NORTHEAST NOW (Assamese)

জাৰ্চি গৰুৰে অসমৰ ৰাজনীতিত সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ ইতিহাস, লালু প্ৰসাদৰ পাছতেই ভট্টাচাৰ্য্যৰ স্থান

March 6, 2019 2:41 pm · এন ই নাও নিউজ
Updated: March 6, 2019 2:44 pm
বৰ্ণ সংকৰ গৰুৰ আলোকচিত্ৰ

অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই এতিয়াও দিচপুৰৰ মন্ত্ৰী আবাস গৃহলৈ নিজৰ ঠিকনা সলনি কৰা নাই যদিও মন্ত্ৰীগৰাকীয়ে বৰ্ণ সংকৰ প্ৰজাতি (জাৰ্চি) ৰ গাই গৰু এটা ইতিমধ্যে মন্ত্ৰী আবাস গৃহত পালন কৰিছে। বিজেপি চৰকাৰৰ গো মাতাৰ প্ৰতি থকা শ্ৰদ্ধাৰ বাবেই এতিয়া সংবাদ শিৰোনামা দখল কৰিছে অসমৰ শিক্ষা মন্ত্ৰীৰ গো-পালনৰ খবৰে।

অসমত কোনো মন্ত্ৰীয়ে চৰকাৰী আবাস গৃহত দুগ্ধ উৎপাদনৰ বাবে পশুপালন কৰাৰ নজিৰ অসমৰ ৰাজনৈতিক ইতিহাসত নাই, এইক্ষেত্ৰত অসমৰ প্ৰথমজন চৰকাৰী আবাস গৃহত পশু পালন কৰা মন্ত্ৰীৰ নাম ল’লে সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ নামেই ল’ব  লাগিব। অবশ্যে ভাৰত বৰ্ষত ইতিমধ্যে বিহাৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী লালু প্ৰসাদ যাদৱে এনে ইতিহাস সৃষ্টি কৰি থৈছে।

সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই ইতিমধ্যে দৈনিক তিনিশ টকাকৈ হাজিৰা দি চাৰিজন কৰ্মচাৰীক জাৰ্চি গাই গৰুটো চোৱা-চিতা কৰাৰ বাবে নিযুক্ত কৰিছে। কৰ্মচাৰী কেইজনে উল্লেখ কৰা মতে, গাই গৰুটোৱে দৈনিক ২০ ৰ পৰা ২৫ লিটাৰ গাখীৰ দিয়ে আৰু এই উৎপাদিত গাখীৰখিনি ভট্টাচাৰ্য্যই ব্যাক্তিগতভাবে ব্যাৱহাৰ কৰে আৰু কিছু গাখীৰ মন্দিৰৰ বাবে দান কৰে।

আনহাতে, শিক্ষা মন্ত্ৰী জনৰ গো-পালনৰ কথা প্ৰচাৰ হোৱাৰ লগে লগে বহুতে এই কাৰ্য্যক প্ৰসংশা কৰিছে। আনক স্বাবলম্বিতাৰ কথা কোৱা মন্ত্ৰীয়ে নিজে হাতে-কামে পশু-পালন কৰি উপদেশতকৈ যে আৰ্হি ভাল পুনৰ এবাৰ প্ৰমাণ কৰিছে।

উল্লেখযোগ্য যে, বৰ্তমান অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰি থকা সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই ১৯৯৫ চনত বিজেপিত যোগদান কৰি বিজেপিৰ সভাপতি হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল।

Related News