• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঊর্ধ্বকমাৰ ব্যৱহাৰ

ৰাজীৱ শৰ্মা by ৰাজীৱ শৰ্মা
April 18, 2023 3:31 pm
142
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ স্বৰ বৰ্ণমালাখনত আমি এঘাৰটা আখৰ পাওঁ : অ, আ, ই, ঈ, উ, ঊ, ঋ, এ, ঐ, ও আৰু ঔ ৷ কিন্তু ধ্বনিতত্ত্বৰ দিশৰ পৰা আমাৰ বিশিষ্ট স্বৰধ্বনি আঠোটা ৷ এই বিশিষ্ট স্বৰধ্বনিকেইটা হ’ল : /অ/(বল), /আ/ (বাল), /ই/(বিল), /উ/ (বুল), /এ/ (বেল), /ও/ (বোল), /অ’/(ব’ল), আৰু /এ’/ (বে’ল) ৷ দেখা গৈছে যে অসমীয়া ভাষাত অ’ আৰু এ’ ধ্বনি বুজাবলৈ সুকীয়া আখৰ নাই ৷ সেয়েহে অ আৰু এ-ত ঊৰ্ধ্বকমা দি এই ধ্বনি দুটাক বুজাব লগীয়া হয় ৷ যেনে : ৰ’দ, ক’ত, ম’ৰা চৰাই, বে’ল, ৰে’ল ইত্যাদি ৷

      কিছুমান শব্দত ঊর্ধ্বকমা দিবই লাগে ৷ য’ত ঊর্ধ্বকমা দিব লাগে ত’ত নিদিলে সেইবোৰ শব্দৰ অৰ্থ বেলেগ হৈ পৰে। যেনে,

ক’ৰ : ক’ৰ পৰা আহিলি বান্ধৈ ?

Apply Now

কৰ : তই কামটো কৰ ৷

ম’হ : ম’হৰ গাখীৰৰ দৈ খালোঁ ৷

মহ : মহৰ কামোৰত ভৰি দুখন খজুৱাইছে ৷

ম’ৰা : ম’ৰা চৰাই দেখিবলৈ ধুনীয়া ৷

মৰা : মৰা হৰিণাটো কিহবাই খালে ৷

গ’ল : তেওঁ ঘৰলৈ গ’ল ৷

গল : মোৰ গলটো বিষাইছে ৷

ব’ল : আমি ঘৰলৈ যাওঁ ব’ল  ৷

বল : ল’ৰাহঁতে বল খেলিছে ৷

ৰ’দ : ৰ’দ পুৱাবৰ কাৰণে মাতিবানো কাক ?

ৰদ : ৰাষ্টাৰ দাঁতিত ৰদবোৰ পৰি আছে ৷

ক’ত : সি ক’ত আছে ?

কত : কত দিন তোমাৰ খবৰ পোৱা নাই !

য’ত : ঊৰ্ধ্বকমা য’ত লাগে দিবা ৷

যত : যত বস্তু আছিল, সকলো চোৰে চুৰ কৰিলে ৷

গ’লত : সি গ’লত, মই আহিলোঁ ৷

গলত : ল’ৰাটোৱে গলত দুখ পাইছে ৷

      কিছুমান শব্দত আকৌ ঊর্ধ্বকমা নিদিলে সেই শব্দবোৰ অৰ্থহীন হৈ পৰে আৰু প্ৰয়োগত ভুল হয় ৷ যেনে :

ভুল প্ৰয়োগ : কলী গাইজনীয়ে ঘাঁহ খাইছে ৷

শুদ্ধ প্ৰয়োগ : ক’লী গাইজনীয়ে ঘাঁহ খাইছে ৷

ভুল প্ৰয়োগ : মোৰ ভাত খোৱা হল ৷

শুদ্ধ প্ৰয়োগ : মোৰ ভাত খোৱা হ’ল ৷

ভুল প্ৰয়োগ : বহাগ মাহত কপৌ ফুলে ৷

শুদ্ধ প্ৰয়োগ : ব’হাগ মাহত কপৌ ফুলে ৷

ভুল প্ৰয়োগ : বৰাগী ককাই বীণ বজাইছে ৷

শুদ্ধ প্ৰয়োগ : ব’ৰাগী ককাই বীণ বজাইছে ৷

ভুল প্ৰয়োগ : ৰদালি এ’ ৰদ দে ৷

শুদ্ধ প্ৰয়োগ : ৰ’দালি এ’ ৰ’দ দে ৷

ভুল প্ৰয়োগ : পৰীক্ষা শেষ হলত আমি ঘৰলৈ উভতিলোঁ ৷

শুদ্ধ প্ৰয়োগ : পৰীক্ষা শেষ হ’লত আমি ঘৰলৈ উভতিলোঁ ৷

         ক, থ, ব, যা (ইয়াৰ পৰা গ-হোৱা ৰূপত), ৰ, ল আৰু হ–এই ধাতুকেইটাৰ পৰা পোৱা সকলো – ইল্‌ ভাগান্ত ৰূপত ঊর্ধ্বকমা লিখিবই লাগে। যেনে,

ক-ধাতু :

ভুল : মই তাক কথাষাৰ কলোঁ ৷

শুদ্ধ : মই তাক কথাষাৰ ক’লোঁ ৷

ভুল : তুমি তাক কথাষাৰ কলা ৷

শুদ্ধ : তুমি তাক কথাষাৰ ক’লা ৷

ভুল : তই তাক কথাষাৰ কলিনে ?

শুদ্ধ : তই তাক কথাষাৰ ক’লিনে ?

ভুল : সি তাক কথাষাৰ কলে ৷

শুদ্ধ : সি তাক কথাষাৰ ক’লে ৷

থ-ধাতু :

ভুল : চকীখন মজিয়াত থম ৷

শুদ্ধ : চকীখন মজিয়াত থ’ম ৷

ভুল : চকীখন মজিয়াত থবা ৷

শুদ্ধ : চকীখন মজিয়াত থ’বা ৷

ভুল : চকীখন মজিয়াত থবি ৷

শুদ্ধ : চকীখন মজিয়াত থ’বি ৷

যা-ধাতু (ইয়াৰ পৰা গ-হোৱা ৰূপৰ) :

ভুল : মই বজাৰলৈ গলোঁ ৷

শুদ্ধ : মই বজাৰলৈ গ’লোঁ ৷

ভুল : তুমি বজাৰলৈ গলা ৷

শুদ্ধ : তুমি বজাৰলৈ গ’লা ৷

ভুল : তুমি বজাৰলৈ গলানে ?

শুদ্ধ : তুমি বজাৰলৈ গ’লানে ?

ভুল : তেওঁ বজাৰলৈ গলনে ?

শুদ্ধ : তেওঁ বজাৰলৈ গ’লনে ?

ৰ-ধাতু :

ভুল : মই ইয়াতেই ৰম ৷

শুদ্ধ : মই ইয়াতেই ৰ’ম ৷

ভুল : তুমি ইয়াতেই ৰবা ৷

শুদ্ধ : তুমি ইয়াতেই ৰ’বা ৷

ভুল : তুমি ইয়াতেই ৰবানে ?

শুদ্ধ : তুমি ইয়াতেই ৰ’বানে ?

ভুল : তেওঁ ইয়াতেই ৰবনে ?

শুদ্ধ : তেওঁ ইয়াতেই ৰ’বনে ?

ল-ধাতু :

ভুল : মই কিতাপথন ললোঁ ৷

শুদ্ধ : মই কিতাপখন ল’লোঁ ৷

ভুল : তুমি কিতাপখন ললা ৷

শুদ্ধ : তুমি কিতাপখন ল’লা ৷

ভুল : তুমি কিতাপখন ললানে ?

শুদ্ধ : তুমি কিতাপখন ল’লানে ?

ভুল : তেওঁ কিতাপখন ললেনে ?

শুদ্ধ : তেওঁ কিতাপখন ল’লেনে ?

হ-ধাতু :

ভুল : মই গান্ধীজীৰ দৰে হম ৷

শুদ্ধ : মই গান্ধীজীৰ দৰে হ’ম ৷

ভুল : তুমি গান্ধীজীৰ দৰে হবা ৷

শুদ্ধ : তুমি গান্ধীজীৰ দৰে হ’বা ৷

ভুল : তুমি গান্ধীজীৰ দৰে হবানে ?

শুদ্ধ : তুমি গান্ধীজীৰ দৰে হ’বানে ?

ভুল : তেওঁ গান্ধীজীৰ দৰে হব ৷

শুদ্ধ : তেওঁ গান্ধীজীৰ দৰে হ’ব ৷

ব-ধাতু :

ভুল : আমি ঘৰলৈ যাওঁ বলা ৷

শুদ্ধ : আমি ঘৰলৈ যাওঁ ব’লা ৷

ভুল : আমি ঘৰলৈ যাওঁ বল ৷

শুদ্ধ : আমি ঘৰলৈ যাওঁ ব’ল ৷

ভুল : আমি ঘৰলৈ যাওঁ বলক ৷

শুদ্ধ : আমি ঘৰলৈ যাওঁ ব’লক ৷

        স্থান বুজোৱা কিছুমান সর্বনাম শব্দতো ঊৰ্ধ্বকমা ব্যৱহাৰ হয় ৷ যেনে :

বস্তুবোৰ অ’ত-ত’ত সিঁচৰতি হৈ পৰি আছে ৷

বস্তুবোৰ য’তে-ত’তে সিঁচৰতি কৰি নথ’বা ৷

তোমালোকে য’তে-ত’তে ঘূৰি নুফুৰিবা ৷

       যিবোৰ বিদেশী শব্দত অ’-ধ্বনিৰ উচ্চাৰণ হয়, সেইবোৰ বিদেশী শব্দত অ’ লিখিব লাগে। কিন্তু পিচত ই/ঈ বা উ/ঊ স্বৰ থাকিলে ঊর্ধ্বকমা নিলিখিলেও হয়। যেনে :

জাগিৰ’ড (Jagi Road), বুৰ’ (Bureau), ন’ব্‌ল (Noble), ক’ৰ্চ (Course) ইত্যাদি। কিন্তু বৰিক (Boric), ৰবিনহুদ (Robinhood) ইত্যাদি।

মন কৰিব লাগিব যে বৰিক আৰু ৰবিনহুদ  শব্দৰ পিচৰ ব্যঞ্জনৰ লগত ই আৰু ঈ-স্বৰ আছে।

      প্রত্যক্ষ উক্তি সদায় দুটীয়া ঊর্ধ্বকমাৰ (“……”) ভিতৰত লিখিব লাগে। যেনে :

শিক্ষকে ক’লে, ”পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে ৷”

দেউতাই ক’লে, “অচিনাকি ঠাই, সাৱধানে ফুৰিবা ৷’ ঊর্ধ্বকমাৰে আগুৰা বাক্যৰ মাজত নতুনকৈ কিবা উদ্ধৃতি দিব লগা হ’লে এটীয়া ঊর্ধ্বকমা (‘……’) ব্যৱহাৰ কৰিব লাগে।

ৰাজীৱ শৰ্মা

ৰাজীৱ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd