• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰ্ষান্ত বিশেষ ২০২২: অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনা উত্তৰ-পূবৰ ৮ খন চলচ্চিত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 31, 2022 12:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২২ চনত উত্তৰ-পূবৰ বিশেষকৈ অসমৰ কেইবাজনো চলচ্চিত্ৰ নিৰ্মাতাই, সমালোচকৰ দ্বাৰা প্ৰশংসিত তেওঁলোকৰ চলচ্চিত্ৰৰ দ্বাৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত ৰেখাপাত কৰিবলৈ সক্ষম হৈছিল। এই চলচ্চিত্ৰ নিৰ্মাতাসকলে তেওঁলোকৰ অভূতপূৰ্ব সাফল্যৰে অঞ্চলটোক গৌৰৱান্বিত কৰিছে। ২০২২ চনত উত্তৰ-পূবলৈ সুনাম কঢ়িয়াই অনা এনে আঠখন চলচ্চিত্ৰৰ তালিকা ইয়াত দিয়া হৈছে য’ত অসমৰ ছয়খন আৰু মণিপুৰৰ দুখন ছবি আছে।

চেমখোৰ

ডিমাচা ভাষাৰ চলচ্চিত্ৰ চেমখোৰে  ডিমাচা সংস্কৃতিক ‘ভুলকৈ উপস্থাপন’ কৰাৰ অভিযোগত এক ডাঙৰ বিতৰ্কত সোমাই পৰৰিছিল যদিও টৰণ্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ শাখাত আৰু ২০ তম ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ বঁটা (২০২২)ত বিশেষ দৰ্শকৰ বঁটা সহ একাধিক বঁটা লাভ কৰিছিল। আইমি বৰুৱাৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনে দুটা শাখাৰ অধীনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল: বিশেষ জুৰী উল্লেখ আৰু ডিমাছাত শ্ৰেষ্ঠ ফিচাৰ ফিল্ম। অসমৰ ডিমা হাচাও জিলাৰ চেমখোৰ অঞ্চলৰ ভিতৰুৱা এলেকাত বাস কৰা ডিমাচা সম্প্ৰদায় ‘চেমচা’ৰ পৰম্পৰা আৰু জীৱিকাৰ ওপৰত আধাৰিত ছবিখনে ডিমাচা সকলৰ ‘বিভ্ৰান্তিকৰ প্ৰতিনিধিত্ব’ৰ বাবে ডিমাচা সম্প্ৰদায়ৰ ক্ষোভৰ সন্মুখীন হৈছিল। চেমখোৰ আছিল ২০২১ চনত ইণ্ডিয়ান পেনোৰামাৰ উদ্বোধনী ফিচাৰ ফিল্ম হিচাপে প্ৰদৰ্শিত প্ৰথম ডিমাচা ভাষাৰ চলচ্চিত্ৰ।

Apply Now

ব্ৰীজ

এখন দলঙক কেন্দ্ৰ কৰি ক্ষতি, হতাশা, অসন্তুষ্টি আৰু দুখৰ কাহিনী প্ৰতিফলিত হোৱা কৃপাল কলিতাৰ অসমীয়া চলচ্চিত্ৰ ব্ৰীজ ৬৮ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ কাহিনী ছবিৰ শাখাত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ (ৰজত কমল) বঁটা লাভ কৰে। ১২৫ মিনিট দৈৰ্ঘৰ চলচ্চিত্ৰখনে ইয়াৰ মুখ্য চৰিত্ৰ জোনাকীৰ চৰিত্ৰত অভিনয় কৰা শিৱ ৰাণী কলিতাই শেহতীয়া অট’ৱা ইণ্ডিয়া চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ খিতাপ অৰ্জন কৰাৰ পিছতে বিশেষ চৰ্চা লাভ কৰিছিল।

মানাহ আৰু মানুহ (Manas and People)

দীপ ভূঞাৰ দ্বাৰা পৰিচালিত এখন তথ্যচিত্ৰ মানাহ আৰু মানুহ (মানাস এণ্ড পিপল)য়ে ৬৮ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ নন-ফিচাৰ চলচ্চিত্ৰ শাখাৰ শ্ৰেষ্ঠ পৰিৱেশ চলচ্চিত্ৰৰ বাবে ৰজত কমল বঁটা লাভ কৰে। অসম বন বিভাগ, বিটিচি সঞ্চালকালয় আৰু জৈৱ বৈচিত্ৰ্য বিষয়ক সংগঠন ‘আৰণ্যক’ৰ দ্বাৰা প্ৰযোজিত ছবিখনে অসমৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ সফলতাৰ কাহিনী বৰ্ণনা কৰিছে। ২৬ মিনিটৰ চলচ্চিত্ৰখনত থলুৱা বড়ো আৰু অন্যান্য সম্প্ৰদায়ৰ সাংস্কৃতিক গুৰুত্ব বজাই ৰখাৰ বাবে উদ্যানখন কেনেদৰে গুৰুত্বপূৰ্ণ তাৰ কাহিনী বৰ্ণনা কৰা হৈছে।

পাবুং চিয়াম (Pabung Syam)

 

চলচ্চিত্ৰ নিৰ্মাতা হাওবাম পাবান কুমাৰৰ দ্বাৰা পৰিচালিত মণিপুৰী ভাষাৰ তথ্যচিত্ৰ পাবুং চিয়ামে ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ জীৱনীমূলক চলচ্চিত্ৰৰ বঁটা লাভ কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ চলচ্চিত্ৰ বিভাগৰ দ্বাৰা প্ৰযোজিত চলচ্চিত্ৰখন মণিপুৰৰ প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা অৰিবাম শ্যাম শৰ্মাৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত।

কাচিচিনিথু (এ বয় উইথ এ গান)

খঞ্জন কিশোৰ নাথৰ দ্বাৰা পৰিচালিত কাৰ্বি ভাষাৰ চলচ্চিত্ৰ কাচিচিনিথু (এ বয় উইথ এ গান) ২০২২ চনত ৬৮ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ চুটি কাহিনী চলচ্চিত্ৰৰ বঁটা লাভ কৰে। চুটি ছবিখনত এখন স্কুলীয়া ল’ৰাৰ কাহিনী কোৱা হৈছে, যি তেওঁৰ পিতৃ-মাতৃৰ সৈতে এখন পাহাৰীয়া গাঁৱত বাস কৰে।

তৰা’ছ  হাছবেণ্ড

আন্তৰ্জাতিক ভাৱে প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসৰ অসমীয়া ছবি তৰা’ছ হাজবেণ্ড-য়ে ৪৭ তম টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (TIFF) আৰু ২৭ সংখ্যক বুচান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৱৰ্ল্ড প্ৰিমিয়াৰত প্ৰদৰ্শিত হয় আৰু চলচ্চিত্ৰপ্ৰেমীসকলৰ পৰা উষ্ম সঁহাৰি লাভ কৰে। ছবিখন ২৮ তম কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হৈছিল। তৰা’ছ হাজবেণ্ডত এজন মৰমীয়াল পিতৃ আৰু এগৰাকী দয়ালু চুবুৰীয়াৰ কাহিনী বৰ্ণনা কৰা হৈছে। যেতিয়া লকডাউনৰ মাজত সম্পৰ্কৰ অৱনতি ঘটে, লোকচানৰ সন্মুখীন হয় তেওঁ তেওঁৰ সৰু চহৰৰ ব্যৱসায়টো সক্ৰিয় কৰি ৰাখিবলৈ সংগ্ৰাম কৰে। লকডাউনৰ সময়ত দৃশ্যগ্ৰহণ কৰা চলচ্চিত্ৰখনে মহামাৰীৰ সময়ত এখন সৰু চহৰৰ জীৱনযাত্ৰা তুলি ধৰিছে।

হাতী বন্ধু

গোৱাত অনুষ্ঠিত ৫৩ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (IFFI) ভাৰতীয় পেনোৰামা শাখাত কৃপাল কলিতাৰ তথ্যচিত্ৰ হাতী বন্ধু নিৰ্বাচিত হৈছিল। ৫১ মিনিটৰ চলচ্চিত্ৰখনত অসমত হাতী-মানুহৰ সংঘাত আৰু তেওঁলোকক একেলগে থকাত সহায় কৰাৰ বাবে কৰা প্ৰচেষ্টাৰ ছবি দাঙি ধৰা হৈছে। দুয়োৰে মাজত সংঘাত বন্ধ কৰি হাতীক বচাবলৈ আৰু কৃষকসকলৰ ধান খেতি সমৃদ্ধ কৰাত সহায় কৰিবলৈ হাতী বন্ধু নামৰ এক পৰিৱেশ বিষয়ক বেচৰকাৰী সংগঠনৰ প্ৰচেষ্টা ইয়াত প্ৰদৰ্শন কৰা হৈছে।

বিয়ণ্ড ব্লাষ্ট

বোমা বিস্ফোৰণৰ বলি হোৱা লোকৰ ওপৰত নিৰ্মিত এখন মণিপুৰী তথ্যচিত্ৰ বিয়ণ্ড ব্লাষ্ট গোৱাত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (IFFI) ভাৰতীয় পেনোৰামাৰ নন-ফিচাৰ চলচ্চিত্ৰ শাখাৰ বাবে নিৰ্বাচিত হৈছিল। সাংবাদিক আৰু চলচ্চিত্ৰ নিৰ্মাতা চাইখোম ৰতনে নিৰ্মাণ কৰা ছবিখন বোমা বিস্ফোৰণত দুয়োখন ভৰি হেৰুওৱা চিত্ৰশিল্পী কন্থৌজাম মাইকেল মেইটেইৰ জীৱনৰ ওপৰত আধাৰিত। চলচ্চিত্ৰখনে ফিল্মশ’ৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (FIFF)শ্ৰেষ্ঠ ভাৰতীয় তথ্যচিত্ৰৰ সন্মান লাভ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

June 13, 2026 9:08 pm
ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd