• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

লুৰীণজ‍্যোতি গগৈয়ে কি জগৰ লগালে?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
August 16, 2025 3:01 pm
416
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লুৰীণ জ‍্যোতি গগৈয়ে দিল্লীত ৰাহুল গান্ধীক লগ কৰা কাৰণে মুখ‍্য মন্ত্ৰী  হিমন্তবিশ্ব শৰ্মা আৰু  বিজেপি-আৰ এচ এচৰ কিয় ইমান পোৰণি উঠিছে? যোৱা চল্লিচ বছৰে আমি কি শুনি আছোঁ? মিঞাই অসম খালে।নিৰ্বাচনৰ সময়ত তেওঁলোকৰ এই চিঞৰ-বাখৰৰ কোব চৰে।কিন্তু প্ৰথমবাৰৰ বাবে এটা জাতীয়তাবাদী দল আৰু এজন জাতীয়তাবাদী নেতাই স্পষ্ট ভাষাত কৈছে যে মিঞা বুলি নক’ব বিদেশী বুলি কওক। সেই দলটো হ’ল অসম জাতীয় পৰিষদ আৰু নেতাজন হৈছে লুৰীণ জ‍্যোতি গগৈ। আপোনালোকৰ মনত আছেনে?  হীৰালাল পাটোৱাৰীৰ মৃত‍্যুৰ পিছত মংগলদৈ লোক সভা সমষ্টিৰ উপ-নিৰ্বাচনৰ সময়ত, হঠাৎ বিদেশী নাগৰিকৰ নামেৰে ভোটাৰ লিষ্ট ভৰি পৰা বুলি তেতিয়া অসমত কেনে হুলস্থূল লগোৱা হৈছিল? কোনো কোনোৱে কয় সেইটো হেনো গোলাপ বৰবৰাৰ চৰকাৰ বগৰাবলৈ স্বাৰ্থ জড়িত মহলৰ এক ষড়যন্ত্ৰহে আছিল। মংগলদৈ আছিল আৰম্ভণি। তাকেলৈ এটা ছবছৰীয়া বিদেশী খেদা আন্দোলন হ’ল। কত প্ৰবন্ধ চলিল, কিন্তু লাখ লাখ বিদেশী(?)  য’ত আছিল তাতেই থাকিল। মাজে মাজে কেৱল মিঞাৰ ওপৰত নিৰ্যাতন কৰি বিদেশী খেদা আন্দোলনৰ অভিনয় কৰি থকা হ’ল। ছবছৰীয়া অসম আন্দোলনৰ পিছত অগপই চৰকাৰ কৰিলে। তাৰপিছতো য’ৰ বিদেশী ত’তেই থাকিল। কংগ্ৰেছে একেলেথাৰিয়ে তিনিবাৰ চৰকাৰ কৰিলে। হিমন্তক বিশ্ব শৰ্মাক অসম চুক্তি ৰূপায়ণৰ দায়িত্ব দিলে। কিন্ত তেতিয়াও য’ৰ বিদেশী ত’তেই থাকিল। এইবাৰ মোদী আহিল। দুহেজাৰ চৈধ‍্য চনৰ নিৰ্বাচনী প্ৰচাৰত নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিলে ১৬ মে‘ৰ পিছত, মানে তেওঁ ভাৰতৰ প্ৰধান মন্ত্ৰী হিচাপে শপথ লোৱাৰ পিছত অসমৰ বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব। তেনে কিমানটা ১৬ মে‘ আহিল আৰু গ’ল। কিন্তু য’ৰ বিদেশী ত’তেই থাকিল।

আজি আকৌ মিঞাক উচ্ছেদ কৰা হৈছে বাংলাদেশী বিদেশীৰ কথা কৈ। মিঞা শব্দটোক উগ্ৰ হিন্দুত্ববাদী সকলে অসমত এটা গালিলৈ ৰূপান্তৰিত কৰিছে।মিঞা শব্দৰ প্ৰকৃত অৰ্থ অতি শুৱনি, মধুৰ। মিঞা মানে মিতিৰ, বান্ধৈ। কিন্তু বংগমূলৰ মুছলমানক মিঞা বুলি কয় বাবে মুছলমান বিদ্বেষৰ কাৰণে অসমত মিঞাক এটা গালি কৰা হ’ল। আৰু এটা কথা। মানুহে চখত খাচ মাটিত নবহে। বিপদত পৰিহে বহে। হয়, কোনো কোনোৱে মাটিৰ খকতো খাচ মাটিত বহে। মিঞাৰো এটা অংশ তেনে মানুহ আছে। বা তেওঁলোকৰ মাজত হয়তো এই প্ৰৱণতাটো বেছি। কিন্তু বেদখলী মানে বিদেশী নেকি? যদি সকলো বেদখলী বিদেশী তোমালোকে তেওঁলোকক দেশৰ পৰা বহিষ্কাৰ নকৰা কিয়? লুৰীণ জ‍্যোতি গগৈয়ে কি কৈছে? তেওঁ কৈছে – আপোনালোকে মিঞা বুলি নক’ব, বিদেশী বুলি কওক। একেবাৰে সঠিক কথা।

Apply Now

এইবাৰ তেওঁলোকে মানে হিমন্ত-বিজেপি-আৰ এচ এচ আৰু তেওঁলোকৰ সমৰ্থক সকলে ৰাউচি জুৰিছে লুৰীণ জ‍্যোতি আৰু জগদীশ ভূঞাই কিয় কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীক লগ কৰিব? তেওঁলোকে ছহিদৰ কথা উলিয়াইছে। তোমালোকক মই এটা কথা মনত পেলাই দিব বিচাৰিছোঁ। অসম আন্দোলন যেতিয়া মৰহি গৈছিল, হিতেশ্বৰ শইকীয়া যেতিয়া অসমৰ মুখ‍্যমন্ত্ৰী হৈ আছিল তেতিয়া ৰাজীৱ গান্ধীয়ে অসমীয়াৰ আবেগৰ প্ৰতি সন্মান জনাই অসম চুক্তি কৰা নাছিলনে? হিতেশ্বৰ শইকীয়াৰ চৰকাৰ ভংগ কৰি নিৰ্বাচন পাতি অগপক শাসনলৈ অহাত কোনে সহায় কৰিছিল? ৰাহুল গান্ধীৰ দেউতাক ৰাজীৱ গান্ধীয়ে নহয় জানো? কিয়, এতিয়া  সেইবোৰ কথা পাহৰি যোৱা? তাৰো আগলৈ যাওঁ। বৃটিছে গ্ৰুপিঙৰ দ্বাৰা অসমক পূব পাকিস্তানত সুমাব  বিচাৰিছিল। কোনে বাধা দিছিল? গোপীনাথ বৰদলৈ আৰু অসম কংগ্ৰেছে নহয়নে? আৰু তাৰ বিপৰীতে ‘কা‘ আনি কোনে পাঁচজনকৈ অসমীয়া ল’ৰাৰ প্ৰাণ ল’লে? বিজেপি-আৰ এচ এচ-এ নহয়নে? এসময়ত তোমালোকে সৰ্বভাৰতীয় ৰাজনৈতিক দলক বৰ্জন কৰিছিলা। এতিয়া তোমালোক হিন্দুত্ববাদী বিজেপি-আৰ এচ এচৰ নেগুৰ হৈছা।হিমন্তই হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা তৰুণ গগৈৰ দিনলৈ কিমান বছৰ কংগ্ৰেছত থাকিল তেতিয়া একো জগৰ নালাগিল।এতিয়া হিমন্তই ফুটনি মাৰিছে কংগ্ৰেছত হেনো তেওঁ  দমত আছিল। সেই ভিডিঅ ফুটেজ এতিয়াও বিচাৰিলে পোৱা যাব, যেতিয়া হিমন্তই তৰুণ গগৈ সম্পৰ্কে কৈছিল- ‘চি এম চাৰক পুৱা লগ কৰিবলৈ যাওঁতে যদি তেওঁ হাঁহি এটা মাৰে মোৰ গোটেই দিনটোৱে ভাল লাগি থাকে।’ ছোনীয়া গান্ধীক লগ কৰি আহি হিমন্তই কি কৈছিল মোৰ এতিয়াও মনত আছে। ‘মোৰ চাগে  লাক ভাল আছিল সেইকাৰণেই মই ছোনীয়াজীক লগ কৰিব পাৰিলোঁ।’ হিমন্তই কিমান বোন্দাপৰ দি ৰাহুলক লগ কৰিছিলগৈ কোনে নাজানে? এতিয়া লুৰীণ-জগদীশে গৈ ৰাহুল গান্ধীক লগ কৰা কাৰণে তেওঁলোকৰ গাত জুই লাগিছে। এই জুই লগাৰ আচল কাৰণ কি জানেনে? যোৱা বিধানসভাৰ নিৰ্বাচনত লুৰীণ-অখিল যদি কংগ্ৰেছৰ লগত থাকিলহেঁতেন অসমত অবিজেপি চৰকাৰ হ’লহেঁতেন? বিজেপি- আৰ এচ এচে অসমৰ মানুহক কেনেকৈ জ্বলাকলা খুৱাইছে মানুহে দেখি আছে। গতিকে আচল ভয় ক’ৰবাত। সেইকাৰণে বৰকৈ জাতীয়তাবাদী ফটা ঢোল বজাইছে অসমীয়াৰ জাতীয় পৰিচয় হিন্দুত্বত বিলীন কৰিব বিচৰা হিমন্তবিশ্ব শৰ্মা আৰু তেওঁৰ সাংগোপাংগো সতলে। পিছে এইবাৰ এই দালি নগলে। প্ৰকৃত অসমীয়া জাতীয়তাবাদী সকলে সেই কথা বুজি পাইছে।অসমত পৰিবৰ্তনৰ বতাহ বলিছে।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd