• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পশ্চিমবংগৰ ভোটাৰ তালিকা বিতৰ্ক: মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে মহাভিযোগৰ প্ৰস্তুতি বিৰোধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2026 6:24 pm
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওৰ পৰা নাই পশ্চিমবংগৰ ভোটাৰ তালিকা বিতৰ্কৰ। সাম্প্ৰতি এই বিতৰ্কই এক নতুন দিশলৈ গতি কৰিছে। আগন্তুক দিনবোৰত বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ই মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে সদনত মহাভিযোগ প্ৰস্তাৱ উত্থাপন কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। পশ্চিমবংগৰ ভোটাৰ তালিকাৰ পৰা বৃহৎসংখ্যক ভোটাৰৰ নাম কৰ্তন কৰাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে তৃণমূল কংগ্ৰেছৰ উদ্যোগত বিৰোধী শিবিৰে এই কঠোৰ পদক্ষেপ গ্ৰহণৰ প্ৰস্তুতি চলাইছে। সংসদত ৰাজ্যসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ কাৰ্যালয়ত অনুষ্ঠিত ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ এখন বৈঠকত এই গুৰুত্বপূৰ্ণ বিষয়টো উত্থাপন কৰা হয়।

সূত্ৰৰ পৰা জানিব পৰা মতে, খাৰ্গেৰ সভাপতিত্বত অনুষ্ঠিত উক্ত বৈঠকত লোকসভাৰ তৃণমূল কংগ্ৰেছৰ উপ-দলপতি শতাব্দী ৰয়ে এই প্ৰস্তাৱটো আগবঢ়ায়। তেওঁ উল্লেখ কৰে যে ভাৰতৰ নিৰ্বাচন আয়োগে যোৱা ২৮ ফেব্ৰুৱাৰীত পশ্চিমবংগৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰাৰ পিছৰে পৰা ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিৰ্বাচন আয়োগৰ দ্বাৰা পৰিচালিত বিশেষ সংক্ষিপ্ত সংশোধনৰ (Special Intensive Revision) নামত ভোটাৰ তালিকাৰ পৰা বহু নাম কৰ্তন কৰাৰ প্ৰতিবাদত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে যোৱা ৬ মাৰ্চৰ পৰা ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এনে পৰিস্থিতিত বিৰোধীয়ে পৰৱৰ্তী পদক্ষেপ হিচাপে মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীৰ বিৰুদ্ধে মহাভিযোগ প্ৰস্তাৱ অনাটো অত্যন্ত জৰুৰী বুলি শতাব্দী ৰয়ে যুক্তি দৰ্শায়।

Apply Now

তৃণমূল নেত্ৰীগৰাকীৰ এই প্ৰস্তাৱত মিত্ৰজোঁটৰ অন্যান্য বিৰোধী নেতাসকলেও সন্মতি প্ৰকাশ কৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে। বৰ্তমান তৃণমূল কংগ্ৰেছে এই প্ৰস্তাৱটোৰ নেতৃত্ব লৈছে যদিও সমগ্ৰ বিৰোধী শিবিৰে কোনখন সদনত এই প্ৰস্তাৱ উত্থাপন কৰা হ‘ব, তাক লৈ বিস্তৃত আলোচনা অব্যাহত ৰাখিছে। এগৰাকী জ্যেষ্ঠ বিৰোধী নেতাই জানিবলৈ দিয়া মতে, সংসদৰ যিকোনো এখন সদনত এই প্ৰস্তাৱ উত্থাপন কৰিবলৈ বিৰোধীৰ হাতত প্ৰয়োজনীয় সংখ্যা মজুত আছে। ইফালে, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ জৰিয়তে বংগ বিভাজনৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰি মমতা বেনাৰ্জীয়ে নিজৰ অৱস্থান ধৰ্মঘট অব্যাহত ৰাখিছে। আনকি কলকাতা ভ্ৰমণৰ সময়ত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ক’লা পতাকা আৰু তীব্ৰ প্ৰতিবাদৰো সন্মুখীন হ’বলগীয়া হৈছে।

উল্লেখ্য যে, ভাৰতীয় সংবিধানৰ ৩২৪(৫) অনুচ্ছেদ অনুসৰি মুখ্য নিৰ্বাচন আয়ুক্ত এগৰাকীক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দৰেই মহাভিযোগ প্ৰক্ৰিয়াৰ জৰিয়তে পদৰ পৰা অপসাৰণ কৰিব পাৰি। ইয়াৰ বাবে লোকসভা আৰু ৰাজ্যসভা দুয়োখন সদনতে উপস্থিত থকা আৰু ভোটদান কৰা সদস্যসকলৰ দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন হয়। এই প্ৰস্তাৱ সংসদৰ যিকোনো এখন সদনতে উত্থাপন কৰিব পাৰি যদিও ৰাজ্যসভাত উত্থাপন কৰিবলৈ কমেও ৫০ গৰাকী আৰু লোকসভাত কমেও ১০০ গৰাকী সদস্যৰ স্বাক্ষৰ থকাটো বাধ্যতামূলক। প্ৰস্তাৱটোত অপসাৰণৰ নিৰ্দিষ্ট কাৰণসমূহ স্পষ্টকৈ উল্লেখ থাকিব লাগিব। সদনত প্ৰস্তাৱটো উত্থাপন হোৱাৰ পিছত সংশ্লিষ্ট সদনৰ অধ্যক্ষ বা সভাপতিগৰাকীয়ে অভিযোগসমূহৰ তদন্তৰ বাবে এখন বিশেষ সমিতি গঠন কৰি দিব লাগে। যদিহে এই সমিতিয়ে মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীক দোষী সাব্যস্ত কৰে, তেন্তে প্ৰতিবেদনৰ ভিত্তিত সদনত ভোটদান অনুষ্ঠিত হয়। দুয়োখন সদনত দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে প্ৰস্তাৱটো গৃহীত হোৱাৰ পিছত ৰাষ্ট্ৰপতিয়ে অপসাৰণৰ চূড়ান্ত নিৰ্দেশ জাৰি কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

September 17, 2026 12:00 pm
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

চৰকাৰী নিৰ্দেশ! প্ৰধানমন্ত্ৰীৰ জন্মদিনত মেধাৱী ছাত্ৰৰ ঘৰত বন্তি জ্বলাবলৈ যাব লাগিব শিক্ষক

September 17, 2026 11:41 am
বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

September 17, 2026 10:07 am
অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

September 17, 2026 12:00 pm
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

চৰকাৰী নিৰ্দেশ! প্ৰধানমন্ত্ৰীৰ জন্মদিনত মেধাৱী ছাত্ৰৰ ঘৰত বন্তি জ্বলাবলৈ যাব লাগিব শিক্ষক

September 17, 2026 11:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd