• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

আমেৰিকাৰ ২৫০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে হায়দৰাবাদৰ নানকৰামগুডাত পথৰ নতুন নামকৰণ, জি-৭ শীৰ্ষ সন্মিলনত মোদী-ট্ৰাম্পৰ সাক্ষাতৰ পাছতেই দ্বিপাক্ষিক সম্পৰ্কলৈ নতুন আশা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 27, 2026 7:05 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে হায়দৰাবাদস্থিত আমেৰিকান কনছুলেটৰ সমীপৰ এটা পথ তেওঁৰ নামত ‘ডনাল্ড ট্ৰাম্প এভিনিউ‘ হিচাপে নামকৰণ কৰাৰ বাবে তেলেংগানা চৰকাৰক আনুষ্ঠানিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছে। সামাজিক মাধ্যম ‘ট্ৰুথ ছ‘চিয়েল‘ত এক বাৰ্তা যোগে ট্ৰাম্পে উল্লেখ কৰে যে এনে সন্মান লাভ কৰা তেঁৱেই হৈছে আমেৰিকাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি। আমেৰিকাৰ ২৫০ সংখ্যক স্বাধীনতা দিৱস অৰ্থাৎ ‘ফ্ৰীডম ২৫০‘ উদযাপনৰ অংশ হিচাপে তেলেংগানাৰ উপ-মুখ্যমন্ত্ৰী মাল্লু ভাট্টি বিক্ৰমাৰ্কা আৰু ভাৰতত নিযুক্ত আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ‘ গোৰে চলিত সপ্তাহৰ আৰম্ভণিতে আনুষ্ঠানিকভাৱে পথটোৰ নামফলক উন্মোচন কৰা এখন আলোকচিত্ৰও ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে।

হায়দৰাবাদৰ নানকৰামগুডাৰ বিত্তীয় জিলাত অৱস্থিত আৰু পূৰ্বে ‘ইউ এছ কনছুলেট ৰোড‘ নামেৰে পৰিচিত এই পথটোৰ মঙলবাৰে আনুষ্ঠানিকভাৱে নতুন নামকৰণ কৰা হয়। আমেৰিকান কনছুলেটৰ কাষতে থকা এই পথটোৰ সমীপত মাইক্ৰ‘ছফ্ট, গুগল আৰু আমাজনৰ দৰে বৃহৎ আমেৰিকান প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ কাৰ্যালয় অৱস্থিত। হায়দৰাবাদস্থিত আমেৰিকান কনছুলেট জেনেৰেলে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে এই বিশেষ নামকৰণে আমেৰিকা যুক্তৰাষ্ট্ৰক সন্মানিত কৰাৰ লগতে ভাৰত-আমেৰিকাৰ সম্পৰ্কত হায়দৰাবাদৰ ক্ৰমবৰ্ধমান গুৰুত্বক প্ৰতিফলিত কৰিছে।

Apply Now

অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰদূত চাৰ্জিঅ‘ গোৰে দ্বিপাক্ষিক সম্পৰ্কত হায়দৰাবাদৰ কৌশলগত গুৰুত্বৰ কথা উল্লেখ কৰি কয় যে হাইটেক চিটীৰ পৰা আৰম্ভ কৰি মহাকাশ আৰু প্ৰতিৰক্ষা খণ্ডলৈকে এই অঞ্চলটোৱে যি প্ৰগতি লাভ কৰিছে, সেয়া আমেৰিকা-ভাৰতৰ দ্বিপাক্ষিক গতিশীলতাৰ পৰিচায়ক। তেলেংগানা চৰকাৰক ধন্যবাদ জনাই তেওঁ কয় যে এই পদক্ষেপে ৰাষ্ট্ৰপতি ট্ৰাম্পে আমেৰিকাৰ বাবে পোষকতা কৰা এক শক্তিশালী আৰু সন্মানজনক অংশীদাৰিত্বক প্ৰতিফলিত কৰিছে। দ্বিপাক্ষিক অৰ্থনৈতিক সম্পৰ্কৰ প্ৰসংগত তেওঁ কয় যে অন্তৱৰ্তীকালীন বাণিজ্য চুক্তি আৰু ‘মিছন ইণ্ডিয়া‘ৰ জৰিয়তে আমেৰিকালৈ ২০ বিলিয়ন ডলাৰৰ নতুন বিনিয়োগ অহাৰ পথ প্ৰশস্ত হৈছে, যিয়ে প্ৰমাণ কৰে যে ‘আমেৰিকা ফাৰ্ষ্ট‘ মানে কেৱল ‘আমেৰিকা অকলে‘ নহয়।

আনহাতে, তেলেংগানাৰ উপ-মুখ্যমন্ত্ৰী বিক্ৰমাৰ্কায়ো আমেৰিকাৰ ২৫০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আমেৰিকান জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰাৰ লগতে ভাৰত-আমেৰিকাৰ সম্পৰ্কত তেলেংগানাৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্বৰ কথা দোঁহাৰে। অনুষ্ঠানত হায়দৰাবাদৰ আমেৰিকান কনছাল জেনেৰেল লৌৰা উইলিয়ামছেও অংশগ্ৰহণ কৰি সমগ্ৰ অঞ্চলটোত গঢ় লৈ উঠা উদ্ভাৱনীমূলক পৰিৱেশৰ প্ৰশংসা কৰি প্ৰতিভা আৰু ধাৰণাৰ মুকলি আদান-প্ৰদানৰ প্ৰতি কনছুলেটৰ দায়বদ্ধতাৰ কথা দোঁহাৰে।

উল্লেখ্য যে, ৰাষ্ট্ৰপতি ট্ৰাম্পৰ দ্বিতীয়টো কাৰ্যকালত আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত আৰোপ কৰা উচ্চ শুল্ক, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাক লৈ নতুন দিল্লীক জৰিমনা বিহা আৰু পাকিস্তানৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ ফলত ভাৰত-আমেৰিকাৰ সম্পৰ্কই কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। অৱশ্যে, যোৱা সপ্তাহত ফ্ৰান্সত অনুষ্ঠিত জি-৭ শীৰ্ষ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মাজত হোৱা আলোচনাত দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ আলোচনা আগবঢ়াই নিয়াৰ সন্মতি প্ৰকাশ কৰা হৈছিল। নিজৰ কাৰ্যকালত কেতিয়াও হায়দৰাবাদ ভ্ৰমণ নকৰা ট্ৰাম্পক সন্মান জনাই লোৱা এই পদক্ষেপে এতিয়া দুয়োখন দেশৰ মাজৰ কূটনৈতিক সম্পৰ্কলৈ এক যোগাত্মক বাৰ্তা কঢ়িয়াই আনিছে বুলি চৰ্চা হৈছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

July 22, 2026 5:36 pm
নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd