• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি মানৱ অধিকাৰ দিৱস, পদে পদে হৈছে মানৱ অধিকাৰ উলঙ্ঘন: ডঃ দিব্যজ্যোতি শইকীয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 10, 2023 8:41 pm
Human Rights Day

মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৪৮ চনৰ ১০ডিচেম্বৰত ৰাষ্ট্ৰসংঘই আন্তৰ্জাতিক মানৱ অধিকাৰ চনদ ঘোষণা কৰাৰ দিন হিচাপে প্ৰতি বছৰে ১০ ডিচেম্বৰৰ দিনটো আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। অৱশ্যে আমাৰ দেশ ভাৰতবৰ্ষত ১৯৯৩ চনৰ ২৮ছেপ্টেম্বৰত মানৱ অধিকাৰক স্বীকৃতি প্ৰদান কৰি ১৯৯৩চনৰ ১২অক্টোবৰত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰে।

আজি এই আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱসৰ দিনটোতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে আমাৰ ভাৰতবৰ্ষ তথা তেওঁৰ গৃহৰাজ্য অসমত দিনক দিনে বিভিন্ন ক্ষেত্ৰত ব্যাপক হাৰত মানৱ অধিকাৰ উলঙ্ঘনৰ ঘটনা বৃদ্ধি হৈ আহিছে।

Apply Now

মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই পুনৰ কয় যে বিশেষকৈ আৰক্ষীৰ দ্বাৰা বিভিন্ন প্ৰকাৰে মানৱ অধিকাৰ উলঙ্ঘন হৈ আহিছে। ইয়াৰ ভিতৰত ভুৱা এনকাউণ্টাৰ, বাক স্বাধীনতা ৰুদ্ধ কৰিবৰ বাবে নিৰীহ লোকক গ্ৰেপ্তাৰ, আৰক্ষীয়ে কৰা নিৰ্যাতনৰ বাবে আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱাকে আদি কৰি বিভিন্ন প্ৰকাৰৰ আৰক্ষীৰ দ্বাৰা মানৱ অধিকাৰ উলঙ্ঘন কৰাৰ উপৰি দেশৰ একাংশ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগে মানৱ অধিকাৰ খৰ্ব কৰি আহিছে।

বিশেষকৈ স্বাস্থ্য বিভাগে জৰুৰীকালীন স্বাস্থ্য সেৱা সুচাৰুভাৱে পালনত ব্যৰ্থ হৈ মানৱ অধিকাৰ উলঙ্ঘন কৰি আহিছে। বৰ্তমান সময়ত ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ চৰকাৰী চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়ত সৰ্প দংশনৰ চিকিৎসা, হৃদ ৰোগৰ চিকিৎসা আৰু জিলা পৰ্যায়ৰ অসামৰিক চিকিৎসালয় সমূহত জ্বলাতংক ৰোগৰ ভেকচিন বিনামূলীয়া ভাবে উপলব্ধ হোৱা উচিত যদিও উপলব্ধ নহয়।

ইয়াৰ উপৰি অন্ধবিশ্বাসৰ নামত একাংশ লোকে বিভিন্ন নিৰীহ লোকক নিৰ্যাতন তথা হত্যা কৰি আহিছে। এই সমস্ত বিষয়ত চৰকাৰী পক্ষই অৱহেলা কৰি ব্যাপক হাৰত মানৱ অধিকাৰ উলঙ্ঘন কৰিছে বুলি ডঃ দিব্যজ্যোতি শইকীয়াই উল্লেখ কৰে। আনহাতে মানৱ অধিকাৰৰ নামত একাংশ ব্যক্তি তথা সংগঠনে সমাজক বিপথে পৰিচালিত কৰিব বিচৰা কাৰ্যক বিশিষ্ট মানৱ অধিকাৰ কৰ্মী গৰাকীয়ে সমালোচনা কৰে।

উল্লেখযোগ্য যে অলপতে গুৱাহাটীত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ৪৫টা এনকাউণ্টাৰৰ ঘটনাৰ পৰিয়াল আৰু এটা আত্মহত্যাৰ ঘটনাৰ কেচত কেইবা লাখ টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়া উক্ত ঘটনা সমূহৰ ওপৰত ডঃ দিব্যজ্যোতি শইকীয়াই মাত মাতি অহাৰ লগতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত অভিযোগ উত্থাপন কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

August 22, 2026 11:51 am
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

August 22, 2026 11:30 am
তিনি বছৰৰ পাছত পুনৰ আৰম্ভ হ’ল মণিপুৰ-নাগালেণ্ড-অসম বাছ সেৱা

তিনি বছৰৰ পাছত পুনৰ আৰম্ভ হ’ল মণিপুৰ-নাগালেণ্ড-অসম বাছ সেৱা

August 22, 2026 11:04 am
সাংসদ পুত্ৰৰ গাড়ীয়ে মহতিয়াই নিহত কৰিলে যুৱতীক; পিতৃয়ে কৈছে, ‘সিতো হস্পিতাললৈ লৈ গৈছে…’

সাংসদ পুত্ৰৰ গাড়ীয়ে মহতিয়াই নিহত কৰিলে যুৱতীক; পিতৃয়ে কৈছে, ‘সিতো হস্পিতাললৈ লৈ গৈছে…’

August 22, 2026 11:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

August 22, 2026 11:51 am
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

August 22, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd