NORTHEAST NOW (Assamese)

১ ছেপ্তেম্বৰৰ পৰা শিক্ষক-শিক্ষয়িত্ৰী, অধ্যাপক-অধ্যাপিকাই বাধ্যতামূলকভাৱে যাব লাগিব শিক্ষানুষ্ঠানলৈ

August 18, 2020 5:48 pm · এন ই নাও নিউজ
জনতা ভৱনত বৃহস্পতিবাৰে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।

অসমৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেল সম্বোধন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

সংবাদমেলত শিক্ষা মন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ কেতিয়াৰ পৰা খুলিব এই সম্পৰ্কত কোনোধৰণৰ মন্তব্য প্ৰকাশ নকৰিলেও ১ ছেপ্তেম্বৰৰ পৰা বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু অধ্যাপক-অধ্যাপিকা সকলে নিজৰ শিক্ষানুষ্ঠানলৈ বাধ্যতামূলকভাৱে যাব লাগিব বুলি কয়।

ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী সকলৰ মংগল তথা সুৰক্ষাৰ কথা বিবেচনা কৰি ২১ আগষ্টৰ পৰা ৩১ আগষ্টলৈ ৰাজ্যৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী আৰু অধ্যাপক-অধ্যাপিকা সকলে কোভিড টেষ্ট কৰিব লাগিব বুলিও সংবাদমেলত শিক্ষা মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

‘‘যিহেতু কোভিড এক ৰাষ্ট্ৰীয় দুৰ্যোগ সেয়েহে শিক্ষানুষ্ঠানসমূহ খোলাৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনালৈ অপেক্ষা কৰিব লাগিব। যেতিয়াই কেন্দ্ৰ চৰকাৰে শিক্ষানুষ্ঠান সমূহ খোলাৰ বাবে সেউজ সংকেত দিয়ে আমি শিক্ষানুষ্ঠানসমূহ খোলাৰ ব্যৱস্থা গ্ৰহণ কৰিম,’’ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়।

Related News