• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

ঘৰৰ ভিতৰত খালী ভৰিৰে ঘূৰি ফুৰে নাকি? সাৱধান; নহ’লে হ’ব পাৰে মাৰাত্মক বিপদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2026 6:40 am
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঘৰখন পৰিষ্কাৰ কৰি ৰখাৰ বাবে আমি প্ৰায়েই বাহিৰৰ জোতা-চেণ্ডেল দুৱাৰমুখতে খুলি থৈ ভিতৰলৈ যাওঁ। বহুতে আকৌ ঘৰৰ ভিতৰত খালী ভৰিৰে খোজ কাঢ়িবলৈ আৰামদায়ক বুলি ভাবে। তেওঁলোকৰ ধাৰণা যে এনে কৰিলে ঘৰখন লেতেৰা নহয়। কিন্তু আপোনাৰো যদি এনে অভ্যাস আছে তেন্তে এতিয়াই সাৱধান হোৱা উচিত। বিশেষজ্ঞসকলৰ মতে ঘৰৰ ভিতৰত দীৰ্ঘসময় খালী ভৰিৰে খোজ কাঢ়িলে ভৰি, গাঁঠি আৰু মেৰুদণ্ডৰ স্বাস্থ্যৰ বাবে ই ক্ষতিকৰ হ’ব পাৰে। এই অভ্যাসৰ পৰাই শৰীৰত নানা গুৰুতৰ সমস্যাই দেখা দিব পাৰে।

টাইম মেগাজিনৰ এক শেহতীয়া প্ৰতিবেদন অনুসৰি ঘৰৰ মজিয়াখন দেখাত যিমানেই পৰিষ্কাৰ যেন নালাগক কিয় তাত চকুৰে নেদেখা বহুতো বেক্টেৰিয়া, ভেঁকুৰ আৰু বীজাণু থাকিব পাৰে। বিশেষকৈ পাকঘৰ আৰু স্নানাগাৰৰ ওচৰৰ ঠাইবোৰত আৰ্দ্ৰতা বা সেমেকা ভাব বেছি থাকে যিয়ে ভেঁকুৰৰ সংক্ৰমণৰ আশংকা বৃদ্ধি কৰে। খালী ভৰিৰে খোজ কাঢ়িলে ভৰিৰ আঙুলিৰ মাজত হোৱা সংক্ৰমণ, খজুৱতি, দাদ, ভৰিৰ গোৰোহা ফাটা আৰু ছালত জ্বলা-পোৰা কৰাৰ দৰে সমস্যা হ’ব পাৰে। যাৰ ছাল বেছি সংবেদনশীল বা ভৰিত আগৰে পৰা কিবা কটা-চিঙা বা ক্ষত আছে তেওঁলোকৰ বাবে সংক্ৰমণৰ আশংকা অধিক বেছি হৈ পৰে।

Apply Now

আমাৰ মাজৰ বহুতৰে পাকঘৰত ৰন্ধা-বঢ়া কৰাৰ সময়ত, খটখটী বগাওঁতে বা ঘৰ চাফা কৰাৰ সময়ত খালী ভৰিৰে থকাৰ অভ্যাস আছে। এই সকলোবোৰ কাম টান মজিয়াৰ ওপৰত কোনো ধৰণৰ ছাপৰ্ট নোহোৱাকৈ কৰা হয়। ইয়াৰ ফলত ভৰিৰ তলত থকা কোমল চৰ্বিৰ তৰপটোৱে সমগ্ৰ শৰীৰৰ চাপ চম্ভালিব লগা হয়। নিয়মিতভাৱে এনে চাপ পৰাৰ ফলত ভৰি ফুলা, বিষ আৰু ভাগৰুৱা অনুভৱ হ’ব পাৰে যিয়ে পৰৱৰ্তী সময়ত মেটাটাৰচেলজিয়া বা প্লান্টাৰ ফেচিয়াইটিছৰ দৰে দীৰ্ঘদিনীয়া যন্ত্ৰণাদায়ক ৰোগৰ সৃষ্টি কৰিব পাৰে।

বিশেষকৈ ডায়বেটিছত আক্ৰান্ত ৰোগীসকলৰ বাবে ঘৰৰ ভিতৰত খালী ভৰিৰে খোজ কঢ়াটো অধিক বিপদজনক। এই ৰোগত ভৰিৰ স্নায়ুৰ সংবেদনশীলতা কমি যায় যাৰ ফলত ভৰিৰ যিকোনো সৰু আঘাত, ফোসকা বা কটা-চিঙা সহজতে ধৰা পৰি নাযায়। মজিয়াত পৰি থকা সামান্য কোনো বস্তুৰ পৰাও গুৰুতৰ ক্ষত বা সংক্ৰমণৰ সৃষ্টি হ’ব পাৰে। বিশেষজ্ঞসকলৰ মতে ঘৰৰ ভিতৰতো সঠিক চেণ্ডেল পিন্ধিলে শৰীৰৰ ভাৰসাম্য ৰক্ষা হয় আৰু যিকোনো আঘাতৰ পৰা হাত সাৰিব পাৰি।

টাইলছ বা মাৰ্বলৰ দৰে টান মজিয়াৰ ওপৰত খালী ভৰিৰে খোজ কাঢ়িলে গোৰোহা, আঁঠু আৰু কঁকালত অতিৰিক্ত চাপ পৰে। ইয়াৰ ফলত গোৰোহাৰ বিষ, গাঁঠি টান হৈ যোৱা আৰু পিঠিৰ বিষৰ দৰে সমস্যাই দেখা দিব পাৰে। ঠাণ্ডা মজিয়াত খালী ভৰিৰে বেছি সময় থাকিলে শৰীৰৰ তাপমাত্ৰাৰ ওপৰতো প্ৰভাৱ পৰে যাৰ ফলত চৰ্দি-কাহ বা ভৰিৰ পেশী জঠৰ হৈ পৰিব পাৰে। শিশু আৰু বৃদ্ধসকলৰ ক্ষেত্ৰত এই প্ৰভাৱ বেছি সোনকালে দেখা যায়। দীৰ্ঘ সময় ধৰি ঠাণ্ডা মজিয়াৰ সংস্পৰ্শত থাকিলে পেশীত টান ধৰা বা খিঁচুনীৰ দৰে সমস্যাও হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd