• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এই বয়সলৈকে বৈধ থাকিব ড্ৰাইভিং লাইচেন্স! গাড়ী চালনাৰ ম্যাদক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2026 3:48 pm
653
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ কোটি কোটি চালকৰ বাবে হয়তো অতি সোনকালে আহিব পাৰে সকাহৰ খবৰ। বাৰে বাৰে ড্ৰাইভিং লাইচেন্স নবীকৰণৰ হেঁচা কমোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বৃহৎ সংস্কাৰৰ কথা চিন্তা কৰিছে। সূত্ৰ অনুসৰি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে এটা প্ৰস্তাৱ বিবেচনা কৰি আছে, যাৰ ফলত ড্ৰাইভিং লাইচেন্সৰ বৈধতা চিধাই চালকজনৰ ৫০ বছৰ বয়সলৈকে বৃদ্ধি কৰা হ’ব পাৰে।

বৰ্তমান ভাৰতত ড্ৰাইভিং লাইচেন্স সাধাৰণতে ২০ বছৰ বা নিৰ্দিষ্ট বয়সৰ সীমা পৰ্যন্ত বৈধ। বৈধতাৰ ম্যাদ উকলি যোৱাৰ পিছত চালকসকলে অনুজ্ঞাপত্ৰ নবীকৰণৰ বাবে আঞ্চলিক পৰিবহণ কাৰ্যালয়ত আবেদন কৰিব লাগে। এই প্ৰক্ৰিয়াত বিভিন্ন নথি-পত্ৰ জমা দিব লাগে, চিকিৎসাৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিব লাগে আৰু প্ৰশাসনিক আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিব লাগে। নতুন প্ৰস্তাৱ কাৰ্যকৰী হ’লে এই হেঁচা বহু পৰিমাণে হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে।

Apply Now

মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি এই প্ৰস্তাৱ এতিয়াও আলোচনাৰ পৰ্যায়ত আছে। কিন্তু পৰিকল্পনা সফল হ’লে ড্ৰাইভিং লাইচেন্স পোনপটীয়াকৈ ৫০ বছৰ বয়সলৈকে বৈধ হ’ব পাৰে।ইয়াৰ ফলত সঘনাই অনুজ্ঞাপত্ৰ নবীকৰণৰ প্ৰয়োজনীয়তা হ্ৰাস পাব আৰু সময় আৰু ধনৰ ক্ষেত্ৰতো সাধাৰণ মানুহ লাভৱান হ’ব।

কেন্দ্ৰই কেৱল ড্ৰাইভিং লাইচেন্সেই নহয়, পৰিবহণ সম্পৰ্কীয় একাধিক সেৱাক সম্পূৰ্ণৰূপে ডিজিটেল কৰাৰ দিশতো আগবাঢ়িছে। গাড়ী বা মটৰবাইকৰ মালিকীস্বত্ব হস্তান্তৰ, অনুমতি নবীকৰণ আৰু অন্যান্য প্ৰশাসনিক কাম অনলাইনযোগে সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ ফলত আৰ টি অ’ৰ কাৰ্যালয়লৈ বাৰে বাৰে যোৱাৰ প্ৰয়োজনীয়তা হ্ৰাস পাব আৰু সেৱা দ্ৰুত আৰু স্বচ্ছ হ’ব।

অৱশ্যে এই প্ৰস্তাৱক লৈ একাংশ ৰাজ্যই উদ্বেগ প্ৰকাশ কৰিছে। অনুজ্ঞাপত্ৰ নবীকৰণৰ সংখ্যা কমি গ’লে ৰাজহ সংগ্ৰহত প্ৰভাৱ পৰিব পাৰে বুলি তেওঁলোকৰ আশংকা। অৱশ্যে ৰাজ্যসমূহে যাতে আৰ্থিক ক্ষতিৰ সন্মুখীন নহয় তাৰ বাবে অনলাইন মাচুল সংগ্ৰহৰ আধুনিক ব্যৱস্থা গঢ়ি তোলা হ’ব বুলি কেন্দ্ৰই জনাইছে।

এফালে সাধাৰণ নাগৰিকৰ বাবে নিয়মবোৰ সৰল কৰাৰ পৰিকল্পনা কৰা হৈছে, আনফালে চৰকাৰে যান-বাহন আইন উলংঘাৰ বিৰুদ্ধে কঠোৰ হোৱাৰ কথাও চিন্তা কৰিছে। নতুন প্ৰস্তাৱ অনুসৰি যান-বাহন নিয়ম উলংঘা কৰিলে চালকৰ নামত ‘নেগেটিভ পইণ্ট’ সংযোজন কৰা হ’ব।

যদি কোনো চালকে নিৰ্দিষ্ট সময়ৰ ভিতৰত অতিৰিক্ত ঋণাত্মক পইণ্ট জমা কৰে, তেন্তে তেওঁৰ ড্ৰাইভিং লাইচেন্স সাময়িকভাৱে স্থগিত ৰখা হ’ব পাৰে বা গুৰুতৰ ক্ষেত্ৰত বাতিল কৰা হ’ব পাৰে। ইয়াৰ দ্বাৰা পথ সুৰক্ষা আৰু অধিক শক্তিশালী হ’ব বুলি প্ৰশাসনৰ বিশ্বাস।

যদিও এই সকলোবোৰ প্ৰস্তাৱ এতিয়াও আলোচনাৰ পৰ্যায়ত আছে আৰু কেন্দ্ৰীয় মন্ত্ৰালয়ে ইয়াৰ কাৰ্যকৰীকৰণৰ নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰা নাই। কিন্তু বিশেষজ্ঞসকলৰ মতে এই প্ৰস্তাৱসমূহ অনুমোদন পালে দেশৰ পৰিবহণ ব্যৱস্থা অধিক আধুনিক, কাগজবিহীন আৰু নাগৰিক অনুকূল হৈ পৰিব।

পৰিবহণ খণ্ডৰ এই সম্ভাৱ্য সংস্কাৰসমূহ যদি ৰূপায়ণ কৰা হয় তেন্তে দেশৰ কোটি কোটি চালকৰ দৈনন্দিন জীৱনত ই যথেষ্ট প্ৰভাৱ পেলাব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd