DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মেট্ৰিক পৰীক্ষাৰ ভুৱা প্ৰমাণ পত্ৰৰে মনোনয়ন দি নিৰ্বাচিত পঞ্চায়তৰ সভানেত্ৰী

মিণ্টু দাস by মিণ্টু দাস
January 5, 2019 7:15 am
838242cd-c410-40c3-924e-36892a42ab1c-750x375

প্ৰতীকি ফটো

686
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী সকলৰ শিক্ষাগত অৰ্হতা বাধ্যতামূলক কৰি দিয়াৰ পিছত নগাঁও জিলাৰ এখন গাঁও পঞ্চায়তৰ সভানেত্ৰী পদৰ কংগ্ৰেছ দলৰ এগৰাকী বিজয়ী প্ৰাৰ্থীয়ে ভুৱা নথি পত্ৰৰে মনোনয়ন দাখিল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

ইতিমধ্যে সদ্য ঘোষিত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ এই প্ৰাৰ্থী গৰাকী বিজয়ী হোৱাৰ পিছতে এই অভিযোগ উত্থাপন কৰে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে। ভুৱা নথি পত্ৰৰে নিৰ্বাচিত  কংগ্ৰেছ প্ৰাৰ্থী গৰাকী হ’ল ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত ৫১ নং সোণাইবেৰা শিমলুআটি গাঁও পঞ্চায়তৰ সভানেত্ৰী আঞ্জুৱাৰা আহমেদ।

ইতিমধ্যে বিজয়ী কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীৰ এই জালিয়াতি প্ৰসংগত পঞ্চায়তটোৰ নিৰ্দলীয় প্ৰাৰ্থী নাজমা আহমেদে নগাঁও সদৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ৪২৮৮/১৮ নম্বৰত এটা গোচৰ ৰুজু হৈছে।

এজাহাৰখনত পঞ্চায়তটোৰ বিজয়ী কংগ্ৰেছ প্ৰাৰ্থী আঞ্জুৱাৰা আহমেদে নিৰ্বাচনৰ বাবে ১৫ নৱেম্বৰত দাখিল কৰা মনোনয়ন পত্ৰৰ লগত শিক্ষাগত অৰ্হতাৰ এক জাল প্ৰমাণ পত্ৰ দিয়া বুলি উল্লেখ আছে। নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে নগাঁও জিলা প্ৰশাসনৰ লগতে অসম ৰাজ্যিক নিৰ্বাচন আয়ুক্তলৈও অভিযোগ সম্বলিত পত্ৰ প্ৰেৰণ কৰিছে।

কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে মৰিগাঁও দুৰাবান্ধি হাইস্কুলৰ পৰা প্ৰাইভেট পৰীক্ষাৰ্থী হিচাপে ২০১০ চনত ৩য় বিভাগত উত্তীৰ্ণ হোৱা প্ৰমাণ পত্ৰ মনোনয়ন পত্ৰৰ লগত দাখিল কৰিছিল।

নিৰ্দলীয় প্ৰাৰ্থী নাজমা আহমেদে নগাঁও জিলা উপায়ুক্তক প্ৰদান কৰা অভিযোগ পত্ৰখনত উল্লেখ থকা মতে কংগ্ৰেছ দলৰ হৈ গাঁও পঞ্চায়তৰ বিজয়ী সভানেত্ৰীগৰাকীয়ে যিখন বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি তথ্য দাখিল কৰিছে সেই বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীৰ মতে আঞ্জুৱাৰা আহমেদ নামৰ কোনো পৰীক্ষাৰ্থীৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ তথ্য বিদ্যালয়খনত নাই।

বিজয়ী প্ৰাৰ্থী আহমেদে বেছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা পৰীক্ষাকেন্দ্ৰত ৰোল বি ১০-৫৭৯, নং-৩০৬৫ ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীণ হোৱা আৰু উত্তীর্ণ হোৱা বুলি মনোনয়ন পত্ৰৰ লগত দাখিল কৰা তথ্যত উল্লেখ কৰিছিল। কিন্তু মাধ্যমিক শিক্ষা পৰিষদৰ পৰা লাভ কৰা তথ্যমতে উক্ত ৰোল নম্বৰৰ বিপৰীতে ৰচিদুল হক নামৰ এজন পৰীক্ষাৰ্থীহে হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় বিভাগত উত্তীৰ্ণ হৈছিল। ইতিমধ্যে মাধ্যমিক শিক্ষা পৰিষদে এই সম্পৰ্কত নগাঁও আৰক্ষীক স্পষ্টভাবে অৱগত কৰিছে।

আনহাতে, শুকুৰবাৰে এই সমগ্ৰ বিষয়টোৰ প্ৰসংগত নগাঁৱত ধিং বিধানসভা সমষ্টিৰ বিধায়ক আমিনুল ইছলামে সংবাদ মাধ্যমৰ আগত কয় যে কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থীগৰাকীৰ জালিয়াতি পোহৰলৈ আহিছে। গতিকে আমি নগাঁও জিলাৰ উপায়ুক্তক আহ্বান জনাইছো যে প্ৰাৰ্থী গৰাকীৰ পঞ্চায়ত নিৰ্বাচনত বিজয়ী হোৱা বুলি প্ৰদান কৰা প্ৰমাণ পত্ৰ জব্দ কৰিব লাগে। শপত গ্ৰহণৰ পূৰ্বে তেওঁৰ বিষয়টো উপযুক্ত তদন্তৰে উচিত শাস্তি প্ৰদান কৰিব লাগে যাতে পঞ্চায়তীৰাজ ব্যৱস্থাটো দুৰ্নীতি মুক্ত হয়।

Recent News

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd