NORTHEAST NOW (Assamese)

গোঁসাই ভ্ৰমণ কাৰ্যসূচীৰে অন্ত পৰিল বৰগাঁৱৰ ঐতিহ্যমণ্ডিত দৌল উৎসৱ

March 19, 2022 7:57 pm · দেৱজিত ডেকা, চাংসাৰী

কমলপুৰৰ বৰগাঁৱত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপিত হয় শ্ৰী শ্ৰী কৃষ্ণৰ দৌল উৎসৱ । আজি অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি ফাকুৱা খেলৰ লগতে পদুলিয়ে পদুলীয়ে গোঁসাই ভ্ৰমণ কৰোৱাই মন্দিৰত গোঁসাই স্থাপন কৰা হয়।

শ্ৰীকৃষ্ণৰ নাম- কীৰ্তনেৰে মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চলটো।অঞ্চলটোৰ ৰাইজে হিলদল ভাঙি ওলাই আহি ভাগ লয় গোঁসাই ফুৰোৱা কাৰ্যসূচীত।

 

 

কামৰূপৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰগাওঁৰ বৰশিল আশ্ৰমত প্ৰতি বছৰে উদযাপিত হৈ আহিছে শ্ৰী কৃষ্ণৰ দৌল উৎসৱ।বৰশিল আশ্ৰম পৰিচালনা সমিতিৰ উদ্যোগত বিগত বছৰ কেইটিৰ দৰে এই বেলিও দেৱ চিহ্ন সম্বলিত শিলা খণ্ডৰ ওচৰত শ্ৰী শ্ৰী বৰশিল  আশ্ৰমত বৰ গাঁও আৰু নিকটৱৰ্তী অঞ্চলৰ ৰাইজে মিলি কালি আৰিয়া প্ৰজ্বলন কৰে।


দূৰ-দূৰণিৰ পৰা অহা যুৱতী-মহিলাই একেলগে বহি আৰিয়া প্ৰজ্বলনত অংশ লয়।উক্ত অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে দেৱালয় সংঘৰ সাধাৰণ সম্পাদক কৈলাশ শৰ্মাই।

Related News