DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

২৬ মে’ৰ পূৰ্বে ৱেটিং লিষ্ট প্ৰকাশ কৰাৰ দাবীত নলবাৰীত DYFI আৰু SFI ৰ প্ৰতিবাদী অৱস্থান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 12, 2023 2:43 pm
1.2k
VIEWS
Share on FacebookShare on Twitter

ডি ৱাই এফ আই আৰু এছ এফ আইৰ উদ্যোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে নলবাৰী জিলাৰ টিহুত। “অ’ভাৰলেপিং বন্ধ কৰক”, “৫১ হাজাৰ পদৰ বিপৰীতে ৫১ হাজাৰক নিযুক্তি দিয়ক”, “প্ৰাৰ্থীৰ প্ৰাপ্ত নম্বৰ, কাট অফ নম্বৰসহ নাম তালিকা প্ৰকাশ কৰক”, “২৬ মে’ৰ আগতে ৱেটিং লিষ্ট প্ৰকাশ কৰক”- আদি শ্লোগানেৰে প্ৰতিবাদস্থলি উত্তাল কৰি তোলে।

অসম চৰকাৰে বৃহৎ ঘোষণাৰে আৰাম্ভ কৰা ৫১ হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ নামত যুৱ সমাজক ডাঙৰ প্ৰতাৰণা কৰিবলৈ ওলাইছে বুলি অভিযোগ কৰি ডি ৱাই এফ আই নেতা তথা নলবাৰী জিলা সম্পাদক কুলজিত কলিতাই কয় যে, চৰকাৰে অস্বচ্ছ আৰু পৰিকল্পনাহীন নীতিৰ বাবে ৫১ হাজাৰ পদৰ সলনি মাত্ৰ ২০/২৫ প্ৰাৰ্থীয়েহে নিযুক্তি লাভ কৰিব। স্বচ্ছতা আৰু নিকা নিযুক্তিৰ কথা কোৱা এইখন চৰকাৰে প্ৰাৰ্থীসকলে লাভ কৰা নম্বৰ, কাট অফ নম্বৰ প্ৰকাশ নকৰিলে। এজন প্ৰাৰ্থীয়ে সৰ্বোচ্চ ৪০ টা পদলৈ নিৰ্বাচিত হোৱাৰ পাছতো অগ্ৰাধিকাৰ ভিত্তিত পদ বাচনিৰ কোনো ব্যৱস্থা নকৰিলে। এয়া খুবে দুৰ্ভাগ্যজনক আৰু প্ৰতাৰণামূলক। অ’ভাৰলেপিঙৰ ফলত ৰই যোৱা পদসমূহৰ বাবে ৱেটিং লিষ্ট প্ৰকাশৰ অতি জৰুৰী আছিল যদিও চৰকাৰে কোনো পদক্ষেপেই নল’লে। প্ৰকৃততে এইখন চৰকাৰে এক লাখ নিযুক্তি দিম বুলি বৃহৎ ঘোষণা কৰি ৰাজনৈতিক লাভ বুটলাৰ চেষ্টা কৰিছে যদিও বাস্তৱত মাত্ৰ কেইবা হাজাৰ মান পদতহে নিযুক্তি দিব। এয়া চকাৰৰ যুৱ সমাজৰ প্ৰতি ডাঙৰ প্ৰতাৰণা। এই প্ৰতাৰণা বিৰুদ্ধেই ডি ৱাই এফ আই আৰু এছ এফ আইয়ে ধাৰাবাহিক সংগ্ৰাম কৰিছে বুলি তেওঁ মন্তব্য কৰে।

আজিৰ অৱস্থানৰ মাজেৰে এটাও যাতে খালী পদত খালী হৈ নাথাকে তাৰ ব্যৱস্থা কৰা, নিকা আৰু স্বচ্ছতাৰ বাবে প্ৰাপ্ত নম্বৰ আৰু কাট অফ নম্বৰসহ প্ৰাৰ্থীৰ নাম তালিকা প্ৰকাশ কৰা, ২৬ মে’ৰ পূৰ্বে ৱেটিং লিষ্ট প্ৰকাশ কৰাৰ দাবী কৰা হয়।

আজিৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী সম্পৰ্কে প্ৰশাসনক জনোৱা হৈছিল যদিও কাৰ্যসূচী ৰূপায়ণত আৰক্ষীৰ তীব্ৰ বাধা দিয়া পৰিলক্ষিত হয়। কাৰ্যসূচী দীঘলীয়া হোৱাৰ কথা আছিল যদিও আৰক্ষীৰ বাধাৰ বাবে দুঘন্টাৰ পাছতে অৱস্থান সামৰিবলগীয়া হয়।

দুই ঘন্টীয়া অৱস্থান। প্ৰশাসনৰ এই অগণতান্ত্ৰিক ভুমিকাক ডি ৱাই এফ আই আৰু এছ এফ আইৰ নেতৃত্বই তীব্ৰ ভাষাৰে গৰিহণা জনায়।

Recent News

তিনিচুকীয়াত শহুৰেকৰ আক্ৰমণত প্ৰাণ গ’ল গৰ্ভস্থ শিশুসহ গৰ্ভৱতী মহিলাৰ

তিনিচুকীয়াত শহুৰেকৰ আক্ৰমণত প্ৰাণ গ’ল গৰ্ভস্থ শিশুসহ গৰ্ভৱতী মহিলাৰ

Manipur Violence

অশান্ত মণিপুৰ: সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত তিনিগৰাকী নিহত

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

লুইছ বাৰ্জাৰ কেলেংকাৰীৰ তদন্তৰ অগ্ৰগতিত অসন্তুষ্ট ভবেন সন্দিকৈ

লুইছ বাৰ্জাৰ কেলেংকাৰীৰ তদন্তৰ অগ্ৰগতিত অসন্তুষ্ট ভবেন সন্দিকৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd