• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“শেষ মুহুৰ্তৰ আখৰা”ৰ মাজেৰে নগাঁৱৰ শিল্প কাননৰ এজাক শিশু চেমনীয়াই মন্ত্ৰমুগ্ধ কৰি ৰাখিলে দৰ্শকক

এন ই নাও নিউজ by এন ই নাও নিউজ
November 6, 2020 4:34 pm
a drama
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক অতি ভয়াৱহ ভৱিষ্যতৰ দিশেৰে গতি কৰিছে সমগ্ৰ বিশ্ব । বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰে আকাশ চুব বিচৰা মানৱ সমাজে সমৃদ্ধিৰ জখলা বগাবলৈ গৈ এফালৰ পৰা ধ্বংস কৰি নিছে বিনন্দীয়া পৃথিৱী খনক ।

মানুহৰ প্ৰয়োজনতকৈয়ো অধিক হাৰত বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰা বিশাল বিশাল উদ্যোগ ,অগনন যান বাহনৰ ক’লা ধোৱা তথা গগনচুম্বী আটালিকা সমুহে ধুনীয়া পৃথিৱীৰ অতি বিনন্দীয়া ৰূপটোক ধ্বংস কৰি পেলোৱাৰ লগতে পৃথিৱী খনৰ স্বাভাৱিক প্ৰক্ৰিয়াটোলৈ আনিছে ভয়াৱহ ভাবুকি ।

Apply Now

অবাধ গতিত বন ধ্বংসৰে মানুহে কৰা ভুলৰ বাবেই আজি গোলকীয় উষ্ণতাৰ গ্ৰাসত পৰিছে বিশ্ব । কমি গৈছে অক্সিজেনৰ পৰিমাণ । চৌদিশে ছানি ধৰিছে কাৰ্বন ডাইঅক্সাইডে ।

এনে এটা সময় সমাগত যে আৰু কিছু দিনৰ পাছত বিশ্ব বাসিয়ে উসাহ লবলৈ অকনমান অক্সিজেনৰ বাবে হাহাকাৰ কৰিব লাগিব । প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহে গ্ৰাস কৰি পেলাব সমগ্ৰ বিশ্ব । ধ্বংস মুখলৈ গতি কৰিব অপৰিকল্পিত ধাৰণাৰে আধুনিক বিশ্ব নিৰ্মাণ কৰিব বিচৰা মানৱ জাতি ।

অকনমান অক্সিজেন ,অলপ শীতল বতাহ,এটুপি বিশুদ্ধ পানী বিচাৰি তিল তিলকৈ মৃত্যুৰে যুজঁ দিব লাগিব মানৱ জাতিয়ে । মানুহৰ এই ভয়ানক ভুলৰ বাবেই মানুহৰ লগতে ধ্বংস হৈ যাব পৃথিৱীৰ সমস্ত জীৱকুল । ইতিমধ্যে তাৰেই যেন অন্তিম আখৰা আৰম্ভ হৈছে সমগ্ৰ বিশ্বত।

ইয়াকে মুল বিষয়বস্তু হিচাবে লৈ অসমৰ প্ৰসিদ্ধ নাট্যকাৰ চিকিৎসক ডা° দিলীপ বৰুৱাই ৰচনা কৰিছিল “শেষ মূহুৰ্তৰ আখৰা ” নামেৰে নাটক খনি । নাটক খনত পৃথিৱীৰ হাওঁফাওঁৰ স্বৰূপ আমাজনৰ বিধ্বংসী অগ্নিকাণ্ডৰ লগতে সাম্প্ৰতিক সময়ৰ তথাকথিত শিক্ষিত সমাজ খনৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ এখন জীয়া ছবি দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে আৰু কি দৰে বিনন্দীয়া পৃথিৱী খনক ৰক্ষা কৰিবলৈ এচাম নতুন প্ৰজন্ম ওলাই আহিছে তাক সুন্দৰ ৰূপত প্ৰকাশ কৰিছে ।

যোৱা নিশা এই নাট খনি নগাঁৱৰ অগ্ৰণী নাট্য চৰ্চা প্ৰতিষ্ঠান “শিল্প কাননৰ” প্ৰযোজনানাত বিশিষ্ট পৰিচালক জিতেন্দ্ৰ নাথ বৰা আৰু শোণিত বৰাৰ পৰিচালনাত শিল্প কাননৰ স্থায়ী চৌহদত মঞ্চস্থ কৰে ।

সাম্প্ৰতিক বিশ্ব তথা বিশ্বৰ জীৱকুললৈ ,মানৱ সমাজলৈ নামি অহা গোলকীয় উষ্ণতাৰ অতি ভয়ানক প্ৰভাৱক অতি সুন্দৰ ৰূপেৰে এজাক শিশু চেমনীয়াই তুলি ধৰিলে। একে নিশাই দুটা দৰ্শনীৰে সফল মঞ্চায়ন হোৱা নাটক খনত “শিল্প কানন”ৰ প্ৰতি গৰাকী নতুন প্ৰজন্মৰ শিল্পীয়ে মন্ত্ৰমুগ্ধ কৰি ৰাখে প্ৰতি গৰাকী দৰ্শকক আৰু অতি গভীৰ ভাবে ভবাই তুলিবলৈ সক্ষম হয় অনাগত সময়ত কি এক ভয়ানক ভৱিষ্যতৰ দিশেৰে গতি কৰিছে মানৱ জাতি ।

এক কথাত কবলৈ গলে “শেষ মুহুৰ্তৰ আখৰা ” “শিল্প কানন”ৰ এই সফল প্ৰয়াসে পুনৰ মানৱ সমাজলৈ এক বাৰ্তা প্ৰেৰণ কৰিলে । সুস্মিতা বৰাৰ মঞ্চ সজ্জাৰে ৰূপায়িত নাটক খনিত অভিনয় কৰিছে নিশান শইকীয়া, দেৱাশীষ শইকীয়া, তন্ময় জিৎ বৰুৱা, নিশান্ত শইকীয়া, মিতালী শৰ্মা, হৰ্ষিতা বৰা,উৎপলা বৰা,তপস্যা বৰুৱা, মামু বৰা,হৃষিতা শইকীয়া,চিন্ময় নাথ শিশু শিল্পী তন্ময় আৰু সৌৰভে ।

শোণিত শইকীয়া ,লক্ষ্যজ্যোতি শইকীয়া ,বাস্তৱ শৰ্মা, ভাৰ্গৱ বৰা আৰু ধনঞ্জয় বৰদলৈৰ সংগীত ব্যৱস্থাপনাৰে মঞ্চস্থ হোৱা নাটক খনিৰ সামৰণিত “শিল্প কাননৰ “তৰফৰ পৰা প্ৰতি গৰাকী শিল্পী তথা একাংশ অতিথিক একোটাকৈ গছ পুলি উপহাৰ দিয়া হয় ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd