• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

প্ৰতি নিশা ৩ বজাত হঠাৎ টোপনি ভাঙে নেকি? এই লক্ষণ হ’ব পাৰে আপোনাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ সংকেত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2026 11:30 am
574
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতি নিশা প্ৰায় ৩ বজাত হঠাৎ টোপনি ভাঙি যোৱাটো বৰ্তমান সময়ত বহু লোকৰ বাবে এক দুশ্চিন্তাৰ কাৰণ হৈ পৰিছে। সামাজিক মাধ্যমত এই বিষয়টোক লৈ ভিন্নধৰণৰ চৰ্চা তথা ব্যাখ্যা দেখিবলৈ পোৱা যায়। একাংশই ইয়াক কোনো আধ্যাত্মিক সংকেত বুলি অভিহিত কৰে, আনহাতে আন একাংশই ইয়াক হৰম’নৰ ভাৰসাম্যহীনতাৰ সৈতে জড়িত বুলি দাবী কৰে। পিছে, বিশেষজ্ঞসকলৰ মতে ইয়াৰ আঁৰৰ কাৰণ ইমানো ৰহস্যময় নহয়।

মুম্বাইস্থিত ছাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেচন হাস্পতালৰ ক্লিনিকেল চাইক’লজিষ্ট মেহজাবিন দৰ্দীৰ মতে, নিশাৰ ভাগত কেইমুহূৰ্তমানৰ বাবে টোপনি ভাঙি যোৱাটো এক স্বাভাৱিক প্ৰক্ৰিয়া। গৰিষ্ঠসংখ্যক লোকৰ ক্ষেত্ৰতেই নিশা কেইবাবাৰো টোপনি ভাঙে যদিও পুৱা সাৰ পোৱাৰ পিছত সেই কথা তেওঁলোকৰ স্মৃতিপটত নাথাকে।

Apply Now

অৱশ্যে, প্ৰতিদিনে নিশা একেটা সময়তে টোপনি ভাঙি যোৱা আৰু তাৰ পিছত পুনৰ টোপনি নহা অৱস্থাটোক কেতিয়াও আওকাণ কৰা উচিত নহয়। ইয়াৰ অৰ্থ এইটোৱেই হ‘ব পাৰে যে কোনো অজ্ঞাত কাৰণত আপোনাৰ স্বাভাৱিক নিদ্ৰাত ব্যাঘাত জন্মিছে।

মানসিক চাপ আৰু কৰ্টিছল হৰম‘ন: আমাৰ শৰীৰত থকা ‘কৰ্টিছল‘ (Cortisol) নামৰ হৰম’নবিধক সাধাৰণতে ‘ষ্ট্ৰেছ হৰম’ন’ বুলি জনা যায়। শৰীৰে যাতে পুৱা সাৰ পাবলৈ নিজকে প্ৰস্তুত কৰিব পাৰে, তাৰ বাবে পুৱতি নিশাৰ ভাগত এই হৰম’নৰ মাত্ৰা স্বাভাৱিকতেই বৃদ্ধি পায়। কিন্তু দীৰ্ঘদিন ধৰি মানসিক চাপ, উদ্বেগ, আৱেগিক অস্থিৰতা বা অতিমাত্ৰা কৰ্মচাপত ভুগি থাকিলে শৰীৰ অতিমাত্ৰা সজাগ হৈ পৰে। ইয়াৰ ফলশ্ৰুতিত মাজনিশা সহজেই টোপনি ভাঙি যোৱাৰ সম্ভাৱনা থাকে।

স্বাস্থ্যজনিত সমস্যা: প্ৰতিদিনে ৩ বজাত টোপনি ভঙাৰ বাবে কেৱল কৰ্টিছলকে জগৰীয়া কৰিব নোৱাৰি। উদ্বেগ আৰু বিষণ্ণতাৰ (Anxiety and Depression) লগতে শ্বাস-প্ৰশ্বাসত ব্যাঘাত জন্মোৱা ‘স্লীপ এপনিয়া‘ (Sleep Apnea), দীৰ্ঘদিনীয়া শাৰীৰিক বিষ, এচিডিটি বা হৰম’নৰ পৰিৱৰ্তনৰ ফলতো নিদ্ৰাহীনতাৰ সমস্যা হ‘ব পাৰে।

অনিয়মিত জীৱনশৈলী আৰু অভ্যাস: কিছুমান বিশেষ ঔষধে টোপনিত বিৰূপ প্ৰভাৱ পেলাব পাৰে। তদুপৰি সন্ধিয়াৰ পিছত চাহ বা কফি গ্ৰহণ, নিদ্ৰালৈ যোৱাৰ পূৰ্বে দীৰ্ঘসময় ধৰি মোবাইল বা কম্পিউটাৰৰ পৰ্দাত চকু ৰখা, নিশা মদ্যপান কৰা আৰু প্ৰতিদিনে ভিন্ন সময়ত শুবলৈ যোৱাৰ দৰে অনিয়মিত জীৱনশৈলীয়েও মাজনিশা টোপনি ভঙাৰ প্ৰৱণতা বৃদ্ধি কৰে।

বহু লোকৰ ক্ষেত্ৰত দেখা যায় যে টোপনি ভাঙি যোৱাৰ লগে লগেই মনলৈ নানা চিন্তাই আগুৰি ধৰে। দিনৰ পোহৰত তেনেই সাধাৰণ যেন লগা সমস্যাবোৰেও নিশাৰ নিস্তব্ধ পৰিৱেশত এক বৃহৎ ৰূপ ধাৰণ কৰে। চাকৰি, পাৰিবাৰিক সম্পৰ্ক, আৰ্থিক অনাটন বা স্বাস্থ্যজনিত সৰু-সুৰা চিন্তাইও মুহূৰ্তৰ ভিতৰতে মনটো অস্থিৰ কৰি তুলিব পাৰে।

পিছে ইয়াৰ অৰ্থ এইটো নহয় যে আপোনাৰ শৰীৰত নিশ্চয়কৈ কোনো ভয়ংকৰ ৰোগে বাহ লৈছে। নিশাৰ ভাগত চাৰিওফালে কোলাহলমুক্ত আৰু নিস্তব্ধ পৰিৱেশ বিৰাজ কৰে। এনে সময়ত মানুহে নিজৰ চিন্তা-ভাৱনাসমূহৰ সৈতে অকলশৰীয়া হৈ পৰে। মানসিক চাপৰ বাবে শৰীৰ ইতিমধ্যে সজাগ অৱস্থাত থাকিলে মগজুৱে স্বয়ংক্ৰিয়ভাৱে বিভিন্ন সমস্যাৰ কথা চালি-জাৰি চাবলৈ আৰম্ভ কৰে।

সেয়েহে ঘড়ীটোলৈ চাই ‘কিয় ঠিক ৩ বজাতেই টোপনি ভাঙিল‘ বুলি অযথা চিন্তা কৰাতকৈ, টোপনি ভঙাৰ পিছত নিজৰ শাৰীৰিক আৰু মানসিক অৱস্থাটোহে সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰা উচিত। সেই সময়ত কাৰ্যালয়ৰ কামৰ কথা মনলৈ আহিছে নেকি, অকাৰণতে উদ্বেগ বা ভয় অনুভৱ হৈছে নেকি, শৰীৰৰ কোনো অংশত বিষাইছে নেকি, অত্যাধিক গৰম লাগিছে নেকি, উশাহ লোৱাত কষ্ট হৈছে নেকি— এই দিশবোৰৰ প্ৰতি গুৰুত্ব প্ৰদান কৰাটো অধিক বাঞ্ছনীয়।

প্ৰতি নিশা ৩ বজাত টোপনি ভঙাটো কোনো ৰহস্যময় বা অতিপ্ৰাকৃতিক সংকেত নহয়। ই মূলতঃ মানসিক চাপ, ত্ৰুটিপূৰ্ণ জীৱনশৈলী অথবা স্বাস্থ্যজনিত সমস্যাৰহে প্ৰতিফলন। যদিহে এই সমস্যা ধাৰাবাহিকভাৱে কেইবাসপ্তাহ ধৰি চলি থাকে, দিনৰ ভাগত কাম-কাজত ব্যাঘাত জন্মায় বা আপুনি সঘনাই ভাগৰুৱা অনুভৱ কৰে, তেন্তে সামাজিক মাধ্যমত প্ৰচাৰিত উৰাবাতৰিত ভৰসা নকৰি অনতিপলমে এগৰাকী চিকিৎসকৰ কাষ চপা উচিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd