সুৰাপান কৰি এচিৰ বতাহত শুবলৈ মন গ’ল চালকৰ। গতিকে মালিকৰ গাড়ীখন ৰাস্তাৰ কাষত ৰখাই থোৱাত ড্ৰাইভাৰজন গাড়ীখনৰ ভিতৰতে শুই পৰিল। কিন্তু ক্ষণিকৰ বিলাসীতাই তেওঁৰ জীৱনৰ চৰম পৰিণতিৰ সৃষ্টি কৰিব বুলি হয়টো কোনোৱে কল্পনাও কৰিব পৰা নাছিল। কিন্তু গাড়ীৰ ভিতৰতে চালকজনে মৃত্যুক সাৱটি লয়।
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, গাজিয়াবাদৰ প্ৰহ্লাদ গড় অঞ্চলত ট্ৰেফিক চিগনেলৰ কাষত ৰখাই থোৱা এখন গাড়ীৰ পৰা উদ্ধাৰ হৈছে চালকজনৰ মৃতদেহ। ৰাতিপুৱা গাড়ীৰ মালিকে আহি গাড়ীৰ খিৰিকীত কেইবাবাৰো টোকৰ মাৰিলে। কিন্তু ভিতৰৰ পৰা কোনো সঁহাৰি নোপোৱাৰ বাবে তেওঁৰ সন্দেহ হ’ল। ইয়াৰ পাছতে তেওঁ আৰক্ষীক ফোন কৰে। ঘটনাস্থলীত উপস্থিত হৈ গাড়ীখনৰ খিৰিকী ভাঙি চালকজনৰ নিথৰ মৃতদেহ উদ্ধাৰ কৰে। যুৱকজনৰ নাম কল্লু ডুবে বুলি জনা যায়।
চালকজনৰ মৃত্যু কেনেকৈ হ’ল?
আৰক্ষীৰ মতে, কল্লুৱে মদ্যপান কৰি গাড়ীত উঠি এচি অন কৰি টোপনি যায়। কিন্তু এচি চলি থকাৰ সময়তে গাড়ীখনৰ পেট্ৰল শেষ হোৱাৰ পাছত গাড়ীখনৰ এচি বন্ধ হৈ যায়। ইয়াৰ পাছতে তেওঁৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হয়। কিন্তু গাড়ীখনত চিএনজিৰ বিকল্প আছিল। আৰক্ষীৰ মতে চালকজন ইমানেই মদ খাইছিল যে এচি বন্ধ হোৱাৰ পাছত গাড়ীৰ খিৰিকীখন উঠি খোলাৰ ক্ষমতাও নাছিল।
গাড়ীৰ মালিকে আৰক্ষীক জনোৱা মতে, তেওঁৰ গাড়ীৰ বুকিং থকাৰ বাবেই তেওঁ পুৱা ৭ বজাৰ পৰা কল্লুক ফোন কৰি আছিল। কিন্তু তেওঁ ফোন ৰিচিভৰ বাবে বুকিং বাতিল কৰিবলগীয়া হ’ল। পাছত তেওঁ নিজৰ গাড়ীখন ঘৰৰ কাষতে থকা সুৰাৰ দোকান এখনৰ সন্মুখত ৰখাই থোৱা দেখিলে।
আৰক্ষীয়ে আহি কল্লুৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। গাড়ীৰ মালিকে লগতে কয় যে কল্লুৱে যোৱা ৩ বছৰে তেওঁৰ গাড়ীৰ চালক আছিল। তেওঁৰ ৬ বছৰীয়া ল’ৰা এটা আছে যদিও ৮ বছৰ আগতে কল্লুৰ পত্নীৰ মৃত্যু হৈছিল।