শিৱসাগৰত আজি ৰাইজৰ দলৰ প্ৰথমখন সভা আনুষ্ঠিত হয়। ৰাইজৰ দলৰ শিৱসাগৰৰ আহ্বায়ক সমিতি গঠনৰ উদ্দেশ্যে আজি শিৱসাগৰৰ যুৱ দ’লত কেইবা শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হয় এই সভা।
সভাত ৰাইজৰ দলৰ আহ্বায়ক লোহিত গগৈ, মহেন্দ্ৰ দিহিঙ্গীয়া, শৃংখল চলিহা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা প্ৰসন্ন দত্ত, ৰঞ্জিত তামুলী, শ্বাহজাহান আলি, পদ্মকান্ত দাস, অংকুৰ শইকীয়া, তুলিকা চেতিয়া ইয়েনৰ লগতে বহু সংখ্যক লোক উপস্থিত থাকে।
আজিৰ সভাত ২৪ জনীয়া এখন আহ্বায়ক সমিতি গঠন কৰা হয় আৰু এই আহ্বায়ক সমিতিয়ে অনাগত দিনত শিৱসাগৰত ৰাইজৰ দলৰ এখন শক্তিশালী সমিতি গঠন কৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে।
ৰাইজৰ দলৰ আহবায়ক লোহিত গগৈয়ে নিজৰ ভাষণত কয়, ‘বৰ্তমানৰ বিজেপি চৰকাৰে সাম্প্ৰদায়িক ফেচিবাদী চৰিত্ৰৰে ধৰ্মৰ নামত অসমীয়া জনগণৰ মাজত বিভাজন আনিব বিচাৰিছে। তেওঁলোকে অসমৰ সৰ্বাংগীন বিকাশৰ কথা কৈছিল। জাতীয় নায়ক আখ্যা দিয়া সৰ্বানন্দ সোণোৱালে অসমৰ পাহাৰ ভৈয়াম উজনি নামনিৰ বিকাশৰ কথা কৈছিল সেই সৰ্বানন্দ সোণোৱালে শাসনৰ গাদীত বহাৰ পাছত অসমৰ একো উন্নয়ন কৰা দেখা নাপালো’।
সেয়ে ৰাইজে এতিয়া অসমত এক নতুন আঞ্চলিক দল বিচাৰিছে, অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলে অসমৰ ৰাইজক লগত লৈ আগবাঢ়ি যাব বুলি মন্তব্য কৰে লোহিত গগৈয়ে।
আনহাতে ৰাইজৰ দলৰ অন্যতম আহ্বায়ক শৃংখল চলিহাই কয়, ‘অনাগত দিনত বিজেপি-কংগ্ৰেছ-এআইয়ুডিএফৰ বিৰুদ্ধে এক শক্তিশালী প্ৰত্যাহৱান হিচাপে ৰাইজৰ দল থিয় দিব। ২০২১ ত এক সুস্থ প্ৰগতিশীল চৰকাৰ অসমৰ ৰাইজে দিচপুৰত গঠন কৰিব’।
‘বিজেপিয়ে মুখামুখি ভোট যুদ্ধলৈ ভয় কৰে। অখিল গগৈ কাৰাগাৰৰ পৰা মুকলি হৈ আহিলে যে এখন মুখামুখি ভোট যুদ্ধ হ’ব সেই কথা জানি তেওঁক জেইলত ভৰাই থৈছে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ভয়াতুৰ মুখ্য মন্ত্ৰী’, বুলি কয় শৃংখল চলিহাই।