আমাৰ শৰীৰৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ হ’ল যকৃত (লিভাৰ)। ই তেজ পৰিষ্কাৰ কৰা, পাচনত সহায় কৰা, শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱা, হৰম’ন নিয়ন্ত্ৰণ কৰা, শক্তি সংৰক্ষণ কৰা আদি বহুতো গুৰুত্বপূৰ্ণ কাম কৰে। গতিকে লিভাৰৰ স্বাস্থ্য মানে শৰীৰৰ সামগ্ৰিক স্বাস্থ্য।
অনিয়মিত জীৱনশৈলী, অত্যধিক ঔষধ খোৱা, ভজা খাদ্য খোৱা, মদ খোৱা, মানসিক চাপৰ ফলত লিভাৰ সহজে ক্ষতিগ্ৰস্ত হয়। কিন্তু আপুনি জানেনে যে উপযুক্ত খাদ্যাভ্যাস আৰু নিয়মিতভাৱে কিছুমান বিশেষ ফল খালে যকৃতক বহুখিনি সুস্থ কৰি ৰাখিব পাৰি?
* লিভাৰৰ কাম কি?
লিভাৰে আমাৰ শৰীৰত ৫০০ৰো অধিক কাৰ্য্য সম্পাদন কৰে। ইয়াৰ মূল কাৰ্য্যসমূহ হ’ল:
* খাদ্যৰ পৰা পুষ্টিকৰ উপাদান শোষণ কৰি তেজত বিতৰণ কৰা
* তেজত জমা হোৱা বিষাক্ত পদাৰ্থ ফিল্টাৰ কৰি উলিয়াই দিয়া
* শৰীৰত গ্লুক’জ জমা কৰি প্ৰয়োজন সাপেক্ষে যোগান ধৰা
* পিত্তৰ ৰস তৈয়াৰ কৰা যিয়ে চৰ্বি হজম কৰাত সহায় কৰে।
* ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা
* ফল-মূল খোৱাটো কিয় গুৰুত্বপূৰ্ণ?
ফলমূলত থকা ভিটামিন, খনিজ পদাৰ্থ, এন্টিঅক্সিডেন্ট, আঁহ আদিয়ে লিভাৰক বিষমুক্ত কৰাত সহায় কৰে। কিছুমান বিশেষ ফলত লিভাৰৰ কোষ পুনৰ গঢ়ি তোলা আৰু প্ৰদাহ কমোৱা উপাদান থাকে।
* লিভাৰৰ বাবে উপকাৰী উত্তম ফল
* আঙুৰ লিভাৰক সুৰক্ষা দিয়াৰ এক ভাল উপায়। আকৰ্ষণীয় ৰং আৰু মিঠা সোৱাদৰ আঙুৰ কেৱল উপভোগ্যই নহয়, লিভাৰক সুস্থ কৰি ৰখাৰ বাবেও এক উত্তম ফল। বিশেষকৈ ক’লা আঙুৰত ৰেচভেৰাট্ৰল নামৰ শক্তিশালী এন্টিঅক্সিডেন্ট থাকে, যিয়ে লিভাৰৰ কোষক ক্ষতিৰ পৰা ৰক্ষা কৰে আৰু ইয়াৰ স্বাভাৱিক কাৰ্য্যকলাপ বজাই ৰখাত সহায় কৰে। আঙুৰ খালে লিভাৰৰ প্ৰদাহ কমি যায়, ফেটি লিভাৰৰ সম্ভাৱনা কম হয় আৰু শৰীৰৰ বিষমুক্তকৰণ প্ৰক্ৰিয়াও সক্ৰিয় হয়।
* নেমু আৰু কমলা কেৱল ৰুচিৰ বাবেই নহয়, লিভাৰৰ যত্নৰ বাবেও একেবাৰে নিৰ্ভৰযোগ্য। এই ফলবোৰত ভিটামিন চি আৰু প্ৰাকৃতিক এন্টিঅক্সিডেন্ট থাকে, যিয়ে লিভাৰৰ ডিটক্স প্ৰক্ৰিয়া ত্বৰান্বিত কৰে। ভিটামিন চিয়ে লিভাৰৰ এনজাইম সক্ৰিয় কৰে, যাৰ বাবে শৰীৰৰ পৰা ক্ষতিকাৰক বিষাক্ত পদাৰ্থ সহজে আঁতৰি যায়।
অৱশ্যে ফল-মূল বেছিকৈ খোৱাটোও ঠিক নহয়। এনে ক্ষেত্ৰত চিকিৎসকৰ মতে যদি অত্যধিক ফ্ৰুক্ট’জ শৰীৰত প্ৰৱেশ কৰে তেন্তে এজন ব্যক্তি ফেটি লিভাৰত ভুগিব পাৰে। তদুপৰি তেজত চেনিৰ মাত্ৰা বৃদ্ধি হ’লে ক’ৰ’নাৰী ধমনীত চাপ পৰিব পাৰে। গতিকে হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰাখিবলৈ ফলৰ সেৱন নিয়ন্ত্ৰণ কৰিব লাগে।
* তেনেহ’লে ফল কেতিয়া খাব লাগে
নিয়মিতভাৱে ফলমূল খোৱা বহু লোক আছে। দৈনন্দিন খাদ্যাভ্যাসতো তেওঁলোকে অত্যধিক পৰিমাণৰ ফলমূল খায়। পুষ্টিবিদসকলৰ মতে, ফল-মূল দিনটোত এবাৰ খাব পাৰি। এনে ক্ষেত্ৰত ব্ৰেকফাষ্টত ফল-মূল খোৱাৰ সুফল অধিক হয়। নিয়মিতভাৱে অত্যধিক ফল নোখোৱাকৈ বতৰৰ ফল কম পৰিমাণে খালে কোনো সমস্যাৰ সৃষ্টি নহয়।





