• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনৰ গ্ৰাম্য অঞ্চলত এইডছ মহামাৰীৰ ঘটনা পোহৰলৈ অনা ডাঃ গাও ইয়াওজিৰ ৯৫ বছৰত মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 12, 2023 9:35 am
প্ৰয়াত ডাঃ গাও ইয়াওজি। ফাইল ফটোঃ সংগ্ৰহীত।

প্ৰয়াত ডাঃ গাও ইয়াওজি। ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নব্বৈৰ দশকত চীনৰ গ্ৰাম্য অঞ্চলত এইডছ ভাইৰাছৰ মহামাৰীৰ ঘটনা পোহৰলৈ অনা চীনৰ প্ৰখ্যাত মহিলা চিকিৎসক তথা স্ব-নিৰ্বাসিত কৰ্মী ডাঃ গাও ইয়াওজীৰ দেওবাৰে ৯৫ বছৰ বয়সত আমেৰিকাৰ নিজ বাসগৃহত মৃত্যু হয়।

২০০৯ চনৰ পৰা নিৰ্বাসিত হৈ থকা ডাঃ গাওৰ নিউয়ৰ্কত বাৰ্দ্ধক্যজনিত কাৰণত মৃত্যু হয়। আমেৰিকাত তেওঁৰ কাম-কাজ পৰিচালনা কৰা কলম্বিয়া বিশ্ববিদ্যালয়ৰ চীনৰ ৰাজনীতিৰ গৱেষক পণ্ডিত এণ্ড্ৰু জে নাথানে তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰে।

১৯২৭ চনত শ্বেণ্ডংৰ কাও কাউন্টিত জন্মগ্ৰহণ কৰিছিল ডাঃ গাও। হেনান কলেজ অৱ ট্ৰেডিচনেল চাইনিজ মেডিচিনৰ অধ্যাপক গাও আছিল এজন চিকিৎসক যিয়ে ডিম্বাশয়ৰ স্ত্ৰীৰোগ, আৰু এক বিশেষধৰণৰ স্ত্ৰীৰোগ টিউমাৰৰ বিশেষজ্ঞ আছিল।

Apply Now

১৯৫৪ চনত হেনান বিশ্ববিদ্যালয়ৰ স্কুল অৱ মেডিচিনৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

কিন্তু বৌদ্ধিক পটভূমিৰ বাবে ডাঃ গাও সাংস্কৃতিক বিপ্লৱৰ সময়ত অত্যাচাৰৰ সন্মুখীন হোৱাৰ ফলত তেওঁৰ স্বাস্থ্য অসুস্থ হৈ পৰে।

লগতে পঢ়কঃ মধ্যপ্ৰদেশত অন্ত পৰিল ‘মামা জামানা’! নতুন মুখ্যমন্ত্ৰী হিচাপে বিজেপিৰ অচিনাকি মুখ

১৯৭৪ চনত হেনান চাইনিজ মেডিচিন হাস্পতালত স্ত্ৰীৰোগ বিশেষজ্ঞ হিচাপে কাম কৰা গাও ১৯৮৬ চনত প্ৰফেছৰ পদলে পদোন্নতি লাভ কৰে আৰু ১৯৯০ চনত অৱসৰ গ্ৰহণ কৰে।

ড° গাও হেনান পিপলছ কংগ্ৰেছৰ সদস্য আছিল।

মানৱসৃষ্ট এইডছ সংকট উন্মোচন কৰাৰ ক্ষেত্ৰত অদম্য সক্ৰিয়তা আৰু এইচ আই ভি/এইডছৰ সৈতে জড়িত অস্পৃশ্যতা আঁতৰোৱাৰ বাবে কৰা কামৰ বাবে নব্বৈৰ দশকৰ শেষৰ ফালে সমগ্ৰ চীনতে পৰিচিত নাম হৈ পৰিছিল।

ডাঃ গাওৱে আৱিষ্কাৰ কৰিছিল যে চৰকাৰী সাহায্যত স্থাপন কৰা ৰক্ত সঞ্চালন কেন্দ্ৰৰ জৰিয়তে এইডছ বিয়পি পৰিছে।

মূলতঃ মধ্য চীনৰ তেওঁৰ গৃহ প্ৰদেশ হেনানত হাজাৰ হাজাৰ লোকক এইচ আই ভি সংক্ৰমিত কৰা তেজ বিক্ৰী আঁচনিৰ বিৰুদ্ধে সৰৱ হৈছিল।

হেনান আছিল ৰক্ত সৰবৰাহ কেলেংকাৰীৰ স্থান যাৰ ফলত ১৯৯০ চনৰ সময়ছোৱাত দৰিদ্ৰ গ্ৰাম্য জনসাধাৰণৰ মাজত এইচ আই ভি দ্ৰুতগতিত বিয়পি পৰিছিল। অস্বাস্থ্যকৰ হেনান প্ৰাদেশিক আৰু ব্যক্তিগত সংগ্ৰহ কেন্দ্ৰত ধনৰ বিনিময়ত কৰা ৰক্তদাতাৰ পৰা তেজ সংগ্ৰহ কৰি এটা কেন্দ্ৰীয় টেংক প্লাজমাত ভৰাই পৃথক কৰা হয়, আৰু বাকী থকা তেজ কেন্দ্ৰীয় টেংকৰ পৰা পুনৰ একে ধৰণৰ তেজৰ দাতালৈ পঠিওৱা হয়।

লগতে পঢ়কঃপত্নীৰ কথা মানি চলা পুৰুষৰ বেমাৰত পৰাৰ সম্ভাৱনা কম; কোৱা হৈছে গৱেষণাত

হেনানত এইচ আই ভি মহামাৰীৰ সময়ত এইডছ প্ৰতিৰোধৰ কামৰ বাবে, আৰু এইডছত আক্ৰান্ত লোক আৰু এইডছত অনাথ শিশুৰ প্ৰতি বহুত বেছি মনোযোগ দিয়াৰ পোষকতা কৰাৰ বাবে ডাঃ গাও চীন আৰু বিশ্বজুৰি সুপৰিচিত আছিল।

এইডছ মহামাৰীৰ সংক্ৰমণ আৰু চীনত এইডছ মহামাৰীৰ ভয়াৱহতাৰ বাবে চীন কৰ্তৃপক্ষৰ সৈতে তেওঁৰ সংঘাত হোৱাত তেওঁৰ কামকাজত অধিক বাধাৰ সৃষ্টি কৰে আৰু ফলত ২০০৯ চনত তেওঁ আমেৰিকালৈ গুচি যায়। পিছলৈ তেওঁ নিউয়ৰ্ক চহৰৰ আপটাউন মানহাটানত অকলে বাস কৰিছিল।

ডাঃ গাওৰ কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ বাবে অৱশ্যে চৰকাৰে এইডছৰ সমস্যা আছে বুলি স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল।

২০০৩ চনত চীন চৰকাৰে আনুষ্ঠানিকভাৱে স্বীকাৰ কৰিছিল যে চীনত এইডছৰ অস্তিত্ব আছে আৰু এই ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে ধন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

২০০৪ চনত চীনৰ এইচ আই ভি/এইডছ সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ থিম গ্ৰুপে এটা প্ৰতিবেদন প্ৰকাশ কৰি অনুমান কৰিছিল যে ২০০১ চনলৈকে চীনত ৮৫০,০০০ৰ পৰা ১৫ লাখ প্ৰাপ্তবয়স্ক লোক এইচ আই ভিত আক্ৰান্ত হৈছে।

লগতে পঢ়কঃচাৰে ৩ ঘণ্টাৰ চিনেমাত ৰণবীৰৰ সৈতে অন্তৰংগ ১০ মিনিট; তাতেই তোলপাৰ, ৩০ লাখ ফলোৱাৰ বাঢ়িল তৃপ্তিৰ

২০০৭ চনত চীনৰ স্বাস্থ্য বিষয়াসকলে অনুমান কৰিছিল যে মাত্ৰ ৭ লাখ ৫০ হাজাৰ প্ৰাপ্তবয়স্ক লোক আক্ৰান্ত হৈছে যদিও আন সূত্ৰই অনুমান কৰিছিল যে প্ৰকৃত সংখ্যা ১৫ লাখৰ ওচৰত।

সেই বছৰৰ অক্টোবৰ মাহলৈকে চীনত আনুষ্ঠানিকভাৱে ১৮৩,৭৩৩ জন এইচ আই ভি ৰোগীৰ সংখ্যা ৰেকৰ্ড কৰা হৈছিল, য’ত ১২,৪৬৪ জন লোকৰ মৃত্যু হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদী-শ্বাহৰ নেতৃত্বত দুই ধৰণৰ ‘গুণ্ডা’ গোটৰ উত্থান! বিজেপিক তীব্ৰ আক্ৰমণ প্ৰশান্ত ভূষণৰ

মোদী-শ্বাহৰ নেতৃত্বত দুই ধৰণৰ ‘গুণ্ডা’ গোটৰ উত্থান! বিজেপিক তীব্ৰ আক্ৰমণ প্ৰশান্ত ভূষণৰ

August 8, 2026 12:23 pm
কেন্দ্ৰৰ ডিপ টেক পুঁজিতো কেলেংকাৰী! বাছনি সমিতিৰ সদস্যৰে হলিগলি ১,৩৭৭ কোটি টকা ঋণ লাভ কৰা ১৫টা কোম্পানীৰ

কেন্দ্ৰৰ ডিপ টেক পুঁজিতো কেলেংকাৰী! বাছনি সমিতিৰ সদস্যৰে হলিগলি ১,৩৭৭ কোটি টকা ঋণ লাভ কৰা ১৫টা কোম্পানীৰ

August 8, 2026 11:35 am
সাৱধান! দেশত ৩২খন ভুৱা বিশ্ববিদ্যালয়ৰ তালিকা প্ৰকাশ কৰিলে কেন্দ্ৰই

সাৱধান! দেশত ৩২খন ভুৱা বিশ্ববিদ্যালয়ৰ তালিকা প্ৰকাশ কৰিলে কেন্দ্ৰই

August 8, 2026 10:27 am
অৰুণাচল প্ৰদেশক লৈ ভাৰতৰ ডাঙৰ পদক্ষেপ! মানচিত্ৰত ২৭ টা স্থান চিহ্নিত, চীনলৈ ডাঙৰ বাৰ্তা

অৰুণাচল প্ৰদেশক লৈ ভাৰতৰ ডাঙৰ পদক্ষেপ! মানচিত্ৰত ২৭ টা স্থান চিহ্নিত, চীনলৈ ডাঙৰ বাৰ্তা

August 8, 2026 10:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদী-শ্বাহৰ নেতৃত্বত দুই ধৰণৰ ‘গুণ্ডা’ গোটৰ উত্থান! বিজেপিক তীব্ৰ আক্ৰমণ প্ৰশান্ত ভূষণৰ

মোদী-শ্বাহৰ নেতৃত্বত দুই ধৰণৰ ‘গুণ্ডা’ গোটৰ উত্থান! বিজেপিক তীব্ৰ আক্ৰমণ প্ৰশান্ত ভূষণৰ

August 8, 2026 12:23 pm
কেন্দ্ৰৰ ডিপ টেক পুঁজিতো কেলেংকাৰী! বাছনি সমিতিৰ সদস্যৰে হলিগলি ১,৩৭৭ কোটি টকা ঋণ লাভ কৰা ১৫টা কোম্পানীৰ

কেন্দ্ৰৰ ডিপ টেক পুঁজিতো কেলেংকাৰী! বাছনি সমিতিৰ সদস্যৰে হলিগলি ১,৩৭৭ কোটি টকা ঋণ লাভ কৰা ১৫টা কোম্পানীৰ

August 8, 2026 11:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd