• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেট্ৰিক পৰীক্ষাৰ ভুৱা প্ৰমাণ পত্ৰৰে মনোনয়ন দি নিৰ্বাচিত পঞ্চায়তৰ সভানেত্ৰী

মিণ্টু দাস by মিণ্টু দাস
January 5, 2019 7:15 am
838242cd-c410-40c3-924e-36892a42ab1c-750x375

প্ৰতীকি ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী সকলৰ শিক্ষাগত অৰ্হতা বাধ্যতামূলক কৰি দিয়াৰ পিছত নগাঁও জিলাৰ এখন গাঁও পঞ্চায়তৰ সভানেত্ৰী পদৰ কংগ্ৰেছ দলৰ এগৰাকী বিজয়ী প্ৰাৰ্থীয়ে ভুৱা নথি পত্ৰৰে মনোনয়ন দাখিল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

ইতিমধ্যে সদ্য ঘোষিত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ এই প্ৰাৰ্থী গৰাকী বিজয়ী হোৱাৰ পিছতে এই অভিযোগ উত্থাপন কৰে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে। ভুৱা নথি পত্ৰৰে নিৰ্বাচিত  কংগ্ৰেছ প্ৰাৰ্থী গৰাকী হ’ল ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত ৫১ নং সোণাইবেৰা শিমলুআটি গাঁও পঞ্চায়তৰ সভানেত্ৰী আঞ্জুৱাৰা আহমেদ।

Apply Now

ইতিমধ্যে বিজয়ী কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীৰ এই জালিয়াতি প্ৰসংগত পঞ্চায়তটোৰ নিৰ্দলীয় প্ৰাৰ্থী নাজমা আহমেদে নগাঁও সদৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ৪২৮৮/১৮ নম্বৰত এটা গোচৰ ৰুজু হৈছে।

এজাহাৰখনত পঞ্চায়তটোৰ বিজয়ী কংগ্ৰেছ প্ৰাৰ্থী আঞ্জুৱাৰা আহমেদে নিৰ্বাচনৰ বাবে ১৫ নৱেম্বৰত দাখিল কৰা মনোনয়ন পত্ৰৰ লগত শিক্ষাগত অৰ্হতাৰ এক জাল প্ৰমাণ পত্ৰ দিয়া বুলি উল্লেখ আছে। নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে নগাঁও জিলা প্ৰশাসনৰ লগতে অসম ৰাজ্যিক নিৰ্বাচন আয়ুক্তলৈও অভিযোগ সম্বলিত পত্ৰ প্ৰেৰণ কৰিছে।

কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে মৰিগাঁও দুৰাবান্ধি হাইস্কুলৰ পৰা প্ৰাইভেট পৰীক্ষাৰ্থী হিচাপে ২০১০ চনত ৩য় বিভাগত উত্তীৰ্ণ হোৱা প্ৰমাণ পত্ৰ মনোনয়ন পত্ৰৰ লগত দাখিল কৰিছিল।

নিৰ্দলীয় প্ৰাৰ্থী নাজমা আহমেদে নগাঁও জিলা উপায়ুক্তক প্ৰদান কৰা অভিযোগ পত্ৰখনত উল্লেখ থকা মতে কংগ্ৰেছ দলৰ হৈ গাঁও পঞ্চায়তৰ বিজয়ী সভানেত্ৰীগৰাকীয়ে যিখন বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি তথ্য দাখিল কৰিছে সেই বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীৰ মতে আঞ্জুৱাৰা আহমেদ নামৰ কোনো পৰীক্ষাৰ্থীৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ তথ্য বিদ্যালয়খনত নাই।

বিজয়ী প্ৰাৰ্থী আহমেদে বেছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা পৰীক্ষাকেন্দ্ৰত ৰোল বি ১০-৫৭৯, নং-৩০৬৫ ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীণ হোৱা আৰু উত্তীর্ণ হোৱা বুলি মনোনয়ন পত্ৰৰ লগত দাখিল কৰা তথ্যত উল্লেখ কৰিছিল। কিন্তু মাধ্যমিক শিক্ষা পৰিষদৰ পৰা লাভ কৰা তথ্যমতে উক্ত ৰোল নম্বৰৰ বিপৰীতে ৰচিদুল হক নামৰ এজন পৰীক্ষাৰ্থীহে হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় বিভাগত উত্তীৰ্ণ হৈছিল। ইতিমধ্যে মাধ্যমিক শিক্ষা পৰিষদে এই সম্পৰ্কত নগাঁও আৰক্ষীক স্পষ্টভাবে অৱগত কৰিছে।

আনহাতে, শুকুৰবাৰে এই সমগ্ৰ বিষয়টোৰ প্ৰসংগত নগাঁৱত ধিং বিধানসভা সমষ্টিৰ বিধায়ক আমিনুল ইছলামে সংবাদ মাধ্যমৰ আগত কয় যে কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থীগৰাকীৰ জালিয়াতি পোহৰলৈ আহিছে। গতিকে আমি নগাঁও জিলাৰ উপায়ুক্তক আহ্বান জনাইছো যে প্ৰাৰ্থী গৰাকীৰ পঞ্চায়ত নিৰ্বাচনত বিজয়ী হোৱা বুলি প্ৰদান কৰা প্ৰমাণ পত্ৰ জব্দ কৰিব লাগে। শপত গ্ৰহণৰ পূৰ্বে তেওঁৰ বিষয়টো উপযুক্ত তদন্তৰে উচিত শাস্তি প্ৰদান কৰিব লাগে যাতে পঞ্চায়তীৰাজ ব্যৱস্থাটো দুৰ্নীতি মুক্ত হয়।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd