• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

ইলা কাকতি : পাহৰণিৰ গৰ্ভত হেৰাই যোৱা এগৰাকী মোহময়ী অভিনেত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2026 8:55 pm
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সত্তৰ-আশীৰ দশকত অসমীয়া চিনেমাক জনপ্ৰিয় কৰি তুলিছিল তেওঁ; যৌৱনৰ এক কম্পনাংকৰ নাম আছিল ইলা কাকতি। আজিৰ প্ৰজন্মৰ বাবে চিনাকী মুখ নহ’লেও ভালেকেইখন সফল অসমীয়া ছবিত অভিনয় কৰি অপৰিসীম জনপ্ৰিয়তা আৰু দৰ্শকৰ মৰম-আদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ইলা কাকতিয়ে।

১৯৫৩ চনত সত্ৰ নগৰীৰ মাজুলীৰ এটা সাংস্কৃতিক পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল ইলা কাকতিয়ে। তেওঁৰ পিতৃ চাৰু কাকতি আছিল এগৰাকী সাংস্কৃতিক কৰ্মী আৰু স্বাধীনতা সংগ্ৰামী। তেওঁৰ কাকদেউতাক ভোলা কাকতিও আছিল এগৰাকী সাংস্কৃতিক কৰ্মী। গড়মূৰৰ ঐতিহাসিক বংশীগোপাল নাট্য মন্দিৰৰ সভাপতি হিচাপে দীৰ্ঘ সময় কাৰ্যনিৰ্বাহ কৰিছিল ভোলা কাকতিয়ে। সেই সময়ত মাজুলীৰ বহু সত্ৰীয়া শিল্পীক প্ৰশিক্ষণ প্ৰদান কৰি দেশৰ বিভিন্ন ঠাইত অনুষ্ঠান কৰিবলৈ পঠাইছিল ভোলা কাকতি আৰু চাৰু কাকতিয়ে।  সত্ৰীয়া সংস্কৃতিৰ মাজত ডাঙৰ হোৱা ইলা কাকতি সৰুৰে পৰাই সত্ৰীয়া নৃত্যত পাৰ্গত আছিল। ইলা কাকতিৰ সত্ৰীয়া নৃত্যৰ প্ৰতিভা দেখি ককাক ভোলা কাকতিৰ বন্ধু অৰ্থাৎ ভূপেন হাজৰিকাই ইলা কাকতিক ‘চিকমিক বিজুলী’ নামৰ ছবিখনত অভিনয় কৰাৰ প্ৰস্তাৱ দিছিল।

Apply Now

ষাঠিৰ দশকত যোৰহাটত আাব্দুল মজিদৰ ৰচনা আৰু পৰিকল্পনাৰে  মিলিত শিল্পী সমাজৰ উদ্যোগত মঞ্চস্থ হৈছিল সম্পূৰ্ণ মহাভাৰত।  সেই নাটকত উৰ্বশীৰ চৰিত্ৰত দুৰ্দান্ত অভিনয়েৰে খলকনি তুলিছিল ইলা কাকতিয়ে। সেই নাটকত শ্ৰীকৃষ্ণৰ চৰিত্ৰত অভিনয় কৰিছিল অভিনেতা প্ৰশান্ত হাজৰিকাই। তাতেই প্ৰশান্ত হাজৰিকাক লগ পাই প্ৰেমৰ সম্পৰ্কলৈ আহিছিল ইলা কাকতি। পৰৱৰ্তী সময়তো দুয়ো আৱদ্ধ হৈছিল বিবাহপাশত। তেওঁলোকৰ পুত্ৰ সন্তানো বৰ্তমান অভিনয় আৰু চিনেমা জগতৰ লগত জড়িত।

 

ইলা কাকতিৰ প্ৰথম ছবি ‘চিকমিক বিজুলী’-এ মুক্তি লাভ কৰিছিল ১৯৬৯ চনত। ইয়াৰ পিছত ১৯৭১ চনত মুক্তি লাভ কৰে দ্বিবন বৰুৱাৰ ‘যোগ-বিয়োগ’। এই ছবিতেই প্ৰথমবাৰৰ বাবে মুখ্য নায়িকাৰ ছবিত অভিনয় কৰিছিল ইলা কাকতিয়ে।

ইয়াৰ পিছত  ভাইটি, সোণতৰা, বনৰীয়া ফুল, ৰশ্মিৰেখা, পৰিণাম, বৃষ্টি, সোণৰ হৰিণ, অভিযান, ৰাজা হৰিচন্দ্ৰ, ধৰ্মকাই  আদি সফল ছবিত অভিনয় কৰি দৰ্শকৰ মাজত সাংঘাটিক জনপ্ৰিয় হৈ পৰে ইলা কাকতি। তাতোকৈ ১৯৮০ চনত মুক্তি লাভ কৰা এন চি প্ৰডাকচনৰ বেনাৰত এন চি দত্ত প্ৰযোজিত আৰু নিপ বৰুৱা পৰিচালিত ছবি ‘আজলী নবৌ’ ছবিখন আছিল ইলা কাকতিৰ জীৱনৰ মাইলৰ খুঁটি।

উল্লেখ্য যে ‘আজলী নবৌ’ আছিল প্ৰথম অসমীয়া ইষ্টমেন কালাৰৰ ছবি। বঙালী সাহিত্যিক প্ৰভাৱতী দেৱী সৰস্বতীৰ ‘বিজিতা’ নামৰ উপন্যাস এখনৰ আধাৰত নিৰ্মাণ কৰা বঙালী ছবি ‘ভাঙাগড়া’ৰ ৰিমেক হিচাপে নিৰ্মাণ কৰা হৈছিল এই ছবিখন।

১৯৮০ চনত পৰিচালক দ্বিবন বৰুৱাই পৰিচালনা কৰা “ৰাজা হৰিচন্দ্ৰ” ছবিখনৰ শিৰোনাম চৰিত্ৰ ‘হৰিচন্দ্ৰ’ চৰিত্ৰত অভিনয় কৰিছিল ইলা কাকতিৰ স্বামী প্ৰশান্ত হাজৰিকাই। সেই ছবিতেই হৰিচন্দ্ৰৰ পত্নী শৈৱ্যৰ চৰিত্ৰ ৰূপায়ন কৰিছিল ইলা কাকতিয়ে।

ইয়াৰ পিছত প্ৰশান্ত হাজৰিকা আৰু ইলা কাকতিয়ে ৰতন লহকৰে আৰম্ভ কৰা কহিনুৰ থিয়েটাৰত একেলগে ৯ মাহ অভিনয় কৰি দৰ্শকৰ প্ৰসংশা বুটলিবলৈ সক্ষম হয়। ৰূপালী পৰ্দাত জনপ্ৰিয় হৈ ভ্ৰাম্যমান থিয়েটাৰত অভিনয় কৰি দৰ্শকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা এইহালেই আছিল অসমৰ প্ৰথম দম্পতী। ইয়াৰ পিছত আৰাধনা থিয়েটাৰতো অভিনয় কৰে ইলা কাকতিয়ে।

ইয়াৰ পিছত প্ৰশান্ত হাজৰিকাই আৰম্ভ কৰা হেঙুল থিয়েটাৰতো অভিনয় কৰে এই দম্পতীহালে। হেঙুল থিয়েটাৰত আজলী নবৌ ছবিখনক নাট্যৰূপ দিয়া হয়। ৰূপালী পৰ্দাৰ পৰা মঞ্চলৈ নামি আহে ‘আজলী নবৌ’। কিন্তু ১৯৯৯ চনত স্বামী প্ৰশান্ত হাজৰিকাৰ অকাল মৃত্যুৰ পিছত ইলা কাকতিয়ে হেঙু্ল থিয়েটাৰৰ প্ৰযোজনাৰ দায়িত্ব গ্ৰহণ কৰে। ইলা কাকতিৰ মৃত্যুৰ পিছত এতিয়াও তেওঁলোকৰ পুত্ৰ সংকল্পজিৎ হাজৰিকাই ধৰি ৰাখিছে হেঙুল থিয়েটাৰৰ বাঘজৰী।

২০০১ চনত ‘আই লাভ ইউ’ ছবিত অভিনয় কৰাৰ পিছত অভিনয় জগতক বিদায় দিবলগা হয় ইলা কাকতিয়ে। দুৰাৰোগ্য ৰোগে কাবু কৰি পেলায় দুৰ্দান্ত তথা মোহময়ী অভিনেত্ৰীগৰাকীক। অৱশেষত অসমীয়া সাংস্কৃতিক জগতত অপূৰণীয় ক্ষতি এৰি ২০০৩ চনত নেদেখা দেশলৈ গুচি যায় ইলা কাকতি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

October 18, 2026 5:13 pm
নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

October 18, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd