• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লোকসভা নিৰ্বাচনৰ দিন ঘোষণা: অসমত ১১, ১৮ আৰু ২৩ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 10, 2019 6:13 pm

3 min read

ECI

লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰি নতুন দিল্লীৰ বিজ্ঞান ভৱনত নিৰ্বাচন আয়োগৰ সংবাদমেল।

347
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ নিৰ্বাচন আয়োগে দেওবাৰে বিয়লি ৫বজাত এক সংবামেলযোগে আগন্তুক লোকসভা নিৰ্বাচনৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰে। দিল্লীৰ বিজ্ঞান ভৱনত  আয়োজন কৰা সংবাদমেলত মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰে।

মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে ঘোষণা কৰা অনুসৰি দেশত ৭টা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভাৰ নিৰ্বাচন। অহা ১১ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। সেইদৰে, ১৮ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ, ২৩ এপ্ৰিলত তৃতীয় পৰ্যায়ৰ, ২৯ এপ্ৰিলত চতুৰ্থ পৰ্যায়ৰ, ৬ মে’ত পঞ্চম পৰ্যায়ৰ, ১২ মে’ত ষষ্ঠ পৰ্যায়ৰ আৰু ১৯ মে’ত সপ্তম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে অহা ২৩ মে’ত নিৰ্বাচনৰ ভোটগণনা তথা ফলাফল ঘোষণা কৰা হ’ব।

অসমত নিৰ্বাচনৰ ভোটগ্ৰহণ অহা  ১১, ১৮ আৰু ২৩ এপ্ৰিলত তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত অসমত ৫টা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। সেইদৰে দ্বিতীয় পৰ্যায়ত ৫টা আৰু তৃতীয় পৰ্যায়ত বাকী ৪টা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। অসমত বিহুৰ আগতে এটা আৰু বাকী দুটা পৰ্যায়ৰ ভোটগ্ৰহণ বিহুৰ পাছত অনুষ্ঠিত হ’ব।

নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতেই নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ পৰিল। মুখ্য নিৰ্বাচনী আয়ুক্ত গৰাকীয়ে লগতে নিৰ্বাচন আচৰণ বিধি ভংগ কৰিলে কঠোৰ ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব বুলিও সকীয়াই দিয়ে। আনহাতে, পান নম্বৰ আৰু এফিডেফিট নিদিলে প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হ’ব।

আনহাতে, প্ৰাৰ্থীয়ে অপৰাধৰ সকলো তথ্য দাখিল কৰিব লাগিব।ছচিয়েল মিডিয়াত প্ৰাৰ্থীয়ে সকলো তথ্য আপডেট কৰিব লাগিব। ছচিয়েল মিডিয়াৰ আপডেট নিৰ্বাচনী আচৰণ বিধিৰ আওতাত পৰিব।

দেশত মুঠ ৯০ কোটি ভোটাৰে ভোটাধিকাৰ সাৱ্যস্ত কৰাৰ কথা উল্লেখ কৰি এইবাৰ ৮.৫ নিযুত ভোটাৰ বৃদ্ধিৰ পোৱাৰ কথাও আজি সদৰী কৰে মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে। তেওঁ লগতে দেশত মুঠ ১.৬০ কোটি চাকৰিয়াল ভোটাৰ থকাৰ কথাও উল্লেখ কৰে।

আনহাতে,দেশত মুঠ ১.৫০ কোটি ১৮ৰ পৰা ২১ বছৰৰ ভিতৰৰ যুৱ ভোটাৰে ভোটদান কৰিবলগীয়া এইবাৰ নিৰ্বাচনত সকলো ভোটকেন্দ্ৰতে ইভিএম থাকিব আৰু ইভিএমত ‘নোটা’ৰ বুটাম থাকিব। ইভিএমত লগতে প্ৰতিজন প্ৰাৰ্থীৰে ফটোও থাকিব। তদুপৰি দেশত মুঠ ১০ লাখ ভোটকেন্দ্ৰত ভোটগ্ৰহণ কৰা হ’ব। তদুপৰি, সকলো ভোটকেন্দ্ৰতে ভিভিপিএট ব্যৱহাৰ কৰা হ’ব।

উল্লেখযোগ্য যে ভাৰতৰ নিৰ্বাচন আয়োগে শনিবাৰে দেশৰ ৰাজনৈতিক দলসমূহক তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰত সেনা বাহিনীৰ প্ৰসংগ উত্থাপনৰ পৰা আঁতৰি থকাৰ বাবে আহ্বান জনাইছে।

আয়োগে লগতে নতুনকৈ প্ৰৱৰ্তন কৰা নিয়ম অনুসৰি প্ৰাৰ্থীসকলে তেওঁলোকৰ দেশৰ উপৰি দেশৰ বাহিৰত থকা সম্পত্তিৰো বিশদ তথ্য দাঙি ধৰিব লাগিব।

বৰ্তমান ১৬ সংখ্যক লোকসভাৰ কাৰ্যকাল অহা ৩জুনত অন্ত পৰিব।

জানিব পৰা মতে, দেশৰ ৩৯ টা ৰাজনৈতিক দলক ইতিমধ্যে দলীয় প্ৰতীক চিহ্ন প্ৰদান কৰা হৈছে।

আনহাতে, নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ লগতে অন্ধ্ৰ প্ৰদেশ, উৰিষ্যা, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনৰো দিন ঘোষণা কৰে।

Recent News

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

Calcutta-High-Court-Taxscan

মৃত ব্যক্তিৰ বীৰ্যৰ অধিকাৰ সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

Paresh-Baruah-1-750x375

প্ৰধান মন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈৰ সেনা শিবিৰত আলফা(স্বা)ৰ বোমা বিস্ফোৰণ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd