নাগৰিকত্ব সংশোধনী বিধেয়ক তথা জনজাতিকৰণৰ বিষয়কলৈ শেহতীয়াভাৱে ৰাজ্যখনত চলি থকা প্ৰতিবাদী আন্দোলনৰ ফলত যাতে মেট্ৰিক পৰীক্ষাৰ্থীসকল ক্ষতিগ্ৰস্ত নহয় তাৰ বাবে সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনাইছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।
বন্ধ কাৰ্যসূচীৰ ফলত মেট্ৰিক পৰীক্ষাৰ সামগ্ৰী কঢ়িয়াই অনা ট্ৰাক আবদ্ধ হৈ পৰা বিষয়কলৈ দেওবাৰে মন্তব্য কৰি শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে মেট্ৰিকৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ বুনিয়াদ নিৰ্মাণ হ’ব। সেয়েহে, এইখিনি সময়ত অন্ততঃ ছাত্ৰ-ছাত্ৰীক ৰেহাই দিব লাগে।
শিক্ষা মন্ত্ৰী ভট্টাচাৰ্যই কয়, ‘’৮৫’ৰ আন্দোলনকালীন অভিজ্ঞতাই মোক শিকাইছে যে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক পণবন্দী কৰি উদ্দেশ্য সিদ্ধি কৰাটো কোনো মতেই সমৰ্থন কৰিব নোৱাৰি।‘’
শিক্ষা মন্ত্ৰীগৰাকীয়ে লগতে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ বাবে সকলোকে সহযোগিতা কৰিবলৈ আহ্বান জনায়।
আনহাতে, অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকল গণিতত দুৰ্বল হোৱাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী ভট্টাচাৰ্যই জানিব দিয়ে যে এই বিষয়টো এছ চি আৰ টিৰ জৰিয়তে উন্নত কৰাৰ বাবে প্ৰচেষ্টা চলি আছে। এই ক্ষেত্ৰত পূৰ্বতকৈ উন্নত হৈছে বুলি উল্লেখ কৰি এতিয়াও উন্নত হ’বলৈ বাকী আছে বুলিও তেওঁ স্বীকাৰ কৰে।
ইপিনে, শিক্ষকক নতুন শিক্ষণ পদ্ধতিৰ বিষয়ে প্ৰশিক্ষণ দিয়া হ’ব বুলি সদৰী কৰি তেওঁ শিক্ষকসকলক দায়বদ্ধ কৰি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিব দিয়ে।