• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সুখবৰ! ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ গুৰুত্বপূৰ্ণ সংবাদমেল মন্ত্ৰী হিমন্তৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , August 1, 2020 2:17 pm

3 min read

Guwahati's COVID19 patients to get pulse oximeter, medicine for free in home isolation
532
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ শিক্ষা ব্যৱস্থাক কেন্দ্ৰ কৰি আজি জনতা ভৱনত এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

উক্ত সংবাদমেলতে ৰাজ্যৰ বিদ্যালয়-মহাবিদ্যালয়ৰ নিযুক্তি আৰু প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি ৰাজ্যৰ ১৬ খন মহাবিদ্যালয়ত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৰাজ্য চৰকাৰৰ কেবিনেটত।

মহাবিদ্যালয়কেইখন ক্ৰমে ‘জি.এল.চি কলেজ, বিহালী কলেজ, চিলাপথাৰ কলেজ, ডিডিআৰ কলেজ, জয়া কলেজ, এছ.বি দেওৰা কলেজ, সুৰেণ দাস কলেজ, পূব কাৰ্বি আংলং কলেজ, মাইবং কলেজ, পাথাৰকান্দি কলেজ, জেংৰাইমুখ কলেজ, নগাওঁ কলেজ, বৰক্ষেত্ৰী কলেজ, ৰঙাপাৰা কলেজ, শদিয়া কলেজ, পণ্ডিত দীনদয়াল উপাধ্যায় কলেজ।‘

এই মহাবিদ্যালয়কেইখনত ২৪০ টা অধ্যাপক-অধ্যাপিকাৰ পদৰ লগতে ৮০ টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ নতুনকৈ সৃষ্টি কৰা হৈছে বুলি তেওঁ সংবাদমেলত জনায়।

মন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে ‘৪৫ দিনৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ অনুৰোধ জনোৱা হৈছে মহাবিদ্যালয় কর্তৃপক্ষক। এইবৰ্ষতে বিজ্ঞান শাখাত যাতে নামভৰ্তি কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য কৰি এসপ্তাহৰ ভিতৰত বিজ্ঞাপন দিবলৈ অনুৰোধ জনোৱা হৈছে।‘

অহা ১৫ আগষ্টৰ ভিতৰত বিদ্যালয়-মহাবিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘প্ৰথমখন তালিকা ১৫ আগষ্টৰ পূৰ্বে বিত্ত বিভাগে অনুমোদন দিব কিন্তু কাৰ্য্যকৰী হ’ব ২০২০ ৰ ১ জানুৱাৰিৰ পৰা।‘

‘১৫ আগষ্টৰ ভিতৰত ১৯৭ খন হাইস্কুল, ৯ খন হায়াৰ চেকেণ্ডেৰী, ১৪৯ খন জুনিয়ৰ কলেজ বা চিনিয়ৰ চেকেণ্ডেৰী স্কুল প্ৰাদেশিকীকৰণ কৰা হ’ব। ৪১৪ গৰাকী শিক্ষক আৰু জুনিয়ৰ কলেজৰ ৯৭ গৰাকী শিক্ষকৰ পদ নতুনকৈ প্ৰাদেশিকৃত হ’ব। অৰ্থ্যাৎ মুঠ ৩,৩৫৯ মাধ্যমিক শিক্ষাত শিক্ষক-শিক্ষয়িত্ৰীৰ পদ প্ৰাদেশিকীকৰণ হ’ব। প্ৰাদেশিকীকৰণৰ অৰ্হতা আহৰণ কৰা ৬৯০ গৰাকী মহাবিদ্যালয়ৰ শিক্ষকৰ পদ প্ৰাদেশিকৃত হ’ব।‘ মন্ত্ৰীগৰাকীয়ে লগতে কয়।

ইপিনে, ৰাজ্যৰ নতুনকৈ ৩০ খন মহাবিদ্যালয় প্ৰাদেশীকৃত কৰাৰ লগতে ২৩১ টা পদ নতুনকৈ প্ৰাদেশীকৃত হ’ব বুলি তেওঁ লগতে জনায়।

ইয়াৰোপৰি ৰাজ্যৰ ১১৯ খন চাহ বাগিছাত প্ৰথমবাৰৰ বাবে হাইস্কুলৰ কাম আৰম্ভ হ’ব বুলি সদৰী কৰি মন্ত্ৰীগৰাকীয়ে লগতে জনাই কয়, ‘অহা ২ অক্টোবৰৰ দিনা এইকেইখন চাহবাগিছাত হাইস্কুল নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব। প্ৰতিখন বিদ্যালয় নিৰ্মাণৰ বাবদ ১ কোটি ১৫ লাখ টকা ধাৰ্য কৰা হৈছে।‘

মন্ত্ৰীগৰাকীয়ে লগতে নতুন শিক্ষা নীতিৰ বাবে ৪০ জনীয়া কমিটি গঠন, চাব গ্ৰুপ গঠনৰ কথাও সদৰী কৰে।

কেনেকৈ অসমত নতুন শিক্ষানীতি প্ৰয়োগ কৰিব তাৰ বাবে জানুৱাৰি মাহত ব্লু প্ৰিন্ট অনা হ’ব।

তেওঁ কয় যে পঞ্চম শ্ৰেণীলৈকে মাতৃভাষাৰ প্ৰয়োগ হ’লে বহু লোকে শিক্ষা বিভাগৰ লগত জৰিত হৈ পৰাৰ সুযোগ লাভ কৰিব।

তদুপৰি, উচ্চ মাধ্যমিক সাৰ্বজননীন হোৱাৰ বাবে শিক্ষাৰ মানদণ্ড উন্নত হ’ব আৰু  পূৰ্ণ মানৱ সম্পদলৈ ৰূপান্তৰিত হ’বলৈ ছাত্ৰ-ছাত্ৰীয়ে সুযোগ পাব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

Recent News

Story-8-3-750x375

সেনা বিষয়া ৰাণাপ্ৰতাপ কলিতা, ৰাজকুমাৰ পল্লৱ গোঁহাই আৰু প্ৰণৱজ্যোতি দাসলৈ সাহসিকতাৰ সন্মান

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd