চিকিৎসা বিভ্ৰাট! জিভাৰ সলনি পুৰুষাংগৰ অস্ত্ৰোপচাৰ; বাতিল চিকিৎসালয়ৰ অনুজ্ঞাপত্ৰ

প্রতিনিধিত্বমূলক ফটো।

জিভাৰ অস্ত্ৰোপচাৰৰ বাবে চিকিৎসালয়লৈ গৈছিল। ভুলতে ডাক্তৰে ব্যক্তিগত অংগৰ অস্ত্ৰোপচাৰ কৰি দিলে। ডেৰ-দুবছৰীয়া ল’ৰা এটাৰ লিংগৰ আৱৰণ কাটি অস্ত্ৰোপচাৰ কৰা হ’ল। উত্তৰ প্ৰদেশৰ বেৰেলীৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। এই ঘটনাৰ বাবে ৰাজ্য চৰকাৰে চিকিৎসালয়খনৰ অনুজ্ঞাপত্ৰ বাতিল কৰে।

উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে চিকিৎসালয়খনৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ অনুমতি প্ৰদান কৰিছে। অভিযুক্ত চিকিৎসকজনক নিলম্বন কৰা হৈছে। উপ-মুখ্যমন্ত্ৰীয়ে মুখ্য চিকিৎসা বিষয়াক নিৰ্দেশ দিছে যে তেওঁৰ বিৰুদ্ধে উত্থাপিত গাফিলতিৰ অভিযোগ প্ৰমাণিত হ’লে তেওঁৰ নামত থানাত এফআইআৰ দাখিল কৰিব লাগে।

লগতে পঢ়ক: বিশ্বৰ আটাইতকৈ বয়স্ক নোবেল বঁটা বিজয়ী জন গুডেনাফৰ ১০০ বছৰ বয়সত দেহাৱসান

প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা মতে, এজন ডেৰ-দুবছৰীয়া ল’ৰাক উত্তৰ প্ৰদেশৰ বেৰেলীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় পৰিয়ালে খনাৰ (কথা লাগি ধৰা)  চিকিৎসাৰ বাবে। ডাক্তৰে শিশুটিৰ খনা অৱস্থা ভাল কৰিবলৈ জিভাৰ অস্ত্ৰোপচাৰ কৰিবলৈ পৰামৰ্শ দিলে।

সেই অনুসৰি যোৱা ২৩ জুনত শিশুটিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। অপাৰেচন থিয়েটাৰলৈ নিয়াৰ পিছত চিকিৎসকে ভুলতে শিশুটিৰ জিভাৰ অস্ত্ৰোপচাৰৰ পৰিৱৰ্তে লিংগৰ ছাল কাটি পেলোৱা বুলি অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ পিছতে শিশুটিৰ পৰিয়ালে চিকিৎসকৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। চিকিৎসালয়ৰ বাহিৰত বিভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোডীক প্ৰশ্ন কৰা সাংবাদিকক হাৰাশাস্তিৰ ঘটনাক গৰিহণা হোৱাইট হাউছৰ

চিকিৎসালয়ৰ চিকিৎসকৰ এই ভয়াবহ ভুলৰ খবৰ পাই পিছদিনা অৰ্থাৎ ২৪ জুন, শনিবাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে ৰাজ্য প্ৰশাসনে। চিকিৎসকৰ গাফিলতি আছে নে নাই সেইটো  অনুসন্ধান কৰিবলৈ মুখ্য চিকিৎসা বিষয়া (চিএমঅ’) ডাঃ বলবীৰ সিঙক নিৰ্দেশ দিয়ে উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে।

তেওঁৰ নিৰ্দেশত চিএমঅ’ ডাঃ বলবীৰ সিঙৰ নেতৃত্বত এখন পেনেলো গঠন কৰা হয়। তাৰ পিছত উক্ত পেনেলৰ সদস্যসকলে চিকিৎসালয়লৈ গৈ অভিযুক্ত চিকিৎসককে ধৰি কৰ্মচাৰীৰ বক্তব্য গ্ৰহণ কৰে। সেই বক্তব্যৰ ভিত্তিত উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে অভিযুক্ত চিকিৎসকজনক নিলম্বন কৰে। ইয়াৰ উপৰিও চিকিৎসালয়খনৰ অনুজ্ঞাপত্ৰও বাতিল কৰা হয়।

লগতে পঢ়ক: নকল উপায়ুক্ত! তেজপুৰত আটক হোৱা মহাপ্ৰৱঞ্চক অংকুৰ শইকীয়াই কি কৰিব বিচাৰিছিল?

শিশুটিৰ লগতে তেওঁৰ পৰিয়াল আৰু চিকিৎসালয়ৰ কৰ্মচাৰীৰ বক্তব্যৰ ভিত্তিত আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।