• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

আয় দেখি আচৰিত মূৰে কঁপালে হাত ডাক্তৰ-ইঞ্জিনিয়াৰৰ! কেৱল কাপোৰ ইস্ত্ৰি কৰিয়েই মাহে ৩ লাখ টকা উপাৰ্জন এইজন ব্যক্তিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 11, 2026 6:45 am
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান সময়ত চৰকাৰী চাকৰি বা বহুজাতিক কোম্পানীত কাম কৰি নিৰাপদ ভৱিষ্যত গঢ়াৰ বাবে বহু শিক্ষিত যুৱক-যুৱতীয়ে দিনে-নিশাই যুঁজ দি থকা দেখা যায়। কিন্তু আমাৰ চাৰিওফালে থকা কিছুমান সাধাৰণ যেন লগা পেচাত যিমান লাভ লুকাই থাকে, সেয়া বহুতৰে কল্পনাৰো অগোচৰ।

শেহতীয়াকৈ সামাজিক মাধ্যমত এহাল দম্পতীৰ উপাৰ্জনৰ কাহিনীয়ে সকলোকে আচৰিত কৰি তুলিছে। এখন সৰু কোঠাত ড্ৰাই ক্লিনিং আৰু ইস্ত্ৰিৰ দোকান দি এই দম্পতীয়ে মাহে প্ৰায় ৩ লাখ টকা উপাৰ্জন কৰি আহিছে। এজন দহ বছৰীয়া অভিজ্ঞতা থকা আইটি পেছাদাৰী ব্যক্তিয়েও যিমান দৰমহা নাপায়, এই দম্পতীয়ে নিজৰ পৰিশ্ৰমৰ জৰিয়তে তাতকৈ অধিক লাভ কৰিবলৈ সক্ষম হৈছে।

Apply Now

ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এগৰাকী মহিলাই এই কাহিনীটো শ্বেয়াৰ কৰিছে। তেওঁ জনোৱা অনুসৰি, তেওঁৰ ঘৰৰ ওচৰৰে এটা সৰু দোকানত এহাল দম্পতী আৰু দুজন কৰ্মচাৰীয়ে একেলগে কাম কৰে। সেই দোকানখনত দিনটোত প্ৰায় ৩৫০ খন কাপোৰ ইস্ত্ৰি কৰা হয় আৰু প্ৰতিখন কাপোৰৰ বাবদ ১০ টকাকৈ লোৱা হয়। অকল ইস্ত্ৰি কৰিয়েই তেওঁলোকে দিনটোত চাৰে তিনি হাজাৰ টকা উপাৰ্জন কৰে। ইয়াৰ উপৰিও দামী শাড়ী আৰু চুট আদি ড্ৰাই ক্লিনিং কৰি তেওঁলোকে দৈনিক অতিৰিক্ত সাত হাজাৰ টকা উপাৰ্জন কৰে। অৰ্থাৎ দিনটোত তেওঁলোকৰ গড় আয় ১০ হাজাৰ টকাতকৈও অধিক হয়।

মাহেকীয়া হিচাপত চালে দেখা যায় যে মাহটোৰ ২৭ দিন দোকান খোলা থাকে আৰু ইয়াৰ পৰা মুঠ উপাৰ্জন হয় প্ৰায় ২ লাখ ৮৩ হাজাৰ টকা। আটাইতকৈ সুবিধাৰ কথাটো হ’ল দোকানখন তেওঁলোকৰ নিজৰ ঘৰতে থকা বাবে ঘৰ ভাড়াৰ কোনো অতিৰিক্ত খৰচ নাই। দোকানৰ বিজুলী বিল আৰু দুজন কৰ্মচাৰীৰ দৰমহা মিলাই মুঠ খৰচ হয় প্ৰায় ৪৬ হাজাৰ টকা। এই সকলোবোৰ খৰচ বাদ দিয়াৰ পাছতো দম্পতীহালৰ হাতত প্ৰতি মাহে ২ লাখ ৩০ হাজাৰ টকা নিট লাভ হিচাপে ৰৈ যায়।

এই পোষ্টটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছত বহুতে ধেমেলীয়া মন্তব্যও আগবঢ়াইছে। কোনোবাই যদি আইটি চাকৰি এৰি ইস্ত্ৰিৰ দোকান দিয়াৰ কথা কৈছে, আন কোনোবাই আকৌ আয়কৰৰ বিষয়টো আঙুলিয়াই দিছে। একাংশৰ মতে মহানগৰী অঞ্চলতহে ইমান টকা উপাৰ্জন কৰা সম্ভৱ, সৰু চহৰত নহয়। যি নহওক, এই কাহিনীটোৱে আকৌ এবাৰ প্ৰমাণ কৰিছে যে কোনো কামেই সৰু নহয় আৰু সঠিক পৰিকল্পনাৰে কাম কৰিলে যিকোনো পেচাতে সফলতা অৰ্জন কৰিব পাৰি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd