• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অসম উচ্চ শিক্ষা সঞ্চালকালয়ৰ নতুন নিৰ্দেশ : মহাবিদ্যালয়সমূহত হাহাকাৰ

শিৱজিত দত্ত by শিৱজিত দত্ত
March 6, 2019 3:58 pm
Directorate of Higher Education

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম উচ্চ শিক্ষা সঞ্চালকালয়ে ফেব্ৰুৱাৰি মাহত জাৰি কৰা এটা নিৰ্দেশে অসমৰ মহাবিদ্যালয়সমূহত জোকাৰণি তুলিছে। নিৰ্দেশটোত কোৱা হৈছে যে মহাবিদ্যালয়সমূহে অনুমোদিত হৈ নথকা কোনো পদৰ বিপৰীতে অস্থায়ীভাৱে শিক্ষক-কৰ্মচাৰী নিযুক্ত কৰিব নোৱাৰিব। অৰ্থাৎ অননুমোদিত বা ঠিকাভিত্তিক পদত কাকো মকৰল কৰিব নোৱাৰিব। আন এক নিৰ্দেশযোগে এইটোও কোৱা হৈছে যে কোনো পদ খালী হ’ব লগা পৰিস্থিতিৰ উদ্ভৱ হ’লে ছমাহ আগতেই সেয়া সঞ্চালকালয়ক জনাব লাগিব, উচ্চ শিক্ষা সঞ্চালকে নিজৰ অভিমতসহ সাত দিনৰ ভিতৰতে সেই তথ্য চৰকাৰক জনাব আৰু চৰকাৰে পদটো পূৰণৰ বাবে তিনিমাহৰ ভিতৰত প্ৰশাসনিক অনুমোদন জনাব।

পিছৰটো নিৰ্দেশ সম্পৰ্কে আপত্তি কৰিব লগীয়া নাই। কিন্তু, প্ৰথমটো অলপ চালি-জাৰি চোৱাৰ দৰকাৰ আছে।

Apply Now

এইকথা ঠিক যে অসমৰ কেইবাখনো মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা এনে তাকৰীয়া যে সিবোৰত অস্থায়ী শিক্ষক-কৰ্মচাৰীৰ নিযুক্তি দেখ-দেখকৈয়ে অযুক্তিকৰ-  কোনো কোনো লোকৰ সোৰোপালিক সি উদগাবহে মাথোন। পিছে আন কেতবোৰ মহাবিদ্যালয় আছে, য’ত অনুমোদিত পদত থকা শিক্ষক-কৰ্মচাৰীৰেই মহাবিদ্যালয় পৰিচালনা কৰা দুৰূ্হ।

এটা উদাহৰণে কথাটো পৰিষ্কাৰ কৰিব। উজনি অসমৰ পূব প্ৰান্তত স্থিত এখন মহাবিদ্যালয় হৈছে ডুমডুমা মহাবিদ্যালয়। বৃ্হত্তৰ অঞ্চলটোত (কোনো কোনো দিশত ৪০ কিল’মিটাৰ দূৰত্বলৈ) আন কোনো ডিগ্ৰী মহাবিদ্যালয় নথকাত মহাবিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ হেঁচা দাঙিব নোৱৰা বিধৰ। সম্প্ৰতি তাত শিক্ষকৰ অনুমোদিত পদ আছে ৩৮টা, গ্ৰন্থাগাৰিকৰ পদ এটা, তৃতীয় বৰ্গৰ অনুমোদিত পদ আছে পাঁচটা আৰু চতুৰ্থ বৰ্গৰ অনুমোদিত পদ আছে চাৰিটা। আজিৰ তাৰিখত তাত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা চাৰে চাৰি হাজাৰৰো অধিক।

ইমানবোৰ ছাত্ৰ-ছাত্ৰীৰ এখন বিশাল শিক্ষানুষ্ঠান উল্লিখিত সংখ্যাৰ শিক্ষক-কৰ্মচাৰীৰে পৰিচালনা কৰা সম্ভৱ নে? অঞ্চলটোত নতুন কলেজ পতাৰ কোনো চৰকাৰী উম-ঘাম নাই। কিন্তু, নামভৰ্তিৰ সময়ত প্ৰতি বছৰেই বিভিন্ন দল-সংগঠনৰ দাবীত চৰকাৰ আৰু প্ৰশাসনে হস্তক্ষেপ কৰে আৰু মহাবিদ্যালয়খনত বিপুল সংখ্যক ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰায়। স্নাতক মহলাৰ কলা শাখাৰ প্ৰথম ষাণ্মাসিকতে এহেজাৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি হয়। মহাবিদ্যালয়ৰ শৈক্ষিক আৰু ভৌতিক আন্তঃগাঁথনিৰে ইমানবোৰ ছাত্ৰ-ছাত্ৰীক একেলগে পঢ়ুওৱাটো যিহেতু সম্ভৱ নহয়, সেয়ে মহাবিদ্যালয়খনে এক প্ৰাতঃ শাখা সৃষ্টি কৰি ঠিকাভিত্তিক শিক্ষক-নিযুক্তিৰে কোনোমতে, কেঁকো-জেকোকৈ, উচ্চ শিক্ষাৰ মহাভাৰ বৈ আছে। উচ্চ শিক্ষা সঞ্চালকালয়ৰ নতুন নিৰ্দেশ মানিবলৈ গ’লে এনে মহাবিদ্যালয়সমূহে কোনোমতে চলাই ৰখা ব্যৱস্থাটোৰ নাজল-নাথল অৱ্স্থা হোৱাটো খাটাং।

ডুমডুমা মহাবিদ্যালয়ক আমি বুনিয়াদী বাস্তৱৰ এক উদাহৰণ হিচাপেহে লৈছোঁ। অসমত এনে মহাবিদ্যালয় আৰু আছে। উচ্চ শিক্ষা সঞ্চালকালয়ৰ হাতত এনে মহাবিদ্যালয়সমূহৰ তথ্য হাতত আছেনে? নে তেওঁলোকে আন্দাজতে ধৰি লৈছে যে সকলো মহাবিদ্যালয়তে পৰ্যাপ্ত সংখ্যক শিক্ষক-কৰ্মচাৰী মজুত আছে?

সম্প্ৰতি অসমৰ মহাবিদ্যালয়সমূহৰ স্নাতক পৰ্যায়ত ষাণ্মাসিক পদ্ধতি চলি আছে। বিদেশৰ অনুকৰণত এতিয়া প্ৰৱৰ্তন কৰা হ’ব Choice Based Credit System  নামৰ নতুন পদ্ধতি। এনেবোৰ পদ্ধতিত একোজন শিক্ষকৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৩০ বা ৪০ হ’ব লাগে, তাৰ ওপৰত নহয়। এটা শ্ৰেণীত যদি এহেজাৰ ছাত্ৰ-ছাত্ৰী থাকে আৰু এটা বিভাগত শিক্ষক থাকে মুঠেই চাৰিজন বা পাঁচজন, তেন্তে শিক্ষক-ছাত্ৰৰ অনুপাত কেনে হ’ব হিচাপ কৰি চাওক। ইমানবোৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি, পঞ্জীয়্ন, ফৰ্ম-ফিল্ আপ্ আদি কামৰ বাবে তিনি-চাৰিজন কৰ্মচাৰী পৰ্যাপ্ত নে? তিনি-চাৰিজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী যথেষ্ট নে? গ্ৰন্থাগাৰিকসহ মাত্ৰ তিনিজন কৰ্মচাৰীয়ে ইমান ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজন পূৰাব পৰাকৈ এটা বিশাল পুথিভঁৰাল চলাই থাকিব পাৰেনে?

বিশ্ববিদ্যালয়সমূহলৈ চৰকাৰী অনুদান কমি অহাত নিজাববীয়াকৈ অধিক উপাৰ্জনৰ বাট মুকলি কৰাৰ আশাত বিশ্ববিদ্যালয়সমূহে অসমৰ সুকীয়া পৰিস্থিতি আওকাণ কৰি ষাণ্মাসিকৰ দৰে নতুন পদ্ধতি প্ৰৱৰ্তন কৰিলে। (শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে এনে পদ্ধতি অনা হৈছে বুলি কোৱাটো এক মধুৰ মিথ্যা মাথোন।)শিক্ষক-ছাত্ৰৰ যথোচিত অনুপাত লক্ষ্য নকৰাকৈয়ে, উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শ্ৰেণী দুটা আঁতৰাই নিদিয়াকৈয়ে, এই পদ্ধতি আমদানি কৰি ইতিমধ্যেই উচ্চ শিক্ষাৰ বাৰ বজাই দিয়া হৈছিলেই। এতিয়া উচ্চ শিক্ষা সঞ্চালকালয়ৰ নতুন নিৰ্দেশে উচ্চ শিক্ষাৰ যে তেৰ বজাব সেইকথা ধুৰূপ।

অসমৰ শিক্ষক-ছাত্ৰৰ বিভিন্ন সংগঠন আৰু অধ্যক্ষৰ মঞ্চ আদিয়ে এই নিৰ্দেশৰ পুংখানুপুংখ বিশ্লেষণ কৰক আৰু সময় থাকোতেই উপযুক্ত পদক্ষেপ লওক।

লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক

ইমেইল- [email protected]

শিৱজিত দত্ত

শিৱজিত দত্ত

ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd