই বিষয়ত কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। দৰাচলতে, বাতৰিটো সন্দেহজনক বুলি অনুমান কৰা হৈছ কিয়নো ডিজনীয়ে দিয়া পৰিমাণ (২৫৩৫ কোটি টকা) মানহানিৰ গোচৰত জনি ডেপে উল্লেখ কৰা পৰিমাণৰ প্ৰায় সমান।

জনিয়ে অলপতে কৈছিল যে তেওঁ পাইৰেটছ অফ দ্য কেৰিবিয়ানত জেক স্পেৰো হিচাপে তেতিয়ালৈকে ঘূৰি নাহে যেতিয়ালৈকে তেওঁক ৩০১ নিযুত ডলাৰৰ দৰে বৃহৎ পাৰিশ্ৰমিক পৰিশোধ কৰা নহয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

August 25, 2026 6:08 pm
হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

August 25, 2026 5:10 pm
বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm
দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

August 25, 2026 6:08 pm
হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

August 25, 2026 5:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd