• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোকসভা নিৰ্বাচনৰ দিন ঘোষণা: অসমত ১১, ১৮ আৰু ২৩ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 10, 2019 5:54 pm
ECI

লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰি নতুন দিল্লীৰ বিজ্ঞান ভৱনত নিৰ্বাচন আয়োগৰ সংবাদমেল।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ নিৰ্বাচন আয়োগে দেওবাৰে বিয়লি ৫বজাত এক সংবামেলযোগে আগন্তুক লোকসভা নিৰ্বাচনৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰে। দিল্লীৰ বিজ্ঞান ভৱনত  আয়োজন কৰা সংবাদমেলত মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰে।

মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে ঘোষণা কৰা অনুসৰি দেশত ৭টা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভাৰ নিৰ্বাচন। অহা ১১ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। সেইদৰে, ১৮ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ, ২৩ এপ্ৰিলত তৃতীয় পৰ্যায়ৰ, ২৯ এপ্ৰিলত চতুৰ্থ পৰ্যায়ৰ, ৬ মে’ত পঞ্চম পৰ্যায়ৰ, ১২ মে’ত ষষ্ঠ পৰ্যায়ৰ আৰু ১৯ মে’ত সপ্তম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে অহা ২৩ মে’ত নিৰ্বাচনৰ ভোটগণনা তথা ফলাফল ঘোষণা কৰা হ’ব।

Apply Now

অসমত নিৰ্বাচনৰ ভোটগ্ৰহণ অহা  ১১, ১৮ আৰু ২৩ এপ্ৰিলত তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত অসমত ৫টা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। সেইদৰে দ্বিতীয় পৰ্যায়ত ৫টা আৰু তৃতীয় পৰ্যায়ত বাকী ৪টা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। অসমত বিহুৰ আগতে এটা আৰু বাকী দুটা পৰ্যায়ৰ ভোটগ্ৰহণ বিহুৰ পাছত অনুষ্ঠিত হ’ব।

নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতেই নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ পৰিল। মুখ্য নিৰ্বাচনী আয়ুক্ত গৰাকীয়ে লগতে নিৰ্বাচন আচৰণ বিধি ভংগ কৰিলে কঠোৰ ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব বুলিও সকীয়াই দিয়ে। আনহাতে, পান নম্বৰ আৰু এফিডেফিট নিদিলে প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হ’ব।

আনহাতে, প্ৰাৰ্থীয়ে অপৰাধৰ সকলো তথ্য দাখিল কৰিব লাগিব।ছচিয়েল মিডিয়াত প্ৰাৰ্থীয়ে সকলো তথ্য আপডেট কৰিব লাগিব। ছচিয়েল মিডিয়াৰ আপডেট নিৰ্বাচনী আচৰণ বিধিৰ আওতাত পৰিব।

দেশত মুঠ ৯০ কোটি ভোটাৰে ভোটাধিকাৰ সাৱ্যস্ত কৰাৰ কথা উল্লেখ কৰি এইবাৰ ৮.৫ নিযুত ভোটাৰ বৃদ্ধিৰ পোৱাৰ কথাও আজি সদৰী কৰে মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে। তেওঁ লগতে দেশত মুঠ ১.৬০ কোটি চাকৰিয়াল ভোটাৰ থকাৰ কথাও উল্লেখ কৰে।

আনহাতে,দেশত মুঠ ১.৫০ কোটি ১৮ৰ পৰা ২১ বছৰৰ ভিতৰৰ যুৱ ভোটাৰে ভোটদান কৰিবলগীয়া এইবাৰ নিৰ্বাচনত সকলো ভোটকেন্দ্ৰতে ইভিএম থাকিব আৰু ইভিএমত ‘নোটা’ৰ বুটাম থাকিব। ইভিএমত লগতে প্ৰতিজন প্ৰাৰ্থীৰে ফটোও থাকিব। তদুপৰি দেশত মুঠ ১০ লাখ ভোটকেন্দ্ৰত ভোটগ্ৰহণ কৰা হ’ব। তদুপৰি, সকলো ভোটকেন্দ্ৰতে ভিভিপিএট ব্যৱহাৰ কৰা হ’ব।

উল্লেখযোগ্য যে ভাৰতৰ নিৰ্বাচন আয়োগে শনিবাৰে দেশৰ ৰাজনৈতিক দলসমূহক তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰত সেনা বাহিনীৰ প্ৰসংগ উত্থাপনৰ পৰা আঁতৰি থকাৰ বাবে আহ্বান জনাইছে।

আয়োগে লগতে নতুনকৈ প্ৰৱৰ্তন কৰা নিয়ম অনুসৰি প্ৰাৰ্থীসকলে তেওঁলোকৰ দেশৰ উপৰি দেশৰ বাহিৰত থকা সম্পত্তিৰো বিশদ তথ্য দাঙি ধৰিব লাগিব।

বৰ্তমান ১৬ সংখ্যক লোকসভাৰ কাৰ্যকাল অহা ৩জুনত অন্ত পৰিব।

জানিব পৰা মতে, দেশৰ ৩৯ টা ৰাজনৈতিক দলক ইতিমধ্যে দলীয় প্ৰতীক চিহ্ন প্ৰদান কৰা হৈছে।

আনহাতে, নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ লগতে অন্ধ্ৰ প্ৰদেশ, উৰিষ্যা, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনৰো দিন ঘোষণা কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd