DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিজেপিয়ে শিৱসেনাক ‘হিন্দুত্ব’ শিকোৱাৰ প্ৰয়োজন নাই : উদ্ধৱ ঠাকৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 4, 2021 9:10 pm
259
VIEWS
Share on FacebookShare on Twitter

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই বুধবাৰে বিভিন্ন বিষয়ত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰিছে।

বিজেপিৰ ‘হিন্দুত্ব’ক লৈ সন্দেহ প্ৰকাশ কৰি ঠাকৰেই প্ৰশ্ন কৰে যে হিন্দুত্ববাদৰ অন্যতম প্ৰবক্তা বিনায়ক দামোদৰ ছাভাৰকাৰক কিয় মোদী চৰকাৰে ভাৰতৰত্ন প্ৰদান কৰা নাই?

ঠাকৰেই বিধানসভাত কয় যে বিজেপিয়ে শিৱসেনাক ‘হিন্দুত্ব’ শিকোৱাৰ প্ৰয়োজন নাই।

তেওঁ কয় যে কেন্দ্ৰৰ মোদী চৰকাৰৈল ছাভাৰকাৰক ভাৰতৰত্ন প্ৰদানৰ দুবাৰকৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল কিন্তু কোনো সুদুত্তৰ পোৱা নগ’ল।

ইয়াৰ পূৰ্বে বিজেপিয়ে শিৱসেনাক উদ্দেশ্যি কৈছিল যে শিৱসেনাই ‘হিন্দুত্বৰ আদৰ্শ’ক এনচিপি আৰু কংগ্ৰেছৰ স’তে ক্ষমতাত থাকিবলৈকে পৰিত্যাগ কৰিছে।

তদুপৰি কেন্দ্ৰৰ কৃষি আইনৰ বিৰোধিতাত গঢ় লোৱা কৃষক আন্দোলনৰ প্ৰতি চৰকাৰৰ দমননীতিসমূহকো ঠাকৰেই সমালোচনা কৰে।

প্ৰতিবাদী কৃষকসকলক ‘সন্ত্ৰাসবাদী’ আখ্যা দিয়াক লৈ তেওঁ বিজেপিক কয় যে, দেশখন বিজেপিৰ ‘ব্যক্তিগত সম্পত্তি’ নহয়।

যদিহে জনসাধাৰণক ন্যায়প্ৰদান কৰিব নোৱাৰে আৰু কৃষকক যদি প্ৰতিবাদ কৰিবলৈ ৰাস্তালৈ উলিয়াই আনিবলৈ বাধ্য কৰে, তেন্তে বিজেপিয়ে ‘ভাৰত মাতা কী জয়’ শ্লোগান দিয়াৰো অধিকাৰ নাই বুলি তেওঁ কয়।

তদুপৰি বিজেপিয়ে মহাৰাষ্ট্ৰক দ্বিখণ্ডিত কৰি ‘বিদৰ্ভ’ ৰাজ্য গঠন কৰাৰ পৰিকল্পনা কৰা বুলিও তেওঁ কয়।

‘‘আমি মহাৰাষ্ট্ৰৰ পৰা বিদৰ্ভক ভাগ হ’ব নিদিওঁ।’’ ঠাকৰেই কয়।

আনহাতে ৰাম মন্দিৰ নিৰ্মাণ সম্পৰ্কে তেওঁ কয় যে কেৱল উচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰিহে মন্দিৰ নিৰ্মাণ হৈছে, কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত একো কৰা নাই।

কাশ্মীৰ সম্পৰ্কেও তেওঁ সোচ্চাৰ হৈ বিজেপিক সুধে যে কাশ্মীৰী পণ্ডিতসকলৰ কিমানক সংস্থাপন প্ৰদান কৰা হ’ল।

তদুপৰি কাশ্মীৰত বিচ্ছিন্নতাবাদী নেতাৰ স’তে বিজেপিয়ে ক্ষমতাৰ বাবে হলিগলি কৰাৰ বিষয়েটোক লৈও তেওঁ কটাক্ষ কৰে।

আহমেদাবাদৰ মটেৰা ষ্টেডিয়ামক বল্লভভাই পেটেলৰ নামৰ সলনি নৰেন্দ্ৰ মোডীৰ নামেৰে নামাংকন কৰাক লৈও তেওঁ টিপ্পনী দাঙি ধৰে।

Recent News

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Dog killed three-day-old baby in Panipat

চিকিৎসালয়ৰ বিচনাৰ পৰা তুলি নি তিনিদিনীয়া কেঁচুৱাক হত্যা কৰিল কুকুৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd