• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাৰ্চি গৰুৰে অসমৰ ৰাজনীতিত সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ ইতিহাস, লালু প্ৰসাদৰ পাছতেই ভট্টাচাৰ্য্যৰ স্থান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 6, 2019 2:44 pm

2 min read

জাৰ্চি গৰুৰে অসমৰ ৰাজনীতিত সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ ইতিহাস, লালু প্ৰসাদৰ পাছতেই ভট্টাচাৰ্য্যৰ স্থান

বৰ্ণ সংকৰ গৰুৰ আলোকচিত্ৰ

1.4k
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই এতিয়াও দিচপুৰৰ মন্ত্ৰী আবাস গৃহলৈ নিজৰ ঠিকনা সলনি কৰা নাই যদিও মন্ত্ৰীগৰাকীয়ে বৰ্ণ সংকৰ প্ৰজাতি (জাৰ্চি) ৰ গাই গৰু এটা ইতিমধ্যে মন্ত্ৰী আবাস গৃহত পালন কৰিছে। বিজেপি চৰকাৰৰ গো মাতাৰ প্ৰতি থকা শ্ৰদ্ধাৰ বাবেই এতিয়া সংবাদ শিৰোনামা দখল কৰিছে অসমৰ শিক্ষা মন্ত্ৰীৰ গো-পালনৰ খবৰে।

অসমত কোনো মন্ত্ৰীয়ে চৰকাৰী আবাস গৃহত দুগ্ধ উৎপাদনৰ বাবে পশুপালন কৰাৰ নজিৰ অসমৰ ৰাজনৈতিক ইতিহাসত নাই, এইক্ষেত্ৰত অসমৰ প্ৰথমজন চৰকাৰী আবাস গৃহত পশু পালন কৰা মন্ত্ৰীৰ নাম ল’লে সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ নামেই ল’ব  লাগিব। অবশ্যে ভাৰত বৰ্ষত ইতিমধ্যে বিহাৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী লালু প্ৰসাদ যাদৱে এনে ইতিহাস সৃষ্টি কৰি থৈছে।

সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই ইতিমধ্যে দৈনিক তিনিশ টকাকৈ হাজিৰা দি চাৰিজন কৰ্মচাৰীক জাৰ্চি গাই গৰুটো চোৱা-চিতা কৰাৰ বাবে নিযুক্ত কৰিছে। কৰ্মচাৰী কেইজনে উল্লেখ কৰা মতে, গাই গৰুটোৱে দৈনিক ২০ ৰ পৰা ২৫ লিটাৰ গাখীৰ দিয়ে আৰু এই উৎপাদিত গাখীৰখিনি ভট্টাচাৰ্য্যই ব্যাক্তিগতভাবে ব্যাৱহাৰ কৰে আৰু কিছু গাখীৰ মন্দিৰৰ বাবে দান কৰে।

আনহাতে, শিক্ষা মন্ত্ৰী জনৰ গো-পালনৰ কথা প্ৰচাৰ হোৱাৰ লগে লগে বহুতে এই কাৰ্য্যক প্ৰসংশা কৰিছে। আনক স্বাবলম্বিতাৰ কথা কোৱা মন্ত্ৰীয়ে নিজে হাতে-কামে পশু-পালন কৰি উপদেশতকৈ যে আৰ্হি ভাল পুনৰ এবাৰ প্ৰমাণ কৰিছে।

উল্লেখযোগ্য যে, বৰ্তমান অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰি থকা সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই ১৯৯৫ চনত বিজেপিত যোগদান কৰি বিজেপিৰ সভাপতি হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল।

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd