• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষকতাৰ বৃত্তিত থাকিব বিচৰাসকলে অন্য লাভজনক বৃত্তি এৰি দিব লাগিবঃ শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগু

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
July 8, 2022 7:01 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত অতি শীঘ্ৰে শিক্ষকবিহীন বিদ্যালয় নাইকীয়া কৰা হ’ব। এই মন্তব্য শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ৷ বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত নামনি অসম মণ্ডলৰ বঙাইগাঁও, বৰপেটা, গোৱালপাৰা আৰু ধুবুৰী জিলাৰ লগতে নৱগঠিত দক্ষিণ শালমাৰা আৰু বজালী জিলাৰ অন্তৰ্গত মাধ্যমিক শিক্ষা আৰু প্ৰাথমিক শিক্ষা বিষয়াৰ সন্মিলনত অসম চৰকাৰৰ শিক্ষামন্ত্ৰীগৰাকী উপস্থিত থাকি এই মন্তব্য কৰে ৷ সন্মিলনখনি শুভাৰম্ভ কৰি দিয়া ভাষণত শিক্ষামন্ত্ৰী ডা: পেগুৱে লগতে কয় যে যিবিলাক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আছে, অথচ তাত থকা শিক্ষকসকলৰ অৱসৰ হোৱাৰ পিছত আৰু শিক্ষক নিযুক্ত কৰা হোৱা নাই সেইবিলাক বিদ্যালয় নিকটৱৰ্তী বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰা হ’ব।

স্কুল যিমানে ডাঙৰ হ’ব অৰ্থাৎ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা যিমানে বাঢ়িব সিমানে বিদ্যালয়বিলাক শৈক্ষিক দিশত সুবিধাজনক হ’ব,পৰিচালনা কৰাতো সুবিধা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আনহাতে যুক্তিপূৰ্ণ বদলিকৰণৰ ক্ষেত্ৰতো চৰকাৰে গুৰুত্ব দিব বুলিও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে।কিয়নো যদিহে এগৰাকী মহিলাই নিজৰ ঘৰৰ ওচৰৰ স্কুলত শিক্ষকতা কৰাৰ সুবিধা পায় তেতিয়া তেওঁ শৈক্ষিক দিশত বেছি মনোযোগ দিব পাৰিব বা কোনো শিক্ষকে যদি বুজাবুজি কৰি নিজৰ নিজৰ ঠাইলৈ বদলি হ’ব বিচাৰে তেনেহ’লে চৰকাৰে একো বাধা নিদিয়ে আৰু সেই ক্ষেত্ৰত শিক্ষা বিষয়াসকলেও আপত্তি কৰিব নালাগে।

আনহাতে যিবিলাক স্কুলত কোনো বিষয়ৰ শিক্ষকৰ পদ যদি খালী হৈ আছে, সেইবিলাক সম্পূৰ্ণকৈ চৰকাৰক জনাবলৈ শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুৱে শিক্ষা বিষয়াসকলক নিৰ্দেশ দিয়ে যাতে খালী থকা শিক্ষকৰ পদত শিক্ষক নিযুক্ত কৰি বিদ্যালয়সমূহৰ শৈক্ষিক অগ্ৰগতি সাধন কৰিব পাৰে।তেতিয়া শিক্ষাৰ গুণগত মান উন্নত হ’ব বুলিও কয়। তদুপৰি কোন কোন শিক্ষকে কেতিয়া অৱসৰ ল’ব তাৰ হিচাপ বিস্তৃতভাৱে দিয়াটোও নিশ্চিত কৰিবলৈ বিষয়াসকলক শিক্ষামন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।ইয়াৰ উপৰিও যিবিলাক বিদ্যালয়ৰ কেঁচাঘৰ আছিল আৰু বানত নষ্ট হৈছে ,সেই বিদ্যালয় পুনৰাই নিৰ্মাণ কৰোতে পকীঘৰ হিচাপে বনাবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষা বিষয়াসকলক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।শিক্ষামন্ত্ৰী ডা:পেগুৱে ভাষণ প্ৰসংগত উল্লেখ কৰে যে বিদ্যালয়ৰ আন্তঃ গাঠনিৰ সমস্যা অহা দুবছৰৰ ভিতৰত অন্ত পেলোৱাৰ বাবে চৰকাৰে মিছন হিচাপে কাম কৰিব আৰু শিক্ষা বিষয়াসকলে তাৰ বাবে গুৰুত্বসহকাৰে কাম কৰিব লাগিব।

নৱম আৰু দশম শ্ৰেণীৰ ডিজিটেল ক্লাছ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। বঙাইগাঁও জিলাৰ উপায়ুক্ত নবদ্বীপ পাঠকে আদৰণি ভাষণ ৰখা সন্মিলনত মাধ্যমিক শিক্ষা বিভাগৰ সচিব ভাৰত ভূষণ দেৱ চৌধুৰীয়ে উপস্থিত থাকি জিলা পৰ্যায়ৰ শিক্ষা বিষয়াসকলক বিভিন্ন পৰামৰ্শ আগবঢ়ায়। সন্মিলনত প্ৰাথমিক শিক্ষা বিভাগৰ সচিব ড:বিজয়া চৌধুৰী, মাধ্যমিক শিক্ষা সঞ্চালক মমতা চৌধুৰী, প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতি, বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত(শিক্ষা) শ্যামল ক্ষেত্ৰ গগৈ, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা আৰু বজালী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকসকল, জিলা প্ৰাথমিক শিক্ষা বিষয়াসকল, উপ-পৰিদৰ্শকসকল আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়াসকল উপস্থিত থাকে। ইপিনে শিক্ষামন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ কিছুমান জলন্ত সমস্যা জিলা আৰু ব্লক পৰ্যায়ৰৰ বিষয়াসকলৰ লগত মুখামুখী কৈ বহি সমাধান কৰাৰ কাৰণে আমি এলনি পদক্ষেপ লৈছো ৷

আমি অসমখনক পাঁচটা মণ্ডলত ভাগ কৰি প্ৰতিটো মণ্ডলত দিনজোৰা একোখনকৈ মাণ্ডলিক সভা কৰিছো ৷ বঙাইগাঁৱত অনুষ্ঠিত এই সভাত জিলা কেইখনৰ শিক্ষা বিভাগৰ সকলো বিষয়াসকলৰ লগতে প্ৰাথমিক শিক্ষা আৰু মাধ্যমিক শিক্ষা বিভাগৰ সচিব, সঞ্চালিকা আদি আহি মুখামুখীকৈ তেওঁলোকৰ সৈতে কেইটামান বিষয় আলোচনা কৰিছো ৷ মূলত বিদ্যালয়ৰ একত্ৰীকৰণৰ যি অভিযান চলি আছে সেইটোৰ লগতে বেছ স্কুলৰ সমস্যা, জিলাৰ ভিতৰতে বদলিকৰণ প্ৰক্ৰিয়া, এজনীয়া শিক্ষকৰ সমস্যা আদি বিষয়সমূহ আলোচনা কৰা হ’ব ৷ আনহাতে শেহতীয়াভাৱে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে সাংবাদিকতাৰ সৈতে জড়িত এজন শিক্ষকক ইতিমধ্যে নিলম্বন কৰা তথা যিসকল শিক্ষকে শিক্ষকতাৰ বাহিৰেও সাংবাদিকতা , এল আই চিৰ এজেণ্ট আৰু আন বৃত্তিৰ সৈতে জড়িত আছে তেওঁলোককো চাকৰিৰ পৰা নিলম্বন কৰাৰ প্ৰক্ৰিয়া অব্যাহত থাকিব নেকি বুলি সাংবাদিকে সোধাত শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয় যে চাকৰিৰ পৰা নিলম্বনটো সমস্যাৰ সমাধান নহয় ৷ মই সকলো শিক্ষক – শিক্ষয়িত্ৰীক আগবাঢ়ি আহি স্বইচ্ছাই যদি তেওঁলোকে শিক্ষকতাৰ বৃত্তিটোত থাকিব বিচাৰিছে তেতিয়াহলে অন্য লাভজনক বৃত্তি য’ত দৰমহা আদি জড়িত হৈ থাকে সেয়া এৰি দিবলৈ আহ্বান জনালো ৷

কাৰণ দুটা দৰমহা কেনেকৈ লয় ? সেয়ে মই দুটাৰ এটা এৰি দি একাগ্ৰতা আৰু নিষ্ঠাৰে তেওঁলোকক শিক্ষকতা কৰি যাবলৈকো আহ্বান জনায় ৷ তেওঁ লগতে কয় যে শিক্ষক এজনৰ পৰিয়ালে কি ব্যৱসায় কৰে বা পৰিয়ালৰ যদি কিবা ব্যৱসায় আছে তেতিয়াহলে তাত তেওঁৰ অৱদান থাকিব পাৰে ৷ সেইবিলাকত আমি চৰকাৰ নোসোমাও বুলিও কয় ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd