• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক্ৰছ ভোটিং! অসমৰ বিৰোধীত ভাঙোন; দ্ৰৌপদী মুৰ্মুৱে লাভ কৰিলে ২৫ টা বিৰোধী ভোট

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
July 22, 2022 10:41 am
অসম বিধানসভাত ১৮ জুলাইত ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান।

অসম বিধানসভাত ১৮ জুলাইত ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিৰোধীত থকা ভাঙোন পুনৰবাৰ দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা টুইটতে স্পষ্ট হৈছে এই কথা।

টুইটত মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি ১২৬ গৰাকী বিধায়কৰ ভিতৰত ১০৪ টা ভোট NDA সমৰ্থিত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে লাভ কৰিছে।

AIUDF ৰ দুগৰাকী বিধায়ক হজত যোৱা বাবে ভোট দানৰ পৰা বিৰত আছিল।

Apply Now

বাকী ৭৯ টা NDA অৰ্থাৎ বিজেপি মিত্ৰজোঁটৰ আছিল যদিও বাকী অতিৰিক্তভাৱে ২৫ টা ভোট বিৰোধী পক্ষৰ পৰা অহাটো একেবাৰে নিশ্চিত। অৰ্থাৎ ২৫ টা ক্ৰছ ভোটিং অসমৰ পৰা হোৱা বুলি মুখ্যমন্ত্ৰীৰ টুইটত স্পষ্ট।

Smt Droupadi Murmu polled 104 votes compared to NDA’s original strength of 79 in the 126 member Assam Assembly. 2 absent .

My heartfelt gratitude to the people of Assam for reposing their faith in the NDA’s Presidential candidate & wholeheartedly joining this historic moment.

— Himanta Biswa Sarma (@himantabiswa) July 21, 2022

প্ৰশ্ন হৈছে বিৰোধী পক্ষৰ কোন ২৫ গৰাকী বিধায়কে দিলে ক্ৰছ ভোটিং?

অৱশ্যে কিছুদিনৰ পৰা বিপিএফেও বিজেপিৰ সমৰ্থনতে কাম কৰি যোৱা বুলি অনুমান কৰিব পাৰি। তেনেক্ষেত্ৰত দ্ৰৌপদী মুৰ্মুৰ সমৰ্থনতে ভোট দিয়াটো স্বাভাৱিক।

এতিয়া পুনৰ প্ৰশ্ন হৈছে দুগৰাকীক বাদ দি AIUDF ৰ ১৩ গৰাকী বিধায়কে দ্ৰৌপদী মুৰ্মুৰ প্ৰতি সমৰ্থন জনাই দিলে নেকি ক্ৰছ ভোট?

কিছুসংখ্যকে কংগ্ৰেছৰ প্ৰতিও প্ৰশ্ন উত্থাপন নকৰা নহয়। কংগ্ৰেছৰ পৰা বহিষ্কৃত তিনি বিধায়কৰ বাদেও অন্য কংগ্ৰেছী বিধায়কেও কৰিলে নেকি ক্ৰছ ভোটিং?

এই সন্দৰ্ভত ৰাইজৰ দলৰ উপ সভাপতি ৰাছেল হুছেইনে ফেচবুকযোগে লিখিছে “অসমত NDA ৰ মুঠ শক্তি হ’ল ৭৯। দ্ৰৌপদী মুৰ্মুৱে পালে ১০৪টা ভোট। ক্ৰছ ভোটিং ২৫ টা ।

অৰ্থাৎ যোৱা ৰাজ্যসভাৰ নিৰ্বাচনৰ পৰম্পৰা ৰক্ষা কৰি AIUDF য়ে দিলে ১৩ টা ভোট। ৰহা, কৰিমগঞ্জ দক্ষিণ আৰু বাঘবৰৰ বিদ্ৰোহী কংগ্ৰেছ বিধায়ক ক্ৰমে শশীকান্ত দাস, সিদ্দেক আহমেদ আৰু শ্বেৰমান আলীক লৈ মুঠ ১৬ টা ভোট বিজেপি নেতৃত্বাধীন NDA ত পৰাটো প্ৰায় খাটাং। পিছে আন ৯ জন ছদ্মবেশী বিধায়ক যদি কংগ্ৰেছৰ হয় তেতিয়া হ’লে তেওঁলোকৰ বিৰুদ্ধে দলটোৱে অনতিপলমে ব্যৱস্থা লব লাগে। যদি নোৱাৰে, অন্তত অসমৰ সংসদীয় ৰাজনীতিত তেওঁলোক শেষ”।

এতিয়া কথা হ’ল বিৰোধী বিধায়কৰ ভোট আছিল ৪৫ টা। ২৫ টা ভোট যদি ক্ৰছ হয় তেন্তে ২০ টা বিৰোধী ভোটহে যশোৱন্তই পালে!

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd