ব্যৱসায়ী অনিল আম্বানীৰ ৰিলায়েন্স গ্ৰুপৰ কোটি কোটি টকাৰ সম্পত্তি জব্দ কৰিছে বলবৎকাৰী সঞ্চালকালয়ে (ইডি)। ঋণ জালিয়াতিৰ তদন্তৰ সৈতে জড়িত এক গোচৰত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
নাম প্ৰকাশত অনিচ্ছুক ইডিৰ এগৰাকী বিষয়াই নিশ্চিত কৰিছে যে ধন সৰবৰাহ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত প্ৰায় ৩ হাজাৰ কোটি টকাৰ সম্পত্তি সাময়িকভাৱে সংলগ্ন কৰা হৈছে।
এই পদক্ষেপে ৰিলায়েন্স কমিউনিকেশ্যন লিমিটেড (আৰকম) আৰু ইয়াৰ প্ৰাক্তন সঞ্চালক অনিল আম্বানীক ডাঙৰ আঘাত হানিছে।
ইয়াৰ পূৰ্বে অক্টোবৰ মাহত আৰকমে এক বিবৃতিত কৈছিল, “ৰিলায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰৰ সৈতে জড়িত ১৭ হাজাৰ কোটি টকাৰ অভিযোগ কেৱল জল্পনা-কল্পনাহে। ইয়াৰ কোনো সত্য বা ভিত্তি নাই। ৰিলায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰে নিজৰ ব্যৱসায়িক পৰিকল্পনা ৰূপায়ণত মনোনিৱেশ কৰিছে। কোম্পানীটো বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণমুক্ত। ২০২৫ চনৰ জুন মাহলৈকে ইয়াৰ মুঠ সম্পত্তি হৈছে ১৪,৮৮৩ কোটি টকা।”
ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ মাহত ষ্টক এক্সচেঞ্জত দাখিল কৰি তথ্যত বেংক অৱ বৰোডাই অনিল আৰু আৰকমৰ ঋণ একাউণ্টসমূহক ‘প্ৰৱঞ্চনামূলক’ শিতানত ৰখাৰ কথা উল্লেখ কৰিছিল। এই পদক্ষেপ কোম্পানীটোৱে কৰ্পৰেট ইনছলভেন্সি ৰিজ’লিউচন প্ৰচেছ (চিআইআৰপি)লৈ যোৱাৰ পূৰ্বে গ্ৰহণ কৰা ঋণৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছিল।
কিন্তু আৰকমে স্পষ্ট কৰি দিয়ে যে এই সকলোবোৰ ঋণ দেউলীয়া প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগতেই লোৱা হৈছিল আৰু এতিয়া ৰিজিউলেশ্যন প্লেনৰ অধীনত বা অন্য কোনো ধৰণে নিষ্পত্তি কৰা উচিত। বৰ্তমান কোম্পানীটো পৰিচালনা কৰি আছে অনিশ নিৰঞ্জন নানাৱতীয়ে। অনিল আম্বানী এতিয়া কোম্পানীটোৰ পৰিচালনা পৰিষদত নাই।
উল্লেখ্য যে শেহতীয়াকৈ বলবৎকাৰী সঞ্চালকালয়ে অনিল আম্বানী গ্ৰুপৰ কোম্পানীসমূহৰ সৈতে জড়িত ঋণ কেলেংকাৰিৰ তদন্ত আৰম্ভ কৰিছিল। এই পৰিপ্ৰেক্ষিতত ইডিয়ে কেইবাটাও বেংকৰ পৰা ৰিলায়েন্স হাউছিং ফাইনেন্স, আৰকম, ৰিলায়েন্স কমাৰ্চিয়েল ফাইনেন্স আৰু ৰিলায়েন্স কমাৰ্চিয়েল ফাইনেন্সৰ সৈতে জড়িত ঋণৰ সবিশেষ বিচাৰিছিল।
এই জালিয়াতিৰ সৈতে জড়িত মুঠ ধনৰাশি প্ৰায় ১৭ হাজাৰ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। ইয়াৰ পূৰ্বে ২০২৪ চনৰ জুন মাহত ভাৰতীয় ষ্টেট বেংকেও আৰকমৰ ঋণ একাউণ্টক প্ৰৱঞ্চনামূলক বুলি ঘোষণা কৰিছিল। বেংক অৱ ইণ্ডিয়াইও চলিত বৰ্ষৰ আগষ্ট মাহত একে পদক্ষেপ গ্ৰহণ কৰিছিল।





